Logo
image

দীপশিখাৰ সন্ধান নাই

এটা এটাকৈ উদ্ধাৰ মৃতদেহ

আমাৰ অসম, ৭ অক্টোবৰঃ উত্তৰাখণ্ডৰ দ্ৰৌপদী কা দাণ্ডা পৰ্বত শিখৰত নিখোঁজ পৰ্বতাৰোহীৰ সন্ধানত আজিও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এন ডি আৰ এফ, বায়ু সেনা আৰু ইণ্ডো-তিৰ্ব্বত সীমান্ত আৰক্ষীৰ জোৱানে৷ মঙলবাৰে পুৱা ভাগত উত্তৰ-কাশ্মীৰ বৰফাবৃত্ত পৰ্বতটোৰ শিখৰ পৰা উভটি অহা এটা পৰ্বতাৰোহী দলক ভূ-পৃষ্ঠাৰ পৰা প্ৰায় ১৬ হাজাৰ ফুট উচ্ছতাত হিমাবাহ খহি পুতি পেলায়৷ এই হিমস্খলনৰ ফলত অসমৰ দীপশিখা হাজৰিকা নামৰ পৰ্বতাৰোহীগৰাকীও নিখোঁজ হৈ আছে যদিও বৰ্তমানলৈ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰা অনুসৰি বৰ্তমানও প্ৰায় ২৯জন পৰ্বতাৰোহী বৰফৰ মাজত আৱদ্ধ হৈ আছে৷ অৱশ্যে উদ্ধাৰকাৰী দলে বুধবাৰে ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত বৃহস্পতিবাৰে আন ১২জন পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থী তথা প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ কৰে৷ এই পৰ্যন্ত উদ্ধাৰ হোৱা উত্তৰ কাশী নেহৰু ইনষ্টিটিউট অব মাউণ্টেনিয়াৰিঙৰ সৰ্বমুঠ ১৬জন পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ উল্লেখ্য, নেহৰু ইনষ্টিটিউট অব মাউণ্টেনিয়াৰিঙৰ এডভাঞ্চ ক’ৰ্চৰ ৩৪জন প্ৰশিক্ষাৰ্থী আৰু ৭জন প্ৰশিক্ষক হিমালয়ত এই দুৰ্ঘটনাত পতিত হয়৷ অৱশ্যে সৌভাগ্য ক্ৰমে ১০জন প্ৰশিক্ষাৰ্থী তথা প্ৰশিক্ষকক উদ্ধাৰ কৰিছে৷ আনহাতে, শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষাৰ্থী অসমৰ দীপশিখা হাজৰিকাও হিমস্খলনৰ পাছৰে পৰা সন্ধানহীন হৈ আছে৷ ইতিমধ্যে, কন্যা দীপশিখাৰ খবৰৰ সন্ধানত গুৱাহাটী ভঙাগড়ৰ শ্ৰীমন্তপুৰৰ বাসগৃহৰ পৰা পিতৃ গোপাল হাজৰিকা আৰু ভাতৃ উত্তৰাখণ্ডলৈ ৰাওনা হৈছে৷ বুধবাৰে নিশা দিল্লীৰ অসম ভৱনত কটোৱা দীপশিখাৰ পিতৃ-মাতৃক বৃহস্পতিবাৰে পুৱা স্বাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দীপশিখাৰ সন্ধান উলিওৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰাখণ্ড চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলিও মুখ্যমন্ত্ৰীয়ে গোলাপ হাজৰিকাক আশ্বাস প্ৰদান কৰে৷ বৃহস্পতিবাৰে দীপশিখাৰ পিতৃ আৰু ভাতৃয়ে দিল্লীৰ পৰা উত্তৰ-কাশীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ ২৮ বছৰীয়া দীপশিখাই চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনীয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল৷পৰ্বতৰোহণ ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত দীপশিখা অসম পৰ্বতাৰোহণ সন্থাৰো সদস্য ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল৷ দীপশিখাৰ পিতৃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত৷ ২৩ ছেপ্টেম্বৰত প্ৰশিক্ষণৰত দলটো হিমালয়ৰ পৰ্বতলৈ ৰাওনা হৈছিল৷ ২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰেীপদী কা দাণ্ডা শৃংগ গৈছিল৷ সুকলমে দলটোৱে শৃংগ আৰোহণ কৰি উভতাৰ পথত পুৱা প্ৰায় ৮ বাজি ৪৫ মিনিটত এই হিমস্খলনৰ সন্মুখীন হয়৷ ৰাজ্য চৰকাৰে এজন আই এ এছ বিষয়াক দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে৷