Logo
image

আজি আহিব অমিত শ্বাহ, নড্ডা বন্ধ থাকিব গুৱাহাটীৰ বহু ৰাস্তা

মহাযোগদান স্থগিত

আমাৰ অসম, ৭ অক্টোবৰঃ তিনিদিনীয়া কাৰ্যসূচী লৈ শুকুৰবাৰে বিয়লি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘বানমুক্ত অসম’ সন্দৰ্ভত এক বৈঠকত অংশ ল’ব৷ আনহাতে, শনিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ সৈতে ড্ৰাগ্‌ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত বৈঠকত মিলিত হ’ব অমিত শ্বাহ৷ উক্ত দিনা তেওঁ নৰ্থ-ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰৰ কাম-কাজৰো বুজ ল’ব৷ আনহাতে, দেওবাৰে উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিৱেশন আৰু আৰক্ষী অধিক্ষকসকলৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ভ্ৰমণসূচীৰ বিষয়ে সদৰী কৰি কয় যে শনিবাৰে অমিত শ্বাহে দিনৰ ৯ বজাত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰাৰ উপৰি ১০ বজাত প্ৰদেশ বিজেপিৰ ১১১টা মণ্ডল আৰু জিলা কাৰ্যালয়ৰ সমূহীয়া আধাৰশিলা স্থাপন কৰিব৷ শনিবাৰে দিনৰ এক বজাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সন্মিলনক সম্বোধন কৰিব অমিত শ্বাহে৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণসূচীক লৈ প্ৰশাসনে নতুন পথ নিৰ্দেশনা জাৰি কৰিছে৷ গুৱাহাটীৰ বহুকেইটা পথ বাণিজ্যিক বাহনৰ চলাচলৰ বাবে উক্ত সময়ছোৱাত বন্ধ থাকিব৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু সভাপতি নড্ডাৰ উপস্থিতিতে একাংশ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল যদিও অৱশেষত যোগদান কাৰ্যসূচী স্থগিত ৰাখিবলগীয়া হয়৷ মূলতঃ অন্তৰ্কন্দলৰ বাবেই প্ৰবীণ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমন সাময়িকভাৱে স্থগিত ৰাখিবলৈ বাধ্য হ’ল দলটোৰ ৰাজ্যিক নেতৃত্বই৷ মূলত উজনী অসমৰ তিনি বিধায়ক ক্ৰমে চক্ৰ গগৈ, তেৰছ গোৱালা আৰু বিনোদ হাজৰিকাই প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদানৰ মুকলি বিৰোধীতা কৰে৷ দললৈ প্ৰাঞ্জল ঘাটোৱাৰক আদৰণি জনোৱাৰ ক্ষেত্ৰত বিজেপিৰ নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে উজনী অসমত দলৰ অধিকাংশ নেতা কৰ্মীৰ মাজত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টৰ সৃষ্টি হয়৷ ফলত  প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে এক সংবাদমেলত এই যোগদান কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে৷ উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৮ অক্টোবৰত প্ৰাঞ্জল ঘাটোৱাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কথা আছিল৷ কিন্তু দলীয় কৰ্মী আৰু বিধায়কৰ মুকলি বিদ্ৰোহৰ পিছত বিজেপিৰ ৰাজ্যিক নেতৃত্যই এই যোগদান কাৰ্যসূচী স্থগিত ৰাখিবলৈ বাধ্য হয়৷ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই দাবী কৰা অনুসৰি ৮ অক্টোবৰত প্ৰায় ৫ হাজাৰ লোক বিজেপিত যোগদান কৰাৰ কথা আছিল৷ কিন্তু এই মহাযোগদান কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ প্ৰাঞ্জল ঘটোৱাৰৰ উপৰিও প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজিত সিং আৰু কংগ্ৰেছ ত্যাগ কৰি ইতিপূৰ্বে বিজেপিত যোগদান  কৰা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ো অমিত শ্বাহ আৰু জেপি নড্ডাৰ উপস্থিতিত বিজেপিগত যোগদান কৰাৰ কথা আছিল৷ কিন্তু অৱশেষত তেওঁলোকৰ যোগদান কাৰ্যসূচীও সাময়িকভাৱে বাতিল হয়৷ অসম চাহ মজদুৰ সংঘৰ সুদীৰ্ঘ সময়ৰ সভাপতি পৱন সিঙ ঘাটোৱাৰ আৰু প্ৰাক্তন বিধায়ক জীৱন তাৰা ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমনক কেন্দ্ৰ কৰি দলৰ অভ্যন্তৰত দীৰ্ঘ সময় ধৰি বিদ্ৰোহ অব্যাহত আছে৷ যাৰ ফলত শেষ মুহূৰ্তত এটা যোগদান কাৰ্যসূচী  স্থগিত ৰাখিবলৈ বাধ্য হয় প্ৰদেশ বিজেপি৷ য দলটোৰ অভ্যন্তৰত এই যোগদানক লৈ সৃষ্টি হোৱা অন্তকলহ তুংগত উঠাত দলৰ ৰাজ্যিক নেতৃত্বই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ অৱশ্যে মুখ ৰক্ষাৰ  চেষ্টা হিচাপে সভাপতি কলিতাই এই মহাযোগদান কাৰ্যসূচী সময়ৰ অভাৱত স্থগিত ৰাখিবলগীয়া হোৱা বুলি দাবী কৰিছে৷ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সমাগত ‘কাৰ্যকৰ্তা সন্মিলন’ৰ লগতে বশিষ্ঠস্থিত নৱ নিৰ্মিত ৰাজ্যিক কাৰ্যালয় উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতাই আজি এক সংবাদ মেল সম্বোধন কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য ৰাষ্ট্ৰীয় নেতৃত্ব, অসম চৰকাৰৰ মন্ত্ৰী, দলৰ বিধায়ক, সাংসদ, ৰাজ্যিক তথা জিলা বিষয়ববীয়া, দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত ৮ অক্টোবৰত বশিষ্ঠস্থিত বিজেপি অসম প্ৰদেশৰ নৱ নিৰ্মিত কাৰ্যালয় উদ্বোধন কৰা হ’ব৷ উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ কেইবাজনো জ্যেষ্ঠ কাৰ্যকৰ্তাক বিশেষভাৱে সন্মান জনোৱা হ’ব৷ উক্ত অনুষ্ঠানৰ সামৰণি পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ‘কাৰ্যকৰ্তা সন্মিলন’ অনুষ্ঠিত হ’ব৷ যত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৪৫ হাজৰো অধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব৷ উক্ত সন্মিলনত ৰাজ্যিক বিজেপিৰ ৪০খন সাংগঠনিক জিলাৰ পৰা বুথ সভাপতি, শক্তিকেন্দ্ৰ প্ৰমুখ, মণ্ডল সভাপতি, জিলা বিষয়ববীয়া সকল উপস্থিত থাকিব ইপিনে আজি সংবাদ মেলত সভাপতিজনে, ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা ৰাজ্যিক ক’ৰ সমিতি,  ৰাজ্যিক নিবাৰ্চন সমিতি, ৰাজ্যিক বিত্তীয় সমিতিৰ বিষয়ে সদৰী কৰাৰ লগতে সমিতিত স্থান লাভ কৰা সকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷ সেই অনুসৰি নিৰ্বাচন সমিতিত সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ দাস, অশোক সিংহল, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোচা, সাংসদ ড॰ ৰাজদ্বীপ ৰয়, কামাখ্যা প্ৰসাদ তাছা, উপ সভাপতি নৱ কুমাৰ দলে, অবিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই স্থান লাভ কৰে নিৰ্বাচন কমিটিৰ বিশেষ আমন্ত্ৰিত সদস্য সকল হ’ল ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, যুটীয়া সমম্বয়ক ঋতুৰাজ শৰ্মা,  নতুন ক’ৰ কমিটী সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ,  উপ সভানেত্ৰী বিজুলী কলিতা মেধী, উপ সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিজন সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, পুলক গোঁহাই, দিপ্লু ৰঞ্জন শৰ্মাক লৈ গঠন কৰা হৈছে৷ ক’ৰ কমিটিৰ বিশেষ আমন্ত্ৰিত সদস্যসকল হ’ল ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমণ্ময়ক সম্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা  বিত্তীয় সমিতিৰ অধ্যক্ষ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা৷ সদস্য সচিব ৰাজকুমাৰ শৰ্মা, সদস্য মানাক ছৰাফ, বিজয় কুমাৰ গুপ্তা আৰু কৃষ্ণেন্দু পাল৷