Logo
image

দেৱী বিসৰ্জন, ৰাৱণ দাহেৰে পূজা শেষ

আমাৰ অসম, ৬ অক্টোবৰঃ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দেৱী দুৰ্গাক বুধবাৰে ৰাজ্যবাসীয়ে অশ্ৰুশিক্ত নয়নেৰে বিদায় দিয়ে৷ গজত আগমন হোৱা দেৱী দুৰ্গা বুধবাৰে নৌকাত গমন কৰে৷ হিন্দু ধৰ্মালম্বী লোকৰ বিশ্বাস অনুসৰি বিজয়া দশমীৰ দিনটোত ভগৱান শ্ৰীৰাম চন্দ্ৰই লংকাৰ অধিপতি ৰাৱনক বধ কৰি সীতা দেৱীক ৰক্ষা কৰিছিল৷ আজিৰ দিনটোতে দশমুৰীয়া ৰাৱনৰ পতন হোৱা বাবে এই দিনটোক দশেৰা বুলিও কোৱা হয়৷ অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদ্‌যাপন  কৰা হয় বিজয়া দশমী ৷ ৰাবনে সীতাক হৰণ কৰাৰ পাছত ৰাৱণ আৰু ভগৱান শ্ৰীৰামৰ মাজত দহ দিন ধৰি যুদ্ধ চলিছিল৷ শেষত আহিনৰ শুক্লা দশমীৰ দিনা মাতৃ দুৰ্গাৰ পৰা লাভ কৰা দিব্যাষ্ট্ৰৰ সহায়ত ভগৱান ৰামে অহংকাৰী ৰাৱণক বধ কৰে৷ ভগৱান ৰামে ৰাৱণৰ সৈতে যুদ্ধ কৰি জয়লাভ কৰিছিল, সেয়েহে এই দিনটোক বিজয়া দশমী বুলিও কোৱা হয়৷ অন্যায়ৰ ওপৰত ন্যায়ৰ বিজয় হিচাপে দেশৰ ভিন্ন প্ৰান্তত উদ্‌যাপন বিজয়া দশমীৰ দিনটোতে দেৱী মা দুৰ্গাই মহিষাসুৰকো বধ কৰিছিল৷ মহিষাসুৰ নামৰ এই অসুৰে ত্ৰিলোকত হুলস্থূলৰ সৃষ্টি কৰিছিল৷ আনকি যেতিয়া দেৱতাসকলে এই দানৱৰ দ্বাৰা অশান্তি পাইছিল৷ মহিষাসুৰৰ পৰা দেৱতা আৰু সমগ্ৰ বিশ্বক মুক্ত কৰাৰ উদ্দেশ্যে দেৱীয়ে আহিনৰ শুক্ল দশমীৰ দিনা মহিষাসুৰক বধ কৰে৷ দেৱীৰ বিজয়ত সন্তুষ্ট হৈ দেৱতাসকলে বিজয়া দেৱীক পূজা কৰিছিল৷ বিজয়া দশমীৰ দিনটোত দেৱীৰ মূৰ্তিও বিসৰ্জন দিয়া হয়৷ ইয়াৰ সমান্তৰালকৈ আজিৰ দিনটোত অস্ত্ৰ-শস্ত্ৰৰো পূজা কৰা হয়৷ ভাৰতীয় সেনায়ো এই বিশেষ দিনটোত অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰে৷ ক’ভিড পৰিস্থিতিৰ পাছত এইবাৰ নানা থিম লৈ সাজু হৈছিল ৰাজ্যৰ পূজা কমিটীসমূহ৷ ক’ৰবাত যদি ৰাম মন্দিৰৰ আৰ্হি লোৱা হৈছে, আন ক’ৰবাত লোৱা হৈছে লালকিল্লাৰ আৰ্হি৷ আন ক’ৰবাত আকৌ প্ৰকৃতি সংৰক্ষণৰ সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে এইবাৰ গুৱাহাটীৰ মহানগৰীত প্ৰায় ৪০০খন মণ্ডপত হয় দেৱীৰ বন্দনা৷ বিভিন্ন থিম, ব্যতিক্ৰমী কলা-কৌশললেৰে দৰ্শনাৰ্থীক আকৰ্ষণৰ চেষ্টা কৰে পূজা কমিটীসমূহে৷ যোৰহাট জিলাৰ ১৮৫খন মণ্ডপত হয় দেৱীৰ বন্দনা৷ ইয়াৰে ৬৬খন পূজা যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত৷ পূজাকলৈ ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে যদিও অৱশ্যে ইয়াৰ মাজতে একাংশ পূজা সমিতি তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ তেনেদৰে সৰ্বসাধাৰণৰ মাজতো পূজাৰ বিশেষ উৎসাহ নাই৷ সাধাৰণতে দুৰ্গোৎসৱৰ প্ৰাক্‌ক্ষণত বস্ত্ৰ, ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী, ষ্টেচনেৰী, প্ৰসাধন আদিৰ ব্যৱসায়ীসকলে যথেষ্ট বিনিয়োগ কৰে৷ বিগত দুবছৰ ক’ভিড পৰিস্থিতিৰ প্ৰভাৱ পূজাৰ বজাৰত পৰিছিল৷  ক’ভিড পৰিস্থিতিত বহুলোক কৰ্মহীন হোৱাৰ পাছত বিভিন্ন সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি, কৰ-কাটল বৃদ্ধি, নতুন নতুন কৰ আৰোপ আদিৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণে পূজাৰ বাবে বিশেষ উছাহ দেখুওৱাব পৰা নাই৷ বিগত দুটা বছৰ ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ দুৰ্গাপূজাত অভাৱনীয় ভিৰ হ’ব পাৰে ভবা হৈছিল৷ কিন্তু পূৰ্বৰ বছৰসমূহৰ তুলনাত এইবাৰ দুৰ্গা পূজাৰ অন্যান্য দিন, বিজয়া দশমীত দেখা নগ’ল  দৰ্শকৰ বিশেষ ভিৰ৷ বিশেষকৈ ষষ্ঠী, সপ্তমী আৰু অষ্টমী পূজাত অতি সেৰেঙা দেখা গ’ল পূজা মণ্ডপসমূহ৷ নৱমী আৰু বিজয় দশমীৰ দিনা কিছু লোক ওলাই আহিল দূৰ্গোৎসৱৰ আনন্দ উপভোগ কৰিবলৈ৷ দূৰ্গা পূজাৰ অষ্টমী নৱমীত দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বলি দিয়া হয় ম’হ, ছাগলী, হাঁহ, কোমোৰা আদি৷ নলবাৰী জিলাৰ ঐতিহাসিক বিল্বেবশ্বৰ দেৱালয়ত নৱমীৰ দিনা অৰ্থাৎ মঙলবাৰে ৭০টা ম’হ বলি দিয়া হয়৷ অৱশ্যে একাংশ ভক্তই দেৱালয়খনত বলি দিয়াৰ পৰিৱৰ্তে  ৬০টাৰো অধিক ম’হ দেৱীৰ নামত উচৰ্গা কৰি এৰি দিয়ে৷ এনে ভক্তৰ ভূমিকাক প্ৰশংসা কৰিছে বিভিন্ন ক্ষেত্ৰৰ লোকে৷ একেদিনাই গুৱাহাটীৰ ঐতিহাসিক উগ্ৰতাৰা মন্দিৰত বলি দিয়া হয় ১২টা ম’হ৷ সোমবাৰে অৰ্থাৎ অষ্টমীৰ দিনা ঢকুৱাখানাৰ শ্ৰীশ্ৰী ঈশ্বৰীয় বাৰ্হি দেৱালয়ত তিনিটা ম’হ, আজৰাৰ পাটগাঁৱতে বুঢ়ীগোসাঁনী পুৰণা বানত দেৱীৰ নামত বলি দিয়া হয় ৭টা ম’হ৷ বিজয়া দশমী উপলক্ষে বিভিন্ন অঞ্চলত বিশাল সমদল উলিয়াই দেৱী দুৰ্গাক বিসৰ্জন দিয়া হয়৷ বিজয়া দশমীৰ লগত সংগতি ৰাখি পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো টিহু, বৰমা আদি কেতবোৰ ঠাইত ৰাৱণ দাহ কৰা হয়৷ 

চূণচালি জয়পুৰ ঘাটত প্ৰায় ৩৯খন পূজাৰ প্ৰতিমা বিসৰ্জন

ষষ্ঠীৰ বেদিত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পাছত আজিৰ পৰা কাৰ্যতঃ অন্ত পৰিল শাৰদীয় দুৰ্গাপূজাৰ আনন্দ-উল্লাস৷ মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ চূণচালি জয়পুৰ ঘাটতো আজি পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া দেখা যায়৷ বিশেষকৈ দুৰ্গা পূজাৰ প্ৰতিমাসমূহ বিসৰ্জনৰ সময়ত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ অন্যান্য ঘাটৰ দৰে জয়পুৰ নদীঘাটতো এছ ডি আৰ এফ বাহিনী, আৰক্ষী-প্ৰশাসন, নদী আৰক্ষী মোতায়েম কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিয়ে যথেষ্ট সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰে৷ প্ৰায় ১০০ মিটাৰ দূৰত্বৰ পৰা বিসৰ্জনৰ বাবে অনা প্ৰতিমাসমূহ স্বেচ্ছাসেৱকসকলে গ্ৰহণ কৰি পাছত দুৰ্গা পূজা সমিতিৰ ১০জন কৰ্মকৰ্তাৰ উপস্থিতিত কিছু দূৰৈৰ পৰা প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰা হয়৷ তদুপৰি বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনোধৰণৰ বেমেজালি নতুবা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্ক দৃষ্টি অৱলম্বন কৰে৷ আনহাতে দেৱীৰ বিসৰ্জনৰ সময়ত যাতে ১০জনতকৈ অধিক লোক সমবেত নতুবা শোভাযাত্ৰা কৰি নাহে লগতে প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ নহয় তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখে আৰক্ষী-প্ৰশাসনে৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা মতে এইবাৰ এই ঘাটত বৰবাৰী, বামুণিমৈদাম, সাতগাওঁ, হাতীগড় চাৰিআলি, খাৰঘুলি, বেলতলা, চান্দমাৰী, গীতানগৰ নুনমাটি, নাৰেংগী, ফৰেষ্টগেট, মঠঘৰীয়াকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০খন পূজা সমিতিৰ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন কৰা হয়৷ আজিৰ এই বিসৰ্জন কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰী, মধ্য আৰক্ষী জিলাৰ নুনমাটি সংমণ্ডলৰ এ চি পি নীলোৎপল ডেকা, নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰা, নুনমাটি যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কামেশ্বৰ বৈশ্য, চৰকাৰী গাঁৱপ্ৰধান জয়ন্ত দাস, বিজেপি দিছপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক পৱিত্ৰ দাস, নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিৰ উপদেষ্টা ঋতুপৰ্ণ ডেকা, সভাপতি দিলীপ টাড়ো, উপ-সভাপতি ফণীধৰ দাস, সাধাৰণ সম্পাদক হিকমত আলী, কোষাধ্যক্ষ কমল বৰা, প্ৰীতিৰেখা শৰ্মা আদি উপস্থিত থাকে৷ উল্লেখ্য, ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাট, কাছমাৰিঘাট আৰু চন্দ্ৰপুৰত  আৰু বশিষ্ঠত দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

বিহামপুৰৰ দুৰ্গা পূজাত ‘গীতে-মাতে নৱমী’

নলবাৰী জিলাৰ বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতি, বিহামপুৰৰ উদ্যোগত ৪ অক্টোবৰত বিপুল ৰাইজৰ উপস্থিতিত প্ৰয়াত সুৰেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সোঁৱৰণত অষ্টম বাৰ্ষিক গীতে-মাতে নৱমী শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন হৈ যায়৷ কাৰ্যসূচী মতে, সিদিনা প্ৰয়াত শৰ্মাৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী গিৰিৱালা দেৱীয়ে৷ পুষ্পাঞ্জলি অৰ্পণ কৰে বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ সম্পাদক খনীন্দ্ৰ শৰ্মা আৰু প্ৰয়াত শৰ্মাৰ পৰিয়ালবৰ্গই৷ ইয়াৰ পাছতে অনুষ্ঠান উদ্বোধন কৰি বিশিষ্ট সংগীতশিল্পী তথা নাট্যকৰ্মী উদ্ধৱ ঠাকুৰীয়াই কয় যে জ্যোতিপ্ৰসাদে কোৱাৰ দৰে সমাজত সংস্কৃতি আৰু দুষ্কৃতিৰ যুদ্ধ চলি থাকে৷ এই যুদ্ধত সংস্কৃতিৰ জয় নিশ্চিত কৰিবলৈ গীতে-মাতে নৱমীৰ দৰে সংস্কৃতিৰ অনুশীলন অতিশয় দৰকাৰী আৰু গুৰুত্বপূৰ্ণ৷ গীতে মাতে নৱমী এখন সাংস্কৃতিক সন্ধিয়া নহয়৷ বৰঞ্চ অঞ্চলটোৰ শিশু আৰু কিশোৰ- কিশোৰীসকলক নৃত্য-গীত, অভিনয়-আবৃত্তিত আগবঢ়াই নিবলৈ উদ্‌যাপন সমিতিয়ে কৰা এক মহৎ আৰু অনুকৰণীয় পদক্ষেপ৷ প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই আঁতধৰা এই অনুষ্ঠানত ঠাকুৰীয়াই গীতে মাতে নৱমীৰ নৃত্য, গীত, আবৃত্তি আদি মঞ্চত ৰূপায়ণ কৰাৰ পৰিৱৰ্তে ৰভাৰ তলত ৰাইজৰ মাজত অনুষ্ঠিত কৰা কাৰ্যক অভিনৱ আৰু ব্যতিক্ৰমী বুলি প্ৰশংসা কৰি কয় যে ধৰ্মই মানুহক একত্ৰিত হ’বলৈ শিকায়, দৈনন্দিন জীৱনৰ সীমাহীন ব্যস্ততাৰ পৰা সাময়িক সকাহ দিয়ে৷ কিন্তু প্ৰতিটো ধৰ্মীয় অনুষ্ঠানে কৌশলী প্ৰক্ৰিয়াৰে সংস্কৃতিৰ চৰ্চা আৰু সাধনাৰ বাট মুকলি কৰে৷ প্ৰকৃতাৰ্থত ধৰ্মৰ অৱলম্বনত চলে সংস্কৃতিৰ পূজা৷ অটল ডেকা, প্ৰদীপ ডেকা, প্ৰণয় ভূষণ শৰ্মা আৰু ব্ৰজেন বৈশ্যই পৰিচালনা কৰা আৰু অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ সংগীত বিভাগত প্ৰথম, দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে ভূমিকা শৰ্মা, জুমন ৰাজবংশী,  আৰু সমৰজিৎ কাশ্যপ৷ নিচুকণি বঁটা লাভ কৰে ডাৱৰ কাশ্যপে৷ নৃত্য বিভাগৰ ফলাফল অনুসৰি প্ৰথমঃ ৰাজীৱলোচন বৰ্মন, দ্বিতীয় তৃষ্ণামণি হালৈ  আৰু কৃষ্টি বৰুৱা  তৃতীয়, অংকিতা ভাৰ্গৱ, আৰু বনানী নয়না দাস৷ নিচুকণি বঁটাঃ ৰিচাংকী বৈশ্য, ইফালে আবৃত্তি বিভাগত প্ৰথম, বৃষ্টি কাকতি, দ্বিতীয়, অভিনৱ নাৰায়ণ শৰ্মা আৰু তৃতীয়, ৰাজ প্ৰতীম পাটোৱাৰী৷ উল্লেখ্য যে, নলবাৰী জিলাৰ বিভিন্ন গাঁৱৰ পৰা আহি গীত-মাতত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ উপৰিও দাঁতি-কাষৰীয়া জিলাসমূহৰ পৰাও অভিভাৱকসকল আহি নিজৰ-নিজৰ সন্তানক অনুষ্ঠানত অংশগ্ৰহণ কৰোৱাই উৎফুল্ল হৈ আয়োজক সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰে৷

বৰমাত ১০০ ফুট দৈৰ্ঘ্যৰ ৰাৱণ দাহ

বিজয়া দশমীৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দশমী পূজাৰ উখল-মাখল পৰিৱেশ৷ বাগ্‌সা জিলাৰ ৮৬সংখ্যক বৰমা বৰোৱাৰী দুৰ্গা পূজাৰ দশমীৰ দিনা সন্ধিয়াৰ ভাগত ৰাৱণ দাহনেৰে সামৰণি পৰে দুৰ্গা পূজাৰ কাৰ্যসূচী৷ ১০০ফুট দৈৰ্ঘ্যৰ ৰাৱণক সজাই তোলা হৈছে সুন্দৰভাৱে৷ পৰম্পৰাগত ৰীতি-নীতিৰে সন্ধিয়া সমাপন হয় ৰাৱণ দাহন৷ ৰং-বিৰংঙৰ আতচ্‌-বাজীৰে ৰঙীণ হৈ পৰিল আকাশ৷ ২ লক্ষাধিক টকাৰ আতচবাজীৰে ৰজন-জনাই থাকে বৰমাৰ চৌদিশ৷ অনুষ্ঠানত, ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচি কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনকে ধৰি অৰ্ধলক্ষাধিক লোক উপস্থিত থাকে ৰাৱণ দাহন কাৰ্যসূচীত৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাবেষ্টনীৰ মাজত সম্পন্ন কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী৷ বৰমা উচ্ছতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত ৰাৱণ দাহন কাৰ্যসূচীত পূৰ্বতকৈ এইবাৰ অধিক লোক সমবেত হয় বুলি জানিবলৈ দিছে পূজা পৰিচালনা সমিতিয়ে৷ ইফালে পুৱাৰ ভাগত কটকটীয়া নিৰাপত্তাৰ মাজত বৰমা মৰাপাগলাদিয়া নৈত বিভিন্ন প্ৰান্তৰ প্ৰতিমা বিসৰ্জন সম্পন্ন হয়৷

কোক্‌ৰাঝাৰত শান্তিপূৰ্ণ বিসৰ্জনপৰ্ব

শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীত সমগ্ৰ দেশৰ লগতে আজি বিটিচি সদৰ কোকৰাঝাৰ জিলাতো আনন্দ-উল্লাসৰ মাজেৰে দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি বিসৰ্জন দিয়া হয়৷ কিন্তু জিলা প্ৰশাসনে পূজা সমিতিৰ সৈতে হোৱা বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি সমিতিসমূহক বিসৰ্জনৰ সমদলত উচ্ছ প্ৰাবল্যৰ ছাউণ্ড বক্স তথা ডিজে জাতীয় মিউজিক চিষ্টেম আদি বজোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাত আৰক্ষী প্ৰশাসনৰ সৈতে সমিতি তথা একাংশ ভক্তপ্ৰাণ ৰাইজৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হয়৷ উল্লেখ্য যে, জিলা প্ৰশাসনে উচ্ছ প্ৰাবল্যৰ ছাউণ্ড বক্সলৈ বিসৰ্জনস্থলী গৌৰাং নৈত প্ৰৱেশত বাধা দিয়াত আজি একাংশ পূজা সমিতিৰ সৈতে জিলা আৰক্ষী প্ৰশাসনৰ তুমুল বাক্‌-বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হয়৷  অৱশ্যে পাছত জিলা প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰ মাজেৰে শান্তিপূৰ্ণভাৱে দেৱী দুৰ্গা দেৱীৰ মৃণ্ময় মূৰ্তি বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হয়৷ প্ৰকাশ যে, কোকৰাঝাৰ চহৰৰ পশ্চিম দিশে বৈ যোৱা গৌৰাং নৈত আজি চহৰখনৰ ৩০টাকৈ দুৰ্গা পূজা সমিতিয়ে প্ৰশাসনে বান্ধি দিয়া কঠোৰ নিয়ম আৰু শৃংঙ্খলবদ্ধতাৰে সমদল উলিয়াই দেৱী দুৰ্গাৰ প্ৰতিমাক বিসৰ্জন হোৱা কাৰ্যত একাংশ নাগৰিকে সন্তষ্টি প্ৰকাশ কৰিছে যদিও যুৱ প্ৰজন্মৰ মাজত প্ৰশাসনৰ এনে সিদ্ধান্তক সহজভাৱে ল’ব পৰা নাই৷ তেওঁলোকৰ মতে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ উৎসাহ-আনন্দক জিলা প্ৰশাসনে ম্লান কৰি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আনকি কোকৰাঝাৰ চহৰৰ ৭৫বছৰ গৰকা শান্তিনগৰ সৰ্বজনীন দুৰ্গা পূজা কমিটীৰ বিষয়ববীয়াই বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনৰ বাবে নিয়া বাহনত ডিজে বজোৱাৰ নিষেধাজ্ঞা আৰোপ কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাৱণৰাজ চলোৱা বুলি ক্ষোভ প্ৰকাশ কৰি বিজয়া দশমীত হিন্দুসকলক আনন্দ কৰাত বাধা দি অৱমাননা কৰা হৈছে বুলি গুৰুতৰ অভিযোগ তুলিছে৷ আনহাতে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱে ককোৰাঝাৰত শান্তিপূৰ্ণভাৱে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনকলৈ উচ্ছ প্ৰাবল্যৰ ছাউণ্ড বক্সলৈ বিসৰ্জনত বাধা দিয়া আৰু সুৰাপান কৰি উদ্ভণ্ডালি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়৷  আনহাতে, ভক্ত প্ৰাণসকলে অশ্ৰুসিক্ত নয়নেৰে এবছৰৰ বাবে দশভূজা বিপদনাশিনী, কালনাশিনী দুৰ্গাদেৱীৰ মৃণ্ময় মূৰ্তি কোকৰাঝাৰ চহৰৰ কাষেদি বৈ যোৱা গৌৰাং নদীৰ অষ্টমীঘাটত যথাৰীতি অনুযায়ী বিসৰ্জন দিয়া উপলক্ষে সমগ্ৰ কোকৰাঝাৰ চহৰত বিৰাজ কৰে এক উথপথপ পৰিৱেশ৷ এনেকি চহৰখনৰ মূল পথৰ দুয়োকাষে হাজাৰ হাজাৰ ভক্তই ঘণ্টাৰ পাছত থিয় দি মা দুৰ্গাক পুষ্পবৃষ্টিৰে বিদায় দিয়া আকৰ্ষণীয় আৰু মনোমোহা দৃশ্যই আন এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে৷

ছয়গাঁৱৰ কানহাৰাত পথ দুৰ্ঘটনা

বিজয় দশমীৰ আনন্দ-উল্লাসৰ মাজতে সোমবাৰে সন্ধিয়া কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ কানহাৰাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা৷ এখন মাৰুতি অল্ট’ আৰু এখন বাইকেৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজন লোক৷ আঘাতপ্ৰাপ্ত লোকদুজন কানহাৰা গাঁৱৰ জামাল উদ্দিন আৰু তেওঁৰ পুত্ৰ ছাইদুৰ আহমেদ বুলি জানিব পৰা গৈছে৷  ইফালে, আহত দুয়োকে স্থানীয় ৰাইজে লগে লগে গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে যদিও অৱস্থা অতিকৈ সংকটজনক হোৱাত চিকিৎসকে দুয়োকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷

সীমান্তৰ সিপাৰৰ পৰা বাংলাদেশীয়েও চালে অসমৰ পূজা

শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীত সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো শাৰদীয় দুৰ্গোৎসৱৰ ৪২খনকৈ মা-দুৰ্গাৰ প্ৰতিমূৰ্তিক বিসৰ্জন দিয়া হয়৷ মানকাচৰৰ কালো নৈৰ অশোকাষ্টমী মেলা ঘাটত এইবেলি জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এক আধ্যাত্মিক পৰিৱেশত ১৬খনকৈ মা-দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিয়া হয়৷ ইফালে জিলাখনৰ অয়ডোবাত ৩খনকৈ মা-দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিয়া হয়৷ তদুপৰি, কোকৰাডাঙা, আসামেৰ আলগা, কালাপানী, কুকুৰমাৰা, বাঘাপাৰা আৰু কুৰালভাঙ্গাৰ লগতে আন আন প্ৰান্তকে ধৰি জিলাখনত এইবেলি মুঠ ৪২খনকৈ প্ৰতিমা বিসৰ্জন দিয়া হয়৷ হিন্দু-মুছলমানৰ মিলনভূমি জিলাখনত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি সকলো ধৰ্মৰ লোকে এই মা-দুৰ্গাৰ বিসৰ্জনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ ইপিনে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ আছামেৰ আলগাত বিসৰ্জন দিয়া মা-দুৰ্গাৰ প্ৰতিমূৰ্তিৰ বিসৰ্জনস্থলীৰ দৃশ্য আছিল আকৰ্ষণীয়৷ এই বিসৰ্জনৰ দৃশ্য চাবলৈ সীমান্তৰ সিপাৰৰ বাংলাদেশৰ নাগৰিকেও কাইটীয়া তাঁৰৰ বেৰৰ সিফালে থকা ভাৰতৰ ১৫০ মিটাৰ ভূমিত সোমাই কাঁইটীয়া তাঁৰৰ কাষত থিয় হৈ বাংলাদেশৰ নাগৰিকে বিসৰ্জন উপভোগ কৰা কাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে৷