Logo
image

টুটি আহিছে আশা, উঃ কাশীত দীপশিখাৰ পিতৃ

আমাৰ অসম, ৮ অক্টোবৰঃ বিগত চাৰি দিনেও কোনো সন্ধান ওলোৱা নাই অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ৷ উত্তৰাখণ্ডৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা পৰ্বতত হিমস্খলনৰ ফলত নিখোঁজ হোৱা পৰ্বতাৰোহী দলটোৰ সন্ধানত সেনা, আই টি বি পি আৰু এন ডি আৰ এফৰ জোৱানে যুদ্ধকালীন ক্ষীপ্ৰতাৰে অভিযান অব্যাহত ৰাখিছে যদিও অসমৰ দীপশিখাকে ধৰি তিনিজন পৰ্বতাৰোহীৰ বৰ্তমানেও কোনো সন্ধান ওলোৱা নাই৷ উত্তৰ কাশীৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিঙৰ প্ৰশিক্ষাৰ্থী গুৱাহাটীৰ ভঙাগড়ৰ দীপশিখাৰ সন্ধানত এতিয়া উত্তৰ কাশীত বাহৰ পাতিছে দীপশিখাৰ পৰিয়ালে৷ অসম চৰকাৰৰ সহযোগত বৃহস্পতিবাৰে উত্তৰাখণ্ডত উপস্থিত হয় দীপশিখা হাজৰিকাৰ পিতৃ গোলাপ হাজৰিকা আৰু দীপশিখাৰ ভাতৃ৷ কন্যা তথা ভগ্নীক উদ্ধাৰৰ আশাত উত্তৰকাশীৰ নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেনিয়াৰিঙতে উজাগৰী নিশা পাৰ কৰিছে পিতৃ-ভাতৃয়ে৷ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে জানিবলৈ দিয়া মতে, হিমস্খলনত আৱদ্ধসকলক উদ্ধাৰৰ বাবে মুঠ ৩০টা উদ্ধাৰকাৰী দল সেই স্থানত মোতায়ন কৰা হৈছে৷ সম্প্ৰতি হিমস্খলনত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷ শুকুৰবাৰলৈ ২৬জন পৰ্বতাৰোহী তথা প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে৷ শুকুৰবাৰৰ দিনটোত উদ্ধাৰ কৰা মৃতদেহকেইটাৰ ভিতৰত ৭জনেই পৰ্বতাৰোহী বুলি প্ৰকাশ কৰিছে৷ মৃতদেহকেইটা হেলিকপ্টাৰৰে মাতলি হেলিপেডলৈ অনাৰ পাছতেই পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা কৰে প্ৰশাসনে৷ বৃহস্পতিবাৰে ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ আৰক্ষী সঞ্চালকপ্ৰধান অশোক কুমাৰে লগতে জানিবলৈ দিয়া মতে বতৰ বেয়া হোৱা বাবে উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল যদিও শুকুৰবাৰে পুনৰ উদ্ধাৰ কাৰ্য চলোৱা হয়৷ উল্লেখ্য, উচ্ছ হিমালয় অঞ্চলত প্ৰশিক্ষণৰ বাবে ওলাই যোৱা পৰ্বতাৰোহী প্ৰতিষ্ঠানটোৰ ৪৪জনীয়া প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষকৰ এটা দল মঙলবাৰে পুৱা দ্ৰৌপদী কা দণ্ডা পৰ্বত শৃংগৰ ১৬ হাজাৰ ফুট উচ্ছতাত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল৷ অৱশ্যে ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ হাই অল্টিটিউড ৱাৰফেয়াৰ স্কুলৰ গুলমাৰ্গৰ সৈনিকসকলে হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে৷ ভাৰতীয় সেনা, আই টি বি পি, এছ ডি আৰ এফ আৰু জিলা প্ৰশাসনৰ লোকসকলো উদ্ধাৰ অভিযানত জড়িত হৈ আছে৷ উল্লেখ্য, বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ দুজন পৰ্বতাৰোহীৰ সন্ধান পোৱা নাই৷ গুৱাহাটীৰ দীপশিখা হাজৰিকাৰ লগতে মেঘালয়ৰ টিক্লু জিৰৱা নামৰ ৩৫ বছৰীয়া যুৱকজনো সন্ধানহীন হৈ আছে৷ টিক্লু জিৰৱা মেঘালয় স্প’ৰ্ট ক্লাইম্বিং এণ্ড মাউণ্টেনিয়াৰিং এছ’চিয়েচনৰ সদস্য৷