Logo
image

অম্লান দেশৰ দ্ৰুততম মানৱ

আমাৰ অসম, ২ অক্টোবৰঃ জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰতিদ্বন্দ্বিতা কৰিয়েই অসমৰ অম্লান বৰগোহাঁই দেশৰ দ্ৰুততম মানৱত পৰিগণিত হ’ল আৰু দেশে বিদেশে সফলতা প্ৰদৰ্শন কৰা অসমৰ হিমা দাস জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াত চূড়ান্তভাৱে ব্যৰ্থ হ’ল৷ দেশৰ এথলেটিকছ ক্ষেত্ৰৰ নৱতম চাঞ্চল্য অম্লান বৰগোহাঁয়ে তেওঁৰ সুনাম আৰু সামৰ্থ পূৰ্ণৰূপত প্ৰতিফলিত কৰিবলৈ সক্ষম হ’ল গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত৷ গান্ধীনগৰৰ আই আই টি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত পুৰুষৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত প্ৰত্যাশিতভাৱে স্বৰ্ণ পদক অৰ্জন কৰিলে অসমৰ দুৰ্দান্ত স্প্ৰিণ্টাৰ অম্লানে৷ তেওঁ ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিলে ১০.৩৮ চেকেণ্ডত৷ ইয়াৰ পূৰ্বে দেশৰ কোনো দৌৰবিদে অম্লানে স্পৰ্শ কৰা সময়সীমাৰ ভিতৰত ১০০  মিটাৰ দৌৰ সম্পূৰ্ণ কৰিব পৰা নাছিল৷ যিদৰে এথলেটিকছত সকলো খেলৰ মাতৃ বুলি কোৱা হয় ঠিক সেইদৰে ১০০  মিটাৰ দৌৰক এথলেটিকছৰ সবাটোকৈ গ্লেমাৰপূৰ্ণ ইভেণ্ট হিচাপে  স্বীকৃতি দিয়া হয় আৰু তেনেদৰেই ১০০ মিটাৰৰ চেম্পিয়নক দ্ৰুতবেগী মানৱ হিচাপে গন্য কৰা হয়৷ অম্লান  বৰগোহাঁয়ে ইয়াৰ পূৰ্বে ফেডাৰেশ্বন কাপত দেশৰ পূৰ্বৰ ১০০ মিটাৰৰ অভিলেখ ভংগ কৰি  ১০.২৫ চেকেণ্ডেৰে  ৰাষ্ট্ৰীয় অভিলেখ নিজৰ দখললৈ আনিছিল৷ সেয়ে শনিবাৰৰ তেওঁৰ স্বৰ্ণপদক আছিল অতিশয় প্ৰত্যাশিত৷ কিয়নো এই মুহূৰ্তত দেশৰ ভিতৰত ১০০ মিটাৰ দৌৰত অম্লানৰ কোনো প্ৰতিদ্বন্দ্বী নাই৷ আজিৰ প্ৰদৰ্শনেৰে অম্লানে সেই কথা পুনৰ প্ৰমাণ কৰিলে৷ 

ইপিনে, ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমা দাসেও আজি কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ১০০ মিটাৰৰ ফাইনেলত ভাগ লৈছিল৷ জুনিয়ৰ বিশ্ব এথলেটিকছৰ ৪০০ মিটাৰৰ বিশ্ব চেম্পিয়ন আৰু জাৰ্কাটা এছিয়ান গেমছৰ একাধিক পদক বিজয়ী হিমা দাসৰ পৰাও ৰাজ্যই ৰাষ্ট্ৰীয় ক্ৰীড়াত  পদক আশা কৰিছিল৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সফল এথলীট হিমা দাসে পিছে সকলোকে নিৰাশ কৰি ১০০  মিটাৰ ফাইনেলত সপ্তম স্থানলৈ অৱনমিত হ’ল৷ কমনৱেলথ গেমছত ব্যৰ্থ হোৱাৰ সময়ত হিমা দাসৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিছিল৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় এথলীট হিমা দাস যে ৰাষ্ট্ৰীয় ক্ৰীড়াটো ব্যৰ্থ হ’ব আৰু সপ্তম স্থানলৈ নামি যাব সেয়া ৰাজ্যবাসীয়ে কল্পনাই কৰিব পৰা নাছিল৷ নাম-যশ-ধন সকলো গোটোৱা হিমা দাসে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মহিলাৰ ১০০ মিটাৰ দৌৰত সপ্তম স্থানলৈ নামি গৈ স্বাভাৱিকতে ৰাজ্যবাসীক লজ্জানত কৰিছে৷ প্ৰতিযোগিতালৈ এসপ্তাহতকৈ কম সময় থকা অৱস্থাত হিমা দাসে নগাঁৱলৈ গৈ এখন বিলাসী হোটেল উদ্বোধন কৰিছিল৷ যিসময়ত তেওঁৰ মন ট্ৰেকত থাকিব লাগিছিল সেই সময়ত হিমা দাস দৌৰি আছিল গ্লেমাৰৰ পাছত৷ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সৈতে কান্ধত ধৰাধৰিকৈ তোলা ফটোৰে মাথোঁ কেইদিনমান পূৰ্বে ৰাজ্যবাসীক সম্ভাষন জনোৱা হিমাৰ ট্ৰেকৰ দৌৰ গ্লেমাৰৰ দৌৰতকৈ পিছ পৰি যোৱাটো বিশেষ অস্বাভাৱিক নহয় বুলি ক্ৰীড়াক্ষেত্ৰৰ সৈতে সম্পৰ্ক ৰখা অনুৰাগীয়ে মন্তব্য কৰিছে৷ প্ৰশ্ন উঠিছে, পেৰিছ অলিম্পিকৰ সপোন  দেখুওৱা হিমা দাস আৰু এনেকৈ কিমান পিছলৈ দৌৰিব?