Logo
image

তেজস্বিতাৰ মৃত্যুৰ দায়িত্ব ল’ব কোনে

কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱা নহ’ল

আমাৰ অসম, ৭ অক্টোবৰঃ উন্নত চিকিৎসাৰ অভাৱৰ বাবেই অকাল মৃত্যুক সাবটিব লগা হ’ল মাজুলী কমলাবাৰী দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাই৷ বুধবাৰে গাৱঁৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰিছিল গাঁওবাসীয়ে৷ জন্মোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিবেশন কৰিবলৈ প্ৰস্তুত হোৱা তেজশ্বিতা হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰে৷ ততাতৈয়াকৈ গাৱঁৰ যুৱক আৰু পৰিয়ালৰ লোকে গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ জিলা চিকিৎসালয়লত ভৰ্তি কৰায়৷ সেই সময়ত চিকিৎসালয়ৰ দায়িত্বত আছিল চকু বিশেষজ্ঞ নিলাক্ষী ঠাকুৰীয়া৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ মাজতে অকণমান সময়ৰ বাবে  সুস্থ হোৱা যেন হৈছিল যদিও পিছ মুহূত্তৰ্তে সংজ্ঞাহীন হৈ পৰা তেজস্বিতাৰ আৰু সংজ্ঞা ঘূৰি নাহিল৷ প্ৰকৃততে সেই সময়ত হৈছিল কি? অক্সিজেনৰ অভাৱ, নে সঠিক চিকিৎসাৰ অভাৱ? বৰগীত পৰিবেশন কৰিম বুলি ৰৈ থকা ছোৱালীজনীৰ নিঠৰ দেহটো ঘৰলৈ ঘূৰাই আনিব লগা হল৷ আজি সকলো কান্দি উঠিছে৷ মাজুলীৰ চৌদিশে হাহাকাৰ লাগিছে৷ তেজশ্বিতাক হেৰুৱাই ম্ৰিয়মাণ হৈ পৰিছে প্ৰতিজন মাজুলীয়াল৷ প্ৰশ্ন উঠিছে চৰকাৰৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিৰ ওপৰত, প্ৰশ্ন উঠিছে মাজুলীৰ পয়ালগা স্বাস্থ্যখণ্ডৰ ওপৰত৷ আজিৰ দিনত সঠিক চিকিৎসাৰ অভাৱত নিজ পুত্ৰ কন্যাক হেৰুওৱাৰ বেদনা কিমান অসহনীয়, কিমান ভয়ংকৰভাৱে মৰ্মান্তিক! গাম বুলি ভাবি থকা গুৰুজনাৰ বৰগীত ভাগিকে গাবলৈ নাপালে, শুনিম বুলি ৰৈ থকা গাঁওবাসীয়ে যি শুনিলে সেই খবৰত এতিয়া গাঁৱে গাঁৱে বিননি উঠিছে৷ গাৱঁৰ জন্মোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিয়লি সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিবেশনৰ বাবে সাজি কাচি প্ৰস্তুত হোৱা তেজশ্বিতাৰ আকস্মিক মৃত্যুক সহজ ভাৱে মানি লব পৰা নাই পৰিয়ালৰ লগতে গাঁওবাসীয়ে৷ তিনি বছৰ বয়সৰ পৰাই গীত পৰিৱেশনৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজস্বিতাই টেলিভিশ্বন আৰু মাজুলীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহত গীত, নৃত্য পৰিবেশন কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিছিল৷ ঘৰতে সংগীত ষ্টুডিঅ নিৰ্মাণ কৰি সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰা তেজশ্বিতাৰ পিতৃয়ে চাৰিদিনৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ সুবিধা হোৱাকৈ কন্যাৰ বাবে এখন চাৰিচকীয়া বাহনও ক্ৰয় কৰি দিছিল৷ তীক্ষ্ণ মেধা সম্পন্ন, মাজুলী আইলেণ্ড একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজস্বিতাৰ মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰি তুলিছে মাজুলীবাসীক৷ দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা আৰু নিলাক্ষী বৰুৱাৰ একমাত্ৰ কণ্যা তেজশ্বিতাক মাজুলীৰ চিকিৎসা ক্ষেত্ৰৰ দুৰাৱস্থাই সুস্থ কৰি তুলিব নোৱাৰিলে৷ দৰিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি প্ৰায় এক-ডেৰ ঘণ্টা চিকিৎসালয়ত থকাৰ পিছতো অজ্ঞান হৈ থকা ছোৱালী জনীক অক্সিজেনৰ যোগান, আই চি ইউত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰে৷ যাৰ বাবে অতি সম্ভাৱনাপূৰ্ণ তেজস্বিতাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এই দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ চৰজমিন খবৰ ল’বলৈ আজি দুপৰীয়া মাজুলীত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ দুপৰীয়া হেলিকপ্তাৰেৰে গড়মূৰত অৱতৰণ কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰীজনে পোনে পোনে কমলাবাৰীস্থিত প্ৰয়াত তেজস্বিতা বৰুৱাৰ ঘৰত উপস্থিত হৈ দুৰ্ভগীয়া পিতৃ-মাতৃ তথা পৰিয়ালৰ সদস্যসকলক দেখা কৰি বুজ লয়৷ স্বাস্থ্যমন্ত্ৰী মহন্তই গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি আইচিইউ আৰু  মেডিকেলত অক্সিজেনৰ উপলব্ধতাৰে জড়িত দিশসমূহৰ চাক্ষুক বুজ লয়৷ জিলা অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত মাজুলীৰ বিধায়ক ভুৱন গাম, এনএইচএমৰ ৰাজ্যিক সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, এনএইচএমৰ কাৰ্যবাহী সঞ্চালকৰ উপস্থিতিত জিলা উপায়ুক্ত পুলক মহন্ত, মাজুলীৰো দায়িত্বত থকা যোৰহাটৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ শশীধৰ ফুকন, জিলা অসামৰিক চিকিৎসালয়ৰ তদাৰকী অধীক্ষক ডাঃ মাণিক মিলিৰ লগতে জিলা প্ৰতিষেধক বিষয়া, মহকুমা স্বাস্থ্য বিষয়া, চিকিৎসকসকলৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হৈ মাজুলীৰ সামগ্ৰিক স্বাস্থ্য খণ্ডৰ বিতং পৰ্যালোচনা কৰে৷ অতিৰিক্ত চিকিৎসকৰ প্ৰয়োজনীয়তাৰ লগতে অন্যান্য অসুবিধা সন্দৰ্ভতো আলোচনা কৰি স্বাস্থ্যমন্ত্ৰীজনে মাজুলীবাসীয়ে চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণৰ বাবে জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে৷ ঘটনাৰ সম্পৰ্কত মন্ত্ৰীজনে কয়, তেজস্বিতাৰ মৃত্যুৰ বাবে কাকো নিলম্বন কৰা হোৱা নাই৷ তদন্ত সম্পূৰ্ণ নোহোৱালৈ কোনো বিষয়া-চিকিৎসকক নিলম্বিত নকৰে চৰকাৰে৷ এম্বুলেঞ্চ আৰু গড়মূৰ হাস্পতালৰ সকলো সমস্যা সমাধানৰ আশ্বাস স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ৷  তেজস্বিতাৰ নামত মাজুলীত এখন মেডিকেল কলেজ স্থাপনৰ বাবে স্বাস্থ্য মন্ত্ৰীক আহ্বান জনায় তেজস্বিতাৰ পিতৃয়ে৷ শীঘ্ৰে যোৰহাট-মাজুলী দলংখনো যাতে সম্পূৰ্ণ কৰি তোলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি বাসগৃহত সাক্ষাতৰ সময়তে এই আহ৩ান জনায় তেজস্বিতাৰ পিতৃয়ে৷ সময়মত উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবে তেজস্বিতাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ কিন্তু মাজুলী জিলা প্ৰশাসন বা স্বাস্থ্য বিভাগে পৰিয়ালৰ এই অভিযোগ  মানি ল’ব বিচাৰ নাই৷ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দাবী তেজস্বিতাক সময়মতে সকলো প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল৷ তেন্তে তেজস্বিতাৰ মৃত্যুৰ বাবে দাবী  তেনে? প্ৰশাসনে তদন্ত প্ৰতিবেদনলৈ অপেক্ষা কৰাৰ কথা বাৰম্বাৰ কৈ আছে৷ তদন্ত প্ৰতিবেদনত সমগ্ৰ বিষয়টো স্পষ্ট হ’ব বুলি প্ৰশাসনৰ  দৃঢ় বিশ্বাস৷ তেজস্বিতা বৰুৱাৰ চিকিৎসাৰ ক্ষেত্ৰত উত্থাপিত অভিযোগ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰা হৈছে৷ জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ডাঃ সঞ্জীৱ ফুকন আৰু চক্ৰ বিষয়া জয়দীপ ৰজকক এই তদন্তৰ দায়িত্ব দিয়া হৈছে৷ মাজুলী জিলা প্ৰশাসনে দাবী কৰা অনুসৰি চিকিৎসালয়খনত অক্সিজেনৰ যোগান সুচল হৈ আছিল৷ চিকিৎসাকো আছে৷ তেজস্বিতাৰ মৃত্যুৰ দায়িত্ব তেন্তে ল’ব কোনে৷ আজিৰ তাৰিখত এইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে৷

তেজস্বিতাৰ শোকস্তব্ধ পিতৃ-মাতৃৰ কাষত

স্বাস্থ্যমন্ত্ৰী মহন্তৰ পাঁচ মিনিট

মাজুলীৰ পৰা জোনাক দত্তঃ তেজস্বিতা বৰুৱাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে মাজুলীত উপস্থিত হ’ল অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ মন্ত্ৰীৰ সন্মুখতে হাতযোৰ কৰি হিয়া ঢাকুৰি কান্দি কান্দি দুখ প্ৰকাশ কৰিলে তেজস্বিতাৰ পিতৃ বাবুল বৰুৱাই৷ ‘আপোনাক কৰযোৰে কৈছোঁ মাজুলীৰ বাবে কিবা এটা কৰক, মোৰ একমাত্ৰ ছোৱালীজনীক আজি মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ লগতে চিকিৎসক, নাৰ্ছৰ গাফিলতিৰ কাৰণেই হাততে হেৰুওৱালোঁ৷ আজি মোৰ ছোৱালীজনীৰ ৰূপত এজনী তেজস্বিতাক হেৰুওৱাইছোঁ, কাইলৈ যাতে আৰু হাজাৰজনী তেজস্বিতাক মাজুলীয়ে হেৰুওৱাব নালাগে৷ আপোনালোকে গুৰুত্ব দিয়ক, পাৰিলে মাজুলীত এখন উন্নত মেডিকেল কলেজৰ ব্যৱস্থা কৰক৷ উপযুক্ত চিকিৎসাৰ অভাৱত মাজুলীৰ বহুত মানুহৰ ইতিমধ্যেই অকাল মৃত্যু ঘটিছে৷ জিলা চিকিৎসালয়খনত থাকিবলগা উপযুক্ত সা-সুবিধাসমূহ আপোনালোকে আজিপৰ্যন্ত কিয় কৰিব নোৱাৰিলে?’ বুলি প্ৰশ্ন কৰে চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক৷ শ্ৰীমন্ত শঙ্কৰদেৱৰ জয়ন্তীত নিজ গাঁৱৰ নামঘৰত অনুষ্ঠিত অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ নামঘৰতে ঢলি পৰা বহু প্ৰতিশ্ৰুতিসম্পন্ন শিল্পী তেজস্বিতাৰ গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা হাস্পতালতে মৃত্যু ঘটিছিল৷ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে চিকিৎসক, নাৰ্ছৰ গাফিলতি আৰু জিলা পৰ্যায়ৰ চিকিৎসালয়খনত থাকিব লগা সু-চিকিৎসাৰ অভাৱৰ বাবেই কণমানি শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ এনে পৰিপ্ৰেক্ষিতত মাজুলীবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অৱশেষত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে দিনৰ ১২-৩০ বজাত মন্ত্ৰী কেশৱ মহন্ত প্ৰয়াত তেজস্বিতাৰ ঘৰত উপস্থিত হয়৷ মন্ত্ৰীজনে মাত্ৰ পাঁচ মিনিটৰ কাৰণে তেজস্বিতাৰ পিতৃ-মাতৃৰ কাষত থাকি গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ চিকিৎসকৰ লগতে বিষয় সন্দৰ্ভত মত বিনিময় কৰে৷ উক্ত আলোচনাত মন্ত্ৰীজনৰ লগত এন এইচ এমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ বেণীমাধৱ দাস, অতিৰিক্ত স্বাস্থ্য-শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, বিধায়ক ভুৱন গাম, উপায়ুক্ত পুলক মহন্ত প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ ইয়াৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, বীৰ লাচিত সেনা আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতো তেজস্বিতাৰ মৃত্যু আৰু চিকিৎসালয়খনৰ বিভিন্ন অভাৱ-অভিযোগ সম্পৰ্কে মত বিনিময় কৰে৷ ইয়াতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেইবাটাও দাবী সম্বলিত স্মাৰক-পত্ৰ মন্ত্ৰী কেশৱ মহন্তক প্ৰদান কৰে৷ ইয়াৰ পাছতে মন্ত্ৰীজনে সংবাদ মাধ্যমৰ সন্মুখত সুকণ্ঠী গায়িকা তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি কয় বুধবাৰে সংঘটিত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে৷ অতিৰিক্ত উপায়ুক্ত ড॰ সঞ্জীৱ কুমাৰ ফুকন আৰু সহযোগী হিচাপে ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজকে ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব৷ উক্ত তদন্তত তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি হৈছিল, তেতিয়া কৰ্তব্যৰত চিকিৎসক-কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীজনে প্ৰকাশ কৰে৷ লগতে তেওঁ সাংবাদিকক আৰু জনায় যে চিকিৎসালয়খনৰ যিখিনি অসুবিধা আছে, সেইসমূহ অহা এমাহৰ ভিতৰত দূৰ কৰিবলৈ স্বাস্থ্য বিভাগে সম্পূৰ্ণ চেষ্টা কৰিব৷ চিকিৎসালয়খনত থকা এ এন এম নাৰ্ছসকলৰ মাজৰে চাৰিগৰাকীক ডিব্ৰুগড় মেডিকেল কলেজত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ শীঘ্ৰেই চিকিৎসালয়খনত এজন ৰেডিঅ’লজিষ্টৰ ব্যৱস্থা কৰাৰো আশ্বাস দিয়ে মন্ত্ৰী মহন্তই৷ বৰ্তমান অসুবিধা থকা  ছাৰ্জাৰী সমস্যা দূৰ কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ লগত ¸টাইআপ কৰি জেনেৰেল ছাৰ্জাৰীৰ সু-ব্যৱস্থা কৰা হ’ব বুলিও কয়৷ এমাহৰ ভিতৰত এই চিকিৎসালয়ৰ কাম-কাজ উন্নত হ’ব বুলি জানিবলৈ দি কয় অহা ৰাসৰ আগত চিকিৎসালয়ৰ সু-ব্যৱস্থা পাবলৈ মাজুলীবাসী সক্ষম হ’ব৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে ৰাতি ৰোগী পাৰাপাৰৰ বাবে বিকল হৈ থকা নৌকা এম্বুলেন্সকেইখনো শীঘ্ৰে কাৰ্যক্ষম কৰি তোলা হ’ব বুলি জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত কাৰোবাক নিলম্বন কৰা হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কাকো নিলম্বন কৰা হোৱা নাই বুলি কৈ তদন্তৰ পিছতহে দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি জনায়৷ চিকিৎসকৰ অভাৱ সম্পৰ্কে উল্লেখ কৰি মন্ত্ৰীজনে কয়, মাজুলীলৈ চিকিৎসক আহিব নোখোজে৷ সেয়ে চিকিৎসকৰ অভাৱ দূৰ কৰিব পৰা নাই৷ মাজুলীত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকক বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই সংবাদকৰ্মীসকলক উদ্দেশ্যি কয় আপোনালোকৰ ভাই-বন্ধু কোনোবা চিকিৎসক আছে নেকি আহিবলৈ কওক মই তৎক্ষণাত অৰ্ডাৰ উলিয়াই দিম৷ এনেদৰে মন্তব্য আগবঢ়ায়৷ মন্ত্ৰীজনৰ মন্তব্যৰ প্ৰতিফলন কেনেদৰে মাজুলীবাসীয়ে প্ৰত্যক্ষ কৰে সেইটোহে লক্ষণীয় বিষয় হ’ব৷ যিহেতু এনেধৰণৰ মৌখিক আশ্বাস মাজুলীবাসী ৰাইজে বহুদিনৰ পৰাই পাই আহিছে৷

মাজুলীৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ দাবীত সোমবাৰে

আছুৰ আন্দোলন

মাজুলীৰ পৰা ৰূপাঞ্জলি দলেঃ মাজুলীত চিকিৎসালয় স্থাপন কৰিয়েই দায়সৰা অসম চৰকাৰে মাজুলীবাসীক আভুৱা-ভাঁৰি কৰা দম্ভালিৰ ফোঁপোলাস্বৰূপ উদঙাইছে কণমানি তেজস্বিতা সকৰুণ মৃত্যুৱে৷ মাত্ৰ কেইদিনমানৰ আগতে চিকিৎসালয়খনৰ গাফিলতিৰ বাবে এটা সাধাৰণ ৰোগতে এজন যুৱকে প্ৰাণ হেৰুওৱাৰ বেদনা মাৰ নৌযাওঁতেই ঘটিল দ্বিতীয়টো হৃদয়বিদাৰক ঘটনা৷ এনেদৰে কিমানজনৰ প্ৰাণ গ’ল তাৰ খতিয়ান মাজুলীৰ জনসাধাৰণৰ হাতত মজুত আছে৷ তেজস্বিতাৰ পিতৃৰ বিস্ফোৰক অভিযোগ– ভুল চিকিৎসাৰ বাবেই তাইৰ মৃত্যু হ’ল, অকণমান অক্সিজেন নাপালে ছোৱালীজনীয়ে, কোনো পৰীক্ষা নকৰাকৈ এটা চেলাইনত সাতটা ইঞ্জেকচন ভৰাই তাইক দিয়াৰ পাছতে লাহে তাই মৃত্যুমুখলৈ গতি কৰিলে৷ আনহাতে, হাস্পতালত থকা পৰিয়ালৰ লোকৰ মন্তব্য– চিকিৎসকজনে এবাৰো তাইক চুই নাচালে৷ তাই মৰাৰ আগমুহূতৰ্ত ‘মোক বচা, মোক বচা বুলি কৰা আৰ্তনাদতো মন নগলিল চিকিৎসকজনৰ৷ এনেধৰণৰ অভিযোগ চিকিৎসা বিভাগৰ বিৰুদ্ধে আজি মাজুলীৰ চৌদিশে৷ অসমৰ স্বাস্থ্যমন্ত্ৰীজনেও মাজুলীলৈ আহি কিবা-কিবি বহুত প্ৰতিশ্ৰুতি দি দিছপুৰ পালেগৈ৷ ৰাইজে মন্ত্ৰীৰ প্ৰতিশ্ৰুতি বিশ্বাসত নলয়৷ এনে বহু প্ৰতিশ্ৰুতি পূৰ্বে ৰাইজক দিয়া কিমান ফলৱতী হ’ল তাৰ হিচাব ৰাইজৰ হাতত আছে৷  মাজুলীৰ ৰাইজৰ সমস্যা সমস্যা হৈয়ে থাকিল৷ মাজুলীৰ বিভিন্ন দল-সংগঠনে চৰকাৰক ভৎৰ্সনা কৰি খৰতকীয়া আৰু নিৰপেক্ষ তদন্ত দাবী কৰিছে৷ মাজুলীত চিকিৎসকৰ অভাৱ, উন্নত যন্ত্ৰ-পাতিৰ অভাৱ, ঔষধৰ অভাৱ, বিশেষজ্ঞৰ অভাৱ৷ জিলা ঘোষণা হোৱাৰ পাছতো আজিপৰ্যন্তলৈকে মাজুলী চিকিৎসা ক্ষেত্ৰত আগনাবাঢ়িল৷ নিতৌ ৰোগীৰ মৃত্যুৱে মাজুলীবাসী ৰাইজক উদ্বিগ্ন কৰিছে৷ সামান্য বেমাৰ হ’লেও চিকিৎসা কৰিবলৈ অপাৰগ মাজুলীৰ অধিকাংশ চিকিৎসক৷ বছৰ বছৰ ধৰি কেৱল ৰোগীৰ লগত হেতালি খেলা মাজুলীৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰৰ ব্যৰ্থতা আৰু বঞ্চনাৰ প্ৰতিবাদত আৰু মাজুলীত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নত কৰাৰ দাবীত ১০ অক্টোবৰ, সোমবাৰে মাজুলী জিলা সদৰত বিক্ষোভ কাৰ্যসূচী ঘোষণা কৰিছে আছুৱে৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মা, আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য পৱিত্ৰ গোস্বামীয়ে কয়– জিলা ছাত্ৰ সন্থাই মাজুলীৰ সমূহ চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থা তাৎক্ষণিকভাৱে উন্নত কৰিবলৈ অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ঘোষণা কৰিছে৷ মাজুলীৰ ৰাইজৰ সহজ-সৰল কাকুতি-মিনতি শুনিবলৈ আহৰি নাই চৰকাৰৰ৷ যেতিয়া মাজুলীবাসী স্বাস্থ্যখণ্ডৰ জটিল সমস্যাৰ সন্মুখীন হৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়, তেতিয়া ৰজাঘৰীয়াসকল মাজুলীলৈ আহি আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি গুচি যায়৷ মন্ত্ৰী আহিলে বা উচ্ছপদস্থ বিষয়াৰ উপস্থিতিৰ সময়ত সকলো বিভাগত একোৱেই অভাৱ নথকা হাস্পতালখনত তেওঁলোক মাজুলী এৰাৰ পাছতে নোহোৱা হৈ পৰে সকলো সুবিধা, সা-সৰঞ্জামসমূহো অচল হৈ পৰে৷ মাজুলীত পৰ্যাপ্ত বিশেষজ্ঞ চিকিৎসকৰ নিযুক্তি দিয়া, প্ৰতিখন চিকিৎসালয়ত পৰ্যাপ্ত উন্নত চিকিৎসা সেৱাৰ দিহা কৰা, আই চি ইউ স্থাপন কৰা, ভেণ্টিলেশ্যন স্থাপন কৰা, পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা, কি কাৰণত দীৰ্ঘদিনৰ পৰা এক্সৰে সেৱা, নৌকা এম্বুলেন্স আৰু নৈশ এম্বুলেন্স বন্ধ হৈ আছে তাৰ তদন্তৰ দাবী তুলিছে আছুৱে৷ তেজস্বিতা বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচ্ছ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷ ইফালে, স্বাস্থ্য বিভাগৰ সোপা-ঢিলা নীতিৰ বাবে এজন এজনকৈ কেইবাজনো যুৱ প্ৰতিভা মাজুলীয়ে হেৰুৱালে বুলি অভিহিত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ঘটনাৱলীৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে৷ মাজুলীৰ বিভিন্ন প্ৰান্তত তেজস্বিতা বৰুৱাৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰি বন্তি প্ৰজ্বলন কৰা হৈছে৷ শিল্পীগৰাকীয়ে অধ্যয়ন কৰা আইলেণ্ড একাডেমী বৃহস্পতিবাৰে বন্ধ ৰখা হয়৷ তেজস্বিতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে ৰাইজে প্ৰাৰ্থনা জনোৱাৰ লগতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেয়া নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে৷  মাজুলী মহাবিদ্যালয়ত একে ধৰণৰ দাবীৰে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰা হয়৷  মাজুলীৰ প্ৰতিখন সত্ৰ, মহাপুৰুষ শংকৰদেৱৰ জয়ন্তী পালন কৰা প্ৰতিটো অনুষ্ঠানেই শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাইছে৷