Logo
image

বেটিং বিক্ৰম সত্ত্বেও বলিং দুৰ্বলতা প্ৰকট

১৬ ৰানত জয়ী ভাৰত, শৃংখলা জয়

আমাৰ অসম, ৩ অক্টোবৰঃ শীৰ্ষক্ৰমৰ বেটাৰৰ বিক্ৰমেৰে ৰানৰ বন্যাৰ সৃষ্টি কৰিলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেওবাৰৰ দ্বিতীয়খন টুৱেণ্টী২০ত ভাৰতীয় দলত অনুভূত হ’ল অভিজ্ঞ পেচ বলাৰ যশপ্ৰীত বুমৰাৰ অনুপস্থিতি৷ ২৩৮ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ইনিংছৰ দ্বিতীয় অভাৰতে দক্ষিণ আফ্ৰিকাই অধিনায়ক টেম্বা বাভুমা [০] আৰু ৰিলী ৰ’ছোৰ [০] উইকেট হেৰুওৱাৰ পাছত প্ৰথম টি-২০ৰ দৰেই ভাৰত অনায়াসে জয়ী হ’ব বু্‌লি ধাৰণা কৰা হৈছিল যদিও তাৰ পাছত ভাৰতীয় বলাৰৰ সন্মুখত প্ৰাচীৰ থিয় কৰাই দলটোক চাপত পেলাইছিল কুইণ্টন ডে কক আৰু ডেভিদ মিলাৰে৷ চতুৰ্থ উইকেটত তেওঁলোকে অপৰাজিত ১৭৪ ৰান যোগ দিলেও অৱশ্যে জয় সম্ভৱ নহ’ল দক্ষিণ আফ্ৰিকাৰ৷ ১৬ ৰানত জয়ী হৈ তিনিখন খেলৰ শৃংখলাটোত ২-০ ৰ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাৰ লগতে স্বদেশত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰ টুৱেণ্টী২০ শৃংখলা জয় কৰিলে টীম ইণ্ডিয়াই৷ মিলাৰ ৪৭টা বলত সাতটা ছিক্সাৰ, আঠটা বাউণ্ডেৰীৰে ১০৬ আৰু ডে কক ৪৮টা বলত চাৰিটা ছিক্সাৰ, তিনিটা বাউণ্ডেৰীৰে ৬৯ ৰানত অপৰাজিত থাকে৷ এএইডেন মাৰ্কৰামৰ বেটৰ পৰা আহে ৩৩ ৰান৷ ২০ অভাৰত দলটোৱে তিনিটা উইকেটত ২২১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ অৰ্শদীপ সিঙে ৬২ ৰানত দুটা আৰু অক্ষৰ পেটেলে এটা উইকেট লাভ কৰে৷

টছত জিকাৰ পাছত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই প্ৰত্যাশিতভাৱে ভাৰতক প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ জনাইছিল৷ অৱশ্যে দক্ষিণ আফ্ৰিকাই টছত জয়ী হোৱাৰ সুযোগ ল’ব নোৱাৰিলে৷ ইয়াৰ দায়িত্ব দলটোৰ আগশাৰীৰ বলাৰেই ল’ব লাগিব৷ দলটোৰ পেচ বলাৰ তিনিজন কেগিছো ৰাবাডা, ৱেইন পাৰ্নেল আৰু লুঙি এনগিডি ভাৰতীয় বেটাৰৰ সন্মুখত হৈ পৰিছিল দিশহাৰা৷ অ’পেনাৰদ্বয় লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মাই ৯.৫ অভাৰত প্ৰথম উইকেটত যোগ দিছিল ৯৬ ৰান৷ ‘মেন অৱ দ্য মেচ’ ৰাহুলে মাত্ৰ ২৮টা বলত চাৰিটা ছিক্সাৰ, পাঁচটা বাউণ্ডেৰীৰে ৫৭  আৰু ৰোহিতে ৩৭টা বলত এটা ছিক্সাৰ, সাতটা বাউণ্ডেৰীৰে ৪৩ ৰান সংগ্ৰহ কৰে৷ তাৰ পাছত বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱে তৃতীয় উইকেটত ১০২ ৰান যোগ দি ভাৰতক বিশাল স্ক’ৰৰ দিশত আগবঢ়াই নিয়ে৷ কোহলি ২৮টা বলত এটা ছিক্সাৰ, সাতটা বাউণ্ডেৰীৰে ৪৯ ৰানত অপৰাজিত থকাৰ বিপৰীতে সূৰ্যকুমাৰে মাত্ৰ ২২টা বলত পাঁচটা ছিক্সাৰ, পাঁচটা বাউণ্ডেৰীৰে ৬১ ৰান সংগ্ৰহ কৰে৷ কোহলিৰ লগতে ১৭ৰানত অপৰাজিত থাকে দীনেশ কাৰ্তিক৷ দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজে দুটা উইকেট লাভ কৰে৷