Logo
image

বাংলাদেশী যুৱককে কন্যাদান অনুপ চেতিয়াৰ

আমাৰ অসম, ৭ অক্টোবৰঃ স্বাধীন অসমৰ সপোন বুকুত লৈ সুদীৰ্ঘ ২৮ বছৰ ধৰি বাংলাদেশৰ কাৰাগাৰৰৰ বাহিৰে-ভিতৰে কটোৱা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই এইবাৰ বাংলাদেশৰ সৈতে ঘৰুৱা সম্বন্ধ গঢ়াৰ বাবে সাজু হৈছে৷ অনুপ চেতিয়াই তনয়া বন্যা বৰুৱাক বাংলাদেশৰ বোৱাৰী ৰূপে কন্যাদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বাংলাদেশৰ ধানমণ্ডিৰ যুৱক অনিৰ্বাণ চৌধুৰীলৈ প্ৰেম সূত্ৰে বিয়া দিব কন্যা বন্যাক৷ কৰ্মসূত্ৰে অষ্ট্ৰেলিয়াত থকা অনিৰ্বাণ চৌধুৰীৰ সৈতে ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত হিন্দু বৈদিক ৰীতিৰে বিবাহ পাশত আবদ্ধ হ’ব বন্যা বৰুৱা৷ স্বাভাৱিকতেই এই প্ৰেমিক যুগলৰ বিবাহক লৈ ঢাকাৰ সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে৷ ইতিমধ্যে চাবুৱাৰ জেৰাই গাঁৱৰ বাসগৃহত কন্যাৰ বিবাহৰ আনুষ্ঠানিক নীতি-নিয়ম সম্পন্ন কৰিছে অনুপ চেতিয়াই৷ বিয়াৰ উপলক্ষে মটক জনগোষ্ঠীয় পৰম্পৰা অনুসৰি ৩০ ছেপ্টেম্বৰত ন-পুৰুষৰ সকাম অনুষ্ঠিত কৰে চেতিয়া পৰিয়ালে৷ বাংলাদেশৰ যুৱকৰ সৈতে নিজৰ কন্যাক  বিয়া  দিয়াৰ সন্দৰ্ভত অনুপ চেতিয়াই কয় যে– ঢাকাৰ ধানমণ্ডিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেচনেল স্কুলত পঢ়ি থাকোঁতে তেওঁৰ কন্যাই হ’বলগীয়া জোৱাই অনিৰ্বাণ চৌধুৰীক লগ পাইছিল৷ তাৰ পাছত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল৷ সেয়েহে তেওঁলোকৰ বিয়াৰ বাবে অনুপ চেতিয়াৰ পৰিয়াল সন্মত হয় বুলি উল্লেখ কৰে৷ অনুপ চেতিয়াই লগতে কয় যে সুদীৰ্ঘ ২৮ বছৰ ধৰি তেওঁ বাংলাদেশত আছিল৷ তেওঁ বাংলাদেশৰ জনসাধাৰণৰ আতিথ্য আৰু মৰম পাইছে৷ সেয়েহে বাংলাদেশৰ জনসাধাৰণৰ প্ৰতি এক দুৰ্বলতা আছে তেওঁৰ৷ বিয়াত সন্মত হোৱাৰ এইটোও এটা কাৰণ বুলি সাংবাদিকক জানিবলৈ দিছে অনুপ চেতিয়াই৷ বাংলাদেশলৈ  যোৱাৰ পৰিকল্পনাৰ  সন্দৰ্ভত আলফা নেতাজনে কয়– ‘যেতিয়া মই বাংলাদেশত আছিলো, মই মোৰ পৰিচয় লুকুৱাই ৰাখিছিলোঁ৷ বাকী সময়ত মই কাৰাগাৰত আছিলোঁ৷ এইবাৰ মই সকলোকে আইনীভাৱে লগ কৰিব বিচাৰোঁ৷ কিন্তু ভাৰত আৰু বাংলাদেশৰ চৰকাৰে মোৰ আগমন ভালদৰে নাচাব৷ কিন্তু বিয়াখন হৈ গ’লে এবাৰ মই যাম৷ তাত মোৰ বহু বন্ধু আছে, তেওঁলোকক লগ পোৱাৰ যথেষ্ট ইচ্ছা আছে৷’ উল্লেখ্য, অসমৰ স্বাধীনতাৰ বাবে প্ৰায় তিনি দশক ধৰি সশস্ত্ৰ কাৰ্যকলাপ চলাই অহা ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম [আলফা]ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাক ১৯৯৭ চনৰ ২১ ডিচেম্বৰত বাংলাদেশ আৰক্ষীয়ে ঢাকাৰ মহম্মদপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁৰ বিৰুদ্ধে অবৈধভাৱে বাংলাদেশত আশ্ৰয় লোৱা আৰু অবৈধভাৱে বিদেশী মুদ্ৰা তথা¸ ছেটেলাইট ফোন ৰখাৰ অপৰাধত তিনিটা গোচৰ ৰুজু কৰা হৈছিল৷ আদালতে তেওঁক তিনিওটা গোচৰত ক্ৰমান্বয়ে তিনি, চাৰি আৰু সাত বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছিল৷ ২০১৫ চনৰ ১২ নৱেম্বৰত কাশিমপুৰ কাৰাগাৰৰ পৰা তেওঁক ভাৰতক গতাই দিয়া হৈছিল৷ ২৭ বছৰীয়া বন্যাই তিনি বছৰৰ ডাঙৰ অনিৰ্বাণৰ সৈতে পিতৃৰ সংগ্ৰামৰ মাজতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল সেয়া স্পষ্ট হৈ পৰিছে৷ অনুপ চেতিয়াই জানিবলৈ দিয়া অনুসৰি হ’বলগীয়া জোঁৱায়েক আৰু তেওঁৰ ভ্ৰাতৃ অষ্ট্ৰেলিয়াত থাকে যদিও চাৰ্টাৰ্ড একাউনটেণ্ট পিতৃ-মাতৃ বাংলাদেশতে থাকে৷