Logo
image

আজিও ৭খনকৈ জিলাত নাই আইচিইউ

আমাৰ অসম, ৭ অক্টোবৰঃ একমাত্ৰ চিকিৎসা আন্তঃগাঁথনিৰ অভাৱৰ বাবেই মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়ত অকাল মৃত্যুক সাৱটিলে ৰাজ্যৰ এগৰাকী প্ৰতিভাৱান শিল্পী তেজস্বীতা বৰুৱাই৷ অক্সিজেন চিলিণ্ডাৰত পৰ্যাপ্ত অক্সিজেন নথকাৰ বাবেই চিকিৎসক-নাৰ্চৰ অৱহেলাত কণমানি শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি অভিভাৱকে দাবী কৰিছে৷ স্বাভাৱিকতেই এতিয়া তেজস্বিতাৰ মৃত্যুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই অহা ভুৱা ছবিখনকে উন্মোচিত কৰা বুলিহে অভিযোগ উঠিছে৷ এক কথাত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ পয়ালগা দিশটোকে উন্মোচন কৰিলে তেজস্বিতাৰ মৃত্যুৰ ঘটনাই৷ মাজুলীৰ শ্ৰীশ্ৰী পিতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত চিলিণ্ডাৰত অক্সিজেন নথকাতো সাধাৰণ এটা উদাহৰণ যদিও ৰাজ্যৰ ৭ খন জিলাৰ অসামৰিক হাস্পতালত নাই এখনো আইচিইউ বেড৷ যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক বাদ দি ৰাজ্যৰ কোনো এখন জিলাৰ হাস্পতালেই সংকটজনক তথা জৰুৰী চিকিৎসাজনিত ৰোগীৰ বাবে সুবিধাজনক নহয় বুলিও চৰ্চা লাভ  কৰিছে৷ শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলে সভাই-সমিতিয়ে হাস্পতালৰ ডাঙৰ ডাঙৰ কংক্ৰিটৰ বিল্ডিং নিৰ্মাণকে স্বাস্থ্যখণ্ডৰ উন্নয়ন সাধন হোৱা বুলি ফটা ঢোল কোবালেও হাস্পতালৰ বিশাল বিল্ডিঙত ৰোগীক প্ৰাথমিক চিকিৎসাৰ বাবেও আন্তঃগাঁথনিৰ অভাৱৰ অবাঞ্ছিত কাৰ্যহে পৰিস্ফূট হৈছে৷ সদ্যসমাপ্ত অসম বিধানসভাৰ মজিয়াতে ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী হাস্পতালৰ আন্তঃগাঁথনিৰ অভাৱৰ তথ্য ৰাজহুৱাকৈ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিজেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ স্বাস্থ্যখণ্ডৰ পয়ালগা দিশটো উন্মোচন কৰিছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও চৰকাৰী তথ্যত প্ৰকাশ কৰা মতে ৰাজ্যৰ জ্জ খন জিলাৰ চিভিল হাস্পতালত নাই সংকটজনক ৰোগীৰ চিকিৎসাৰ বাবে এখনো  আইচিইউ বেড৷ এক কথাত এইকেইখন জিলাত শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা ৰোগী চিকিৎসালয়ত ভৰ্তি হ’লে মৃত্যু যেন নিশ্চিত৷ তথ্য অনুসৰি পাহাৰীয়া ডিমা-হাচাও জিলাত কাগজে-কলমে ১১ খন আইচিইউ বেড আছে যদিও বাস্তৱত ইয়াৰ এখনো কাৰ্যক্ষম নহয়৷ একেদৰে বজালী জিলা হাস্পতালতো ৪ খন আইচিইউ বেড আছে৷ কিন্তু উক্ত আইচিইউ বেড কেইখনো আজিও কাৰ্যক্ষম হৈ নুঠিল৷ স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে বিশ্বনাথ জিলা, তামুলপুৰ জিলা, দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰু কামৰূপ জিলাত নাই কোনো আইচিইউ বেড৷ বৰপেটা জিলা অসামৰিক হাস্পতালত ১৪ খন  আৰু কাছাৰৰ এছ এম দেৱ অসামৰিক হাস্পতালত ৫ খন আইচিইউ বেড আছিল যদিও উক্ত বেডসমূহ আজিও কাৰ্যক্ষম হৈ নুঠিল৷ ৰাজ্যৰ ৩.৫ কোটি জনসংখ্যাৰ বিপৰীতে চৰকাৰী হাস্পতালত অক্সিজেনযুক্ত বেড আছে মাত্ৰ ৯,৯৩০ খন৷ আনহাতে, ৰাজ্যত ১৫৫৬ খন ভেণ্টিলেটৰযুক্ত বেড আছে যদিও ৯ খন জিলাৰ হাস্পতালত নাই কোনো ভেণ্টিলেটৰ বেডৰ সুবিধা৷ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্যৰ ৬৫৮টা উপ-স্বাস্থ্য কেন্দ্ৰ আজিও ভাৰাঘৰতে চলি আছে৷ আশ্চৰ্যজনকভাৱে দক্ষিণ শালমাৰা মানকাচৰ জিলাত নাই এটাও অস্ত্ৰোপ্ৰচাৰ কক্ষ৷ তদুপৰি বজালী, চৰাইদেউ, কামৰূপ আৰু পশ্চিম কাৰ্বি আংলং জিলাত নাই কোনো ব্লাড বেংক৷ কণমানি শিল্পী তেজস্বীতা বৰুৱাই কৰুণ মৃত্যুক সাৱটি লোৱা গড়মূৰৰ পিতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ক ২০০খন বেডযুক্ত হাস্পতাললৈ উন্নীত কৰাৰ বাবে ২০১৯চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলান্যাস কৰাৰ লগতে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৩.৮০ কোটি টকা মোকলাই দিয়াৰ কথাও ঘোষণা কৰিছিল৷ কিন্তু ইয়াৰ পাছতো চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়ন নোহোৱাৰ পৰিণতি তেজস্বীতাৰ ঘটনাই উদঙাই দিলে বুলিও মাজুলীবাসীয়ে ক্ষোভ ব্যক্ত কৰিছে৷