Logo
image

ঢাক-বাদ্যৰে নিনাদিত মণ্ডপ

আজি অষ্টমীঃ মণ্ডপে মণ্ডপে মুখ্যমন্ত্ৰীৰ পূজা দৰ্শন, গুৱাহাটীত সৰ্বানন্দও

আমাৰ অসম, ৩ অক্টোবৰঃ শাৰদীয় নৱৰাত্ৰীৰ আজি সপ্তম দিন৷ মহা সপ্তমীৰ এই দিনটোত দেৱী দুৰ্গাৰ কালৰাত্ৰী ৰূপৰ পূজা কৰা হয়৷ ৰক্তবীজৰ বধৰ সময়ত দেৱী দুৰ্গাই কালৰাত্ৰীৰ ৰূপ ধাৰণ কৰা বুলি বিশ্বাস আছে৷ পহিলা অক্টোবৰৰ সন্ধিয়া ৮ বাজি ৪৬ মিনিটৰ পৰা আৰম্ভ হয় মহা সপ্তমী তিথি৷ ২ অক্টোবৰ দেওবাৰে সন্ধিয়া ৬ বাজি ৪৭ মিনিটলৈ সপ্তমী তিথি৷ অৰ্থাৎ এই ক্ষণ পাৰ হোৱাৰ পাছতে আৰম্ভ হৈছে অষ্টমী তিথি৷ দেৱী দুৰ্গাৰ মহাসপ্তমীত আয়তীৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণত মুখৰিত হৈছে ৰাজ্যৰ পূজা মণ্ডপসমূহ৷ ঢাক-বাদ্যৰে  নিনাদিত হৈছে পূজা মণ্ডপসমূহ৷ কাইলৈ সোমবাৰে যথাৰীতি অনুসৰি অনুষ্ঠিত হ’ব মহাঅষ্টমী পূজা৷ অষ্টমী পূজাক লৈ ৰাজ্যৰ দুৰ্গাপূজা মন্দিৰসমূহত চলিছে ব্যাপক উছাহ৷ সমান্তৰালভাৱে চলিছে দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ অঘোষিত প্ৰতিযোগিতা৷ দুৰ্গা পূজাৰ অষ্টমী-নবমীত দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ঐতিহাসিক পূজা মণ্ডপত বলি দিয়া হ’ব ম’হ, ছাগলী, হাঁহ, কোমোৰা আদি৷ নলবাৰী জিলাৰ ঐতিহাসিক বিল্বেবশ্বৰ দেৱালয়ত নৱমী পূজাৰ দিনা ৭০টা ম’হ বলি দিয়া হ’ব৷ ইতিমধ্যে ম’হ বলিদান  পৰ্ব সুচাৰুৰূপে সম্পন্ন কৰিবলৈ  পূজা কমিটীয়ে লৈছে সকলো ধৰণৰ ব্যৱস্থা৷ একেদিনাই গুৱাহাটীৰ ঐতিহাসিক উগ্ৰতাৰা মন্দিৰত ১২টা ম’হ বলি দিয়া হ’ব৷ অষ্টমী পূজাৰ দিনা অৰ্থাৎ সোমবাৰে ঢকুৱাখনাৰ শ্ৰীশ্ৰী ঈশ্বৰীয় হাৰ্হি দেৱালয়ৰ পৰম্পৰাগত ৩০০ বছৰীয়া দুৰ্গাপূজাত ৩টা ম’হ বলি দিয়া হ’ব৷ আজাৰাৰ ৰাণীগেটৰ সমীপৰ পাটগাঁৱৰ  ঐতিহাসিক শ্ৰীশ্ৰী বুঢ়ী গোসাঁনী পুৰণা থানত দেৱী দুৰ্গাৰ নামত ৭টা ম’হ বলি দিয়া হ’ব৷ ৰাজ্যবাসী দুৰ্গাপূজাক লৈ ব্যস্ত হৈ থকাৰ সময়তে দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সপ্তমী পূজাৰ দিনটোত পূজা মণ্ডপে মণ্ডপে গৈ লৈছে দেৱী দুৰ্গাৰ আশীষ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সপ্তমী পূজাত পাণ্ডুৰ বিবিচি চিলড্ৰেন পাৰ্ক, ইনষ্টিটিউট কলনী, ষ্টেচন কলনী, পাণ্ডু কলনী, আমেৰিকান কলনী, কলেজ গেট, কালিবাৰী ৰেষ্টকেম্প আৰু বড়ো বাজাৰ দুৰ্গাপূজা মণ্ডপত আশীষ লয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সপ্তমী পুজাত গুৱাহাটীৰ ঢপলীয়া সাৰ্বজনীন দুৰ্গাপূজাত দেৱীৰ আশীষ লয়৷  উল্লেখ্য, এইবাৰ মা দুৰ্গাৰ গজত আগমন ঘটিছে আৰু নৌকাত গমন হ’ব৷ ক’ভিড পৰিস্থিতিৰ পাছত এইবাৰ নানা থিম লৈ সাজু হৈছে ৰাজ্যৰ পূজা কমিটীসমূহ৷ ক’ৰবাত যদি ৰাম মন্দিৰৰ আৰ্হি লোৱা হৈছে, আন ক’ৰবাত লোৱা হৈছে লালকিল্লাৰ আৰ্হি৷ আন ক’ৰবাত আকৌ প্ৰকৃতি সংৰক্ষণৰ সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে এইবাৰ যোৰহাট জিলাৰ ১৮৫খন মণ্ডপত হয় দেৱীৰ বন্দনা৷ ইয়াৰে ৬৬খন পূজা যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত৷ পূজা মণ্ডপ নিৰ্মাণত ব্যাপক তৎপৰতা অৱলম্বন কৰা হৈছে৷ অৱশ্যে ইয়াৰ মাজতে একাংশ পূজা সমিতি তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেনেদৰে সৰ্বসাধাৰণৰ মাজতো পূজাৰ বিশেষ উৎসাহ নাই৷ সাধাৰণতে দুৰ্গোৎসৱৰ প্ৰাক্‌ক্ষণত বস্ত্ৰ, ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী, ষ্টেচনেৰী, প্ৰসাধন আদিৰ ব্যৱসায়ীসকলে যথেষ্ট বিনিয়োগ কৰে৷ বিগত দুবছৰ ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ পূজাৰ বজাৰত পৰিছিল৷  ক’ভিড পৰিস্থিতিত বহুলোক কৰ্মহীন হোৱাৰ পাছত বিভিন্ন সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি, কৰ-কাটল বৃদ্ধি, নতুন নতুন কৰ আৰোপ আদিৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণে পূজাৰ বাবে বিশেষ উছাহ দেখুওৱাব পৰা নাই৷