Logo
image

’২৪ৰ ৰণদুন্দুভি বজাবলৈ আহিল নড্ডা, অমিত শ্বাহ

আজি উদ্বোধন বিজেপিৰ বহু কোটি টকীয়া কাৰ্যালয়

আমাৰ অসম, ৮ অক্টোবৰঃ লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন৷ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ১৪ টাতে ‘ক্লিন ছুইফ’ লাগে বিজেপিৰ শীৰ্ষ নেতৃত্বক৷ বিশেষকৈ বিৰোধীৰ দখলত থকা কলিয়াবৰ, নগাঁও, কোকৰাঝাৰত শেনচকু বিজেপিৰ৷ ইয়াৰ বাবে আগতীয়া ৰণদুন্দুভি বজাবলৈ অসমলৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় নড্ডা আৰু অমিত শ্বাহ৷ সুকীয়া সুকীয়া বিশেষ বিমানেৰে গুৱাহাটী বিমান বন্দৰত পদাৰ্পণ কৰাৰ পাছতে দুয়োজন নেতাকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি ৰাজ্যিক বিজেপিৰ নেতৃত্বই বিপুলভাৱে আদৰণি জনায়৷ বিমানবন্দৰৰ বাহিৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু  ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক আদৰিবৰ বাবে বিজেপিয়ে বিহুদলকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো ব্যৱস্থা কৰে৷ শ শ বিজেপিৰ কাৰ্যকৰ্তাই ‘ভাৰত মাতা কী জয়’ ধবনি দি তেওঁলোকৰ হাইকমাণ্ডক অভিবাদন জনায়৷ উল্লেখ্য যে বিমানবন্দৰৰ পৰা পোনে পোনে অমিত শ্বাহ আৰু জে পি নড্ডা কইনাধৰাৰ এক নং ৰাজ্যিক অতিথিশালাৰ দিশে আগবাঢ়ে৷ কইনাধৰাৰ অতিথিশালাত তেওঁলোকে প্ৰদেশ বিজেপিৰ নৱগঠিত ক’ৰ কমিটীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ ২০২৪ৰ লোকসভাৰ নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত কৰা এই বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে প্ৰদেশ বিজেপিৰ ক’ৰ কমিটীৰ সকলো বিষয়ববীয়া উপস্থিত থাকে৷ উল্লেখ্য যে কাইলৈ অমিত শ্বাহ আৰু জে পি নড্ডাই গুৱাহাটীৰ বশিষ্ঠত নতুনকৈ নিৰ্মাণ কৰা ছমহলীয়া প্ৰদেশ বিজেপিৰ নতুন কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন মুকলি কৰিব৷ ইয়াৰ লগতে মুকলি হ’ব বিজেপিৰ ৯টা জিলা কাৰ্যালয় আৰু ৭৫টা মণ্ডল কাৰ্যালয়৷ দিনৰ  ১ বজাত নড্ডা আৰু অমিত শ্বাহে খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব লগা এক বৃহৎ কাৰ্যকৰ্তাৰ সন্মিলন সম্বোধন কৰিব৷ কাৰ্যতঃ এই সন্মিলনতে বিজেপিৰ কাৰ্যকৰ্তা সকলক ২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণ জিকাৰ দীক্ষা দিব নড্ডা-অমিত শ্বাহে৷ দলীয় কাৰ্যসূচীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সন্ধিয়া বানমুক্ত অসম সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে৷  শ্বাহে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয় আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গক লৈ অসমক কেনেদৰে বানমুক্ত কৰিব পাৰি ইয়াৰ মন্ত্ৰণা কৰে৷ অসমক বানমুক্ত কৰিবৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ অমিত শ্বাহে নিৰ্দেশনা দিয়ে৷ ইয়াৰ লগতে জলাশয় সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিয়ে অমিত শ্বাহে৷ বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত থাকে৷ ৮ অক্টোবৰত ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে আলোচনাত মিলিত হ’ব অমিত শ্বাহ৷ পুৱাই তেওঁ কামাখ্যা মন্দিৰত পূজা আগবঢ়াব বুলিও জানিব পৰা গৈছে৷ ৯ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিৱেশনত অংশ লোৱাৰ উপৰি দেৰগাঁৱত অনুষ্ঠিত হ’ব লগা আৰক্ষী অধীক্ষক পৰ্যায়ৰ  ৰাজ্যিক  বৈঠকতো উপস্থিত থাকিব৷ উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনক লক্ষ্য কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ইতিমধ্যে অসম বিজেপিৰ ৰাজ্যিক ক’ৰ কমিটী, নিৰ্বাচন কমিটী, বিত্তীয় কমিটী আৰু অনুশালন কমিটীসমূহ গঠন কৰি দিছে৷ 

আজি মুকলি হ’ব আটকধুনীয়া বাজপেয়ী ভৱন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাই শনিবাৰে গুৱাহাটীৰ বশিষ্ঠত নৱনিৰ্মিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধন কৰিব৷ দিনৰ ১০-৩৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকিব৷ এই অনুষ্ঠানতে বিজেপিৰ ৯টা জিলা কাৰ্যালয় আৰু ৭৫টা মণ্ডল কাৰ্যালয় ভাৰ্ছুৱেলী উদ্বোধন কৰিব নড্ডা আৰু অমিত শ্বাহে৷ উক্ত কাৰ্যসূচীৰ পাছতে দিনৰ ১ বজাৰ পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যিক বিজেপিৰ ৪৫ হাজাৰ কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত হ’ব বৃহৎ কাৰ্যালয়’ সন্মিলন৷ এই সন্মিলনক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ভাষণ দিব৷  লক্ষণীয় যে প্ৰায় এক লাখ এক হাজাৰ বৰ্গ ফুটৰ কাইলৈ মুকলি হ’বলগীয়া প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ কেৱল বিল্ডিং নিৰ্মাণতে ব্যয় হৈছে প্ৰায় ৩০ কোটি টকা৷ ফাইভ ষ্টাৰ হোটেল সদৃশ ভিতৰৰ কাৰুকাৰ্য আৰু  আচবাব পত্ৰ হিচাপ কৰিলে ভৱনটোৰ নিৰ্মাণ ব্যয় আৰু কেইবা কোটি টকা বৃদ্ধি পাব৷ ৬ মহলীয়া এই ভৱনটো ৪ বিঘা মাটি সামৰি নিৰ্মাণ কৰা হৈছে৷ ভৱনটোত আছে ৩০ টাৰো অধিক কোঠা৷ প্ৰথম আৰু দ্বিতীয় মহলা সামৰি নিৰ্মাণ কৰা হৈছে  দুমহলীয়া আটকধুনীয়া মূল প্ৰেক্ষাগৃহ৷ প্ৰায় দুশ মানুহৰ আসনৰ ব্যৱস্থা আছে এই প্ৰেক্ষাগৃহত৷ প্ৰতিটো মহলাত আছে একোটাকৈ কনফাৰেন্স ৰুম৷ দ্বিতীয় মহলাত আছে মিডিয়া কনফাৰেন্স ৰুম৷ আই টি চেলৰ পৰা ছ’চিয়েল মিডিয়ালৈ বিভিন্ন কোঠা আছে নতুন বাজপেয়ী ভৱনত৷ বিষয়ববীয়া বাবে সুকীয়া কোঠা, অতিথি শালা, মুকলি পাৰ্কিং, ৰান্ধনিঘৰ আদিৰো ব্যৱস্থা আছে বাজপেয়ী ভৱনত৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমলৈ আহিছে কেৱল দলীয় মুনাফা আদায় কৰিবলৈঃ তৃণমূল কংগ্ৰেছ

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম আগমনৰ সময়ত কেতবোৰ প্ৰশ্নৰে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল৷ শুকুৰবাৰে গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশি প্ৰশ্নসমূহ উত্থাপন কৰি ইয়াৰ সদুত্তৰ বিচাৰে৷ ২০১৪ চনৰ পৰা কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ বাবে ৰাজ্যখনে বছৰি ৪ ৰ পৰা ৫ হাজাৰ কোটি টকা লাভৰ পৰা বঞ্চিত হৈ বুলি মন্তব্য কৰি শৰ্মাই অসমৰ প্ৰতি বিজেপিৰ এই বঞ্চনা কিয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰশ্ন কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰা হ’ব বুলি মন্তব্য কৰাৰ পাছতো আজিলৈকে এই সন্দৰ্ভত কিয় একো পদক্ষেপ লোৱা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে৷ প্ৰসংগক্ৰমে তেওঁ ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজ্য চৰকাৰখনে কেন্দ্ৰৰ ওচৰত জমা দিবলৈয়ে সাহস নকৰা বুলি কটাক্ষ কৰে৷ সেইদৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰই কৰি অহা ভেঙুচালিৰ ক্ষেত্ৰতো সৰৱ হৈ পৰে নেতাগৰাকী৷ শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ ঘোষণা কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক বঞ্চনা কৰি চূড়ান্ত অপমান কৰা বুলি মন্তব্য কৰে শৰ্মাই৷ কেৱল নিৰ্বাচনৰ আগত ভোট ভিক্ষা কৰাৰ সময়ত জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি দিয়াতহে বিজেপি পাকৈত বুলি লগতে গুৰুতৰ অভিযোগ উত্থাপন কৰি শৰ্মাই কয় যে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহৰ পৰা মিঠা মিঠা নতুন প্ৰতিশ্ৰুতিৰ শুনাৰ পূৰ্বে এই বিষয়ত নিজৰ ব্যৰ্থতা আৰু অসমৰ প্ৰতি অমনোযোগিতাৰ দোষ স্বীকাৰ কৰিবলৈ দাবী জনায়৷ ‘কা’ আইন প্ৰণয়ন কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰাৰ জৰিয়তে কেন্দ্ৰই অসম চুক্তিৰ ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিত্তিবৰ্ষক উলংঘা কৰা বুলি সোঁৱৰাই দি এই নিয়ম ভংগৰ বাবে দিলীপ কুমাৰ শৰ্মাই জবাবদিহি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক৷ বঞ্চনা কৰাৰ সময়ত অসমৰ জনসাধাৰণলৈ কিয় মনত নপৰে বুলি প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক অসমবাসীৰ প্ৰতি ভুৱা দৰদৰ নাটক বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে৷ আনহাতে অসমৰ প্ৰতি বিজেপিৰ বঞ্চনাৰ তালিকা যথেষ্ট দীঘলীয়া বুলি মন্তব্য কৰি দিলীপ কুমাৰ শৰ্মাই সংবাদমেলত লগতে বান গৰাখহনীয়াৰ ক্ষেত্ৰত কেন্দ্ৰই কৰি অহা বঞ্চনাৰ তথ্য পুনৰ এবাৰ দাঙি ধৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উদ্দেশি৷ ৪ বছৰত অসমে কেন্দ্ৰৰ পৰা বান সাহায্য হিচাপে ৯৪৭৫.৮৮ কোটি টকা বিচৰাৰ বিপৰীতে কণা হাঁহক পতান দিয়াৰ দৰে মাত্ৰ ৪৪ কোটি টকাহে আগবঢ়াই অসমৰ প্ৰতি কেন্দ্ৰৰ গুৰুত্বহীনতাক উদঙাই দিয়া বুলি অভিযোগ কৰি এই বিষয়ত উত্তৰ দিবলৈ দাবী জনায়৷  ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ প্ৰসংগ উত্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে স্বয়ং তেওঁৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিপৰীতে কাম কৰাৰ কথা উল্লেখ কৰে৷