Logo
image

শিপাৰ সন্ধানৰত স্মৃতিকথাৰ লেখিকা আনি আৰ্নোলৈ নোবেল

আমাৰ অসম, ৭ অক্টোবৰঃ ফৰাচী সাহিত্যিক আনি আৰ্নোৱে লাভ কৰিছে চলিত বছৰৰ সাহিত্যৰ নোবেল৷ ছুইডিছ একাডেমীৰ তৰফৰ পৰা বৃহস্পতিবাৰে ফৰাচী সাহিত্যিকগৰাকীয়ে চলিত বৰ্ষৰ নোবেল বঁটা লাভ কৰাৰ বিষয়ে সদৰী কৰি জনায় যে আৰ্নোৰ লিখনিত সাহস আৰু ধৈৰ্যৰ লগতে ব্যক্তিগত মিলন তথা বিৰহৰ সম্পৰ্কৰ প্ৰতিফলন ঘটে৷ সাহিত্য কৰ্মত তেওঁ প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে ছুইডিছ একাডেমীৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ এই সন্মান৷ উল্লেখ্য যে ৮২ বছৰ বয়সীয়া সাহিত্যিক গৰাকীয়ে নোবেলৰ সৈতে লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ৷ ভাৰতীয় মুদ্ৰা অনুসৰি যাৰ মূল্য প্ৰায় ৭.৫ কোটি টকা৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও সাহিত্যৰ নোবেলৰ দৌৰত আনি আৰ্নোৰ নাম একাধিকবাৰ উল্লেখ হৈছিল৷ কিন্তু দীৰ্ঘ বিৰতিৰ মূৰত অৱশেষত ২০২২ চনৰ সাহিত্যৰ নোবেল লাভ কৰিবলৈ সক্ষম হয় ফৰাচী সাহিত্যিকগৰাকীয়ে৷ ১৯৪০ চনত ফ্ৰান্সৰ নৰ্মান্দিৰ এটা শ্ৰমজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আনিয়ে৷ ৰুয়েঁ আৰু বোৰ্দো বিশ্ববিদ্যালয়ত সাহিত্যৰ শিক্ষা গ্ৰহণৰ পাছত তেওঁ সাহিত্য কৰ্মৰ সৈতে জড়িত হৈ পৰে৷ তেওঁৰ লিখনিত মূলতঃ প্ৰতিফলন ঘটে আত্মজীৱনী আৰু স্মৃতিকথন৷ প্ৰথম অৱস্থাত ফ্ৰান্সৰ প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে আখ্যানধৰ্মী লেখা-মেলা আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত জীৱনৰ স্মৃতি কথাসমূহ তেওঁৰ মূল লেখা হৈ পৰে৷ এগৰাকী নাৰী বয়সৰ লগে লগে পৰিৱৰ্তিত পৃথিৱীখনৰ সৈতে সন্মুখীন হোৱা পৰিস্থিতিসমূহ তেওঁৰ লিখনিত প্ৰতিফলন ঘটে৷ কেতিয়াবা যদি তেওঁৰ লিখনিত নিজৰ গৰ্ভপাতৰ প্ৰসংগ উল্লেখ হৈছে, আন কেতিয়াবা আকৌ মাতৃবিয়োগ, এলজাইমাৰ্ছ আৰু কৰ্কটত আক্ৰান্ত হৈ সন্মুখীন হ’বলগীয়া হোৱা পৰিস্থিতিৰ বিষয়েও প্ৰতিফলন ঘটিছে আনি আৰ্নোৰ লেখনিত৷ তেওঁৰ ‘এ উইমেনছ ষ্টৰী’, ‘এ মেনছ প্লেছ’ বা ‘আই ৰিমেইন ইন ডাৰ্কনেছ’ আদি গ্ৰন্থসমূহে ইতিমধ্যেই পাঠক-সমালোচকসকলে আদৰি লৈছে৷ আনিৰ এখন বিশেষ গ্ৰন্থ ‘পেছন ছিম্পল’ত এগৰাকী ইউৰোপীয় ব্যক্তিৰ সৈতে তেওঁৰ প্ৰেম আৰু পৰৱৰ্তী সম্পৰ্কৰ বিষয়ে প্ৰকাশ পাইছে৷ সাহিত্যক নোবেল লাভ কৰাৰ পূৰ্বে আনি আৰ্নোৱে প্ৰি দি লা লাংগে ফ্ৰান্সৰ দৰে সন্মান লাভ কৰিছে৷ তেওঁৰ নোবেল প্ৰাপ্তি এগৰাকী নাৰীৰ ব্যক্তিগত জীৱন-যাপন, আনন্দ, নিৰ্লিপ্তি আৰু বেদনাৰ স্বীকৃতি হৈ ৰ’ব৷ উল্লেখ্য যে অহা ১০ ডিচেম্বৰত ছুইডেনৰ ৰজা ষষ্ঠ কাৰ্লেৰ গুস্তাফেৰ পৰা আনিয়ে সাহিত্যৰ নোবেল বঁটাটো গ্ৰহণ কৰিব৷