Logo
image

লুইতে গ্ৰহণ কৰা নাই বিসৰ্জিত প্ৰতিমা

আমাৰ অসম, ৭ অক্টোবৰঃ ক্ৰমাৎ শুকান হৈ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত সৃষ্টি হৈছে যেন প্ৰতিমাৰ পাহাৰ৷ দুদিন ধৰি গুৱাহাটীৰ পাণ্ডুঘাট, কাছমাৰি ঘাটত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিয়া হৈছে৷ কিন্তু লুইতে গ্ৰহণ কৰা নাই বিসৰ্জিত প্ৰতিমা৷ ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ ফলত দেৱী দূৰ্গাৰ প্ৰতিমা পৰি ৰৈছে নদীৰ পাৰ ভাগত৷ বাধ্য হৈ জেচিবি আৰু নাৱৰ জৰিয়তে দেৱী দুৰ্গাৰ প্ৰতিমা ব্ৰহ্মপুত্ৰৰ মাজত উটুৱাই দিয়া হৈছে৷ বৃহস্পতিবাৰ সন্ধিয়াপৰ্যন্ত মহানগৰীৰ অন্যান্য প্ৰান্তৰ লগতে পাণ্ডুঘাটত ৪০০টা প্ৰতিমা বিসৰ্জন দিয়া হৈছে৷ পাণ্ডুত বুধবাৰে ৬০টা, বৃহস্পতিবাৰে ৮০টা প্ৰতিমা বিসৰ্জন দিয়া হয়৷ কিন্তু প্ৰতিমা বিসৰ্জন পৰ্ব চলি থকাৰ সময়তে প্ৰতিমাসমূহ পানীত উটি নোযোৱা বাবে বিপাঙত পৰে প্ৰতিমা বিসৰ্জনৰ সৈতে জড়িত লোকসকল৷ বাধ্য হৈ উদ্যোক্তা আৰু প্ৰশাসনৰ লোকে জেচিবি আৰু নাৱঁৰ জৰিয়তে দেৱীৰ প্ৰতিমা নদীৰ মাজ ভাগলৈ ঠেলি দিয়াৰ ব্যৱস্থা কৰে৷ উল্লেখ্য, বিগত কেইটামান দহকত উদ্বেগজনকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ৷ ব্ৰহ্মপুত্ৰৰ বুকু বাম হৈ অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বান-খহনীয়া সমস্যা ভয়াৱহ হৈ আহিছে৷ ব্ৰহ্মপুত্ৰৰ আশে পাশে অনুষ্ঠিত হোৱা কেইবা হাজাৰ দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জনৰ স্থানৰূপে গণ্য কৰা হয় ব্ৰহ্মপুত্ৰক৷ কেৱল গুৱাহাটী মহানগৰীতে ৪০০ শতাধিক দুৰ্গা পূজা অনুষ্ঠিত হৈছে৷ তাৰ ভিতৰত প্ৰায় ৩৫০ প্ৰতিমা বিসৰ্জন দিয়া হয় ব্ৰহ্মপুত্ৰৰ৷ গতিকে ব্ৰহ্মপুত্ৰৰ সোঁতে ইমানসংখ্যক প্ৰতিমা কঢ়িয়াই নিয়াটো স্বাভাৱিকতেই সমস্যা হৈ পৰিছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত আমাৰ যদি অত্যাচাৰ এনেদৰে চলি থাকে এদিন হয়তো প্ৰতিমা বিসৰ্জন দিবলৈ ব্ৰহ্মপুত্ৰ নামটোৱে নোহোৱা হৈ যাব৷ স্মৰ্তব্য, গুৱাহাটীৰ মাজৰে হৈ যোৱা বশিষ্ঠ, বাহিনী আৰু ভৰলু নৈত এসময়ত অবাধে প্ৰতিমা বিসৰ্জন দিয়া, আৱৰ্জনা পেলোৱাৰ ফলত আজি মৃত প্ৰায় হৈ পৰিছে উক্ত নৈ তিনিখন৷ আশাব্যঞ্জক কথা যে ভৰলু-বাহিনী-বশিষ্ট নৈ মুমূৰ্ষ হৈ পৰা ভৰলু- বাহিনী- বশিষ্টক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য লৈ এদল সমাজ সচেতন ব্যক্তি আগবাঢ়ি আহিছে৷ ছেভ ভৰলু নামৰ এখন মঞ্চত চামিল হৈ গুৱাহাটীবাসীক নদী  বচোৱাৰ আহ্বান জনাইছে৷ ব্ৰহ্মপুত্ৰ তথা আন নদ-নদীত দেৱ-দেৱীৰ মূৰ্তি বিসৰ্জন দিয়াৰ বন্ধ  কৰাৰ পোষকতা কৰিছে সংগঠনটোৱে৷ ব্ৰহ্মপুত্ৰৰ বুকুতো দেৱ-দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াটো বন্ধ কৰাৰ সময় আহি পৰিছে৷ আহিনৰ আগভাগতে ব্ৰহ্মপুত্ৰৰ পানী সাংঘাটিকধৰণে হ্ৰাস পোৱাটো অতি চিন্তাৰ বিষয় হৈ পৰিছে৷ আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰতিমা বিসৰ্জন দি লগে লগে তুলি অনাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্গাপূজাস্থলী তথা দেৱী বিসৰ্জনস্থলী পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাৰ আহ্বান জনাইছে৷ তেওঁ টুইটত কয়–মা দুৰ্গাৰ পূজাৰ অন্তত সমূহ পূজা আয়োজনলৈ আহ্বান –পূজা অনুষ্ঠিত থলি তথা দেৱীমূৰ্তি বিসৰ্জন দিয়া ঘাট পৰিষ্কাৰ-পৰিচন্নতা সু-নিশ্চিত কৰাটো আমাৰ দায়িত্ব৷ অনুগ্ৰহ কৰি সকলোৱে দায়ৱদ্ধতাৰে ঠাইসমূহে পৰিষ্কাৰ কৰি সুস্থ-স্বচ্ছ পৰিৱেশ সৃষ্টিত সহযোগিতা আগবঢ়াওক৷