Logo
image

১০০ মিটাৰ বাটাৰফ্লাইত অসমৰ আস্থাৰ অভিলেখ

আমাৰ অসম, ৩ অক্টোবৰঃ জীৱনৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাগ লৈ অম্লান বৰগোহাঁয়ে দেশৰ দ্ৰুততম মানৱত পৰিণত হোৱাৰ এদিন পাছত অসমৰ আন এগৰাকী খেলুৱৈ অধিকাৰী হ’ল আন এক কৃতিত্বৰ৷ গুজৰাটত চলি থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীডা.ত দেওবাৰে মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত  স্বৰ্ণপদক জয় কৰিছে আস্থা চৌধুৰীয়ে৷ ইভেণ্টটোত আস্থাই সময় লৈছিল ১মিনিট,০৩.৩৭ ছেকেণ্ড৷ এয়া হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াত  নতুন অভিলেখ৷ উল্লেখ্য, চাৰি ঘণ্টা পূৰ্বে আস্থাই হিটছত ১ মিনিট, ০৩.৯১ ছেকেণ্ড সময় লৈ এঘাৰ বছৰ পূৰ্বে ঝাৰখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰিচা মিশ্ৰই গঢ়া ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিছিল৷ ফাইনেলত পুনৰ সেই  ৰেকৰ্ড ভংক কৰিছিল আস্থাই৷ ৰিচাই সময় লৈছিল ১ মিনিট, ০৪.৪১ মিনিট৷ উল্লেখ্য, মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাইৰ ৰাষ্ট্ৰীয় ৰেকৰ্ডো আছে অসম কন্যাগৰাকীৰ নামতেই৷ গুৱাহাটীত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰত এক মিনিট,০৩.০৭ ছেকেণ্ডেৰে সেই ৰেকৰ্ড গঢ়িছিল আস্থাই৷