Logo
image

তেজস্বিতা নাই, মাজুলীৰ স্কুলত কান্দোনৰ ৰোল

আমাৰ অসম, ৮ অক্টোবৰঃ ১৯১৪ খ্ৰীষ্টাব্দ৷ মাজুলীৰ স্বাস্থ্য খণ্ডত এক নতুন অধ্যায়ৰ সূচনা হৈছিল৷ জ্বৰ-নৰিয়া হ’লেই আইসকললৈ টোপোলা বন্ধা, জাতিলাওৰ পাত পিহি ভৰণ দিয়া, নাৰী বৰ্ণ এপালি ঔষধ সেৱন কৰিবলৈ দিয়া আদি পুৰণি পদ্ধতিৰ সলনি ঘটাই বিনয় ঘোষ নামৰ এজন ডাক্তৰ গুৱাহাটীৰ পৰা আহি মাজুলীৰ বনগাঁৱত চিকিৎসা সেৱা আৰম্ভ কৰিছিল৷ বিনিময়ত পাইছিল মাজুলীৰ মানুহৰ মৰম আৰু অঞ্চলটোৰ কোনোজনে পঁচিশ পইছাকৈ ৰাইজৰ পৰা তেওঁৰ হাতত তুলি দিছিল কিঞ্চিৎ অৰ্থ৷ এনেকৈয়ে পাৰ হৈ অহা সময়ত মাজুলীৰ বহুখিনি পৰিৱৰ্তন হ’ল৷ চিকিৎসাৰ ক্ষেত্ৰখনতো৷ পিছে একবিংশ শতিকাৰ এই দশকটো মাজুলীবাসীয়ে চিকিৎসাৰ যিসমূহ সেৱা-সুবিধা পাব লাগিছিল তাৰ পৰা বঞ্চিত হৈয়েই আছে৷ মাজুলীৰ প্ৰতিভাৱান ছাত্ৰী তেজস্বিতা বৰুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ চৰজমিন খবৰ ল’বলৈ বৃহস্পতিবাৰে দুপৰীয়া মাজুলীত উপস্থিত হৈছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ বৰ্তমান মাজুলীৰ চিকিৎসালয়সমূহত চিকিৎসকৰ অভাৱ সম্পৰ্কত মন্ত্ৰীজনে যি মন্তব্য কৰিলে তাক লৈ আজিও প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মাজুলীত৷ মাজুলীত ৰাইজৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখত মন্ত্ৰীয়ে কয়, ‘ডাক্তৰক ইয়ালৈ পঠিয়াাই দিলেই তেওঁ হয় বেলেগ জেগা বিচাৰে, নহয় ৰিজাইন দি গুচি যায়৷ মই মুকলিকৈ কৈছোঁ, আপোনালোকৰ যদি কোনো বন্ধু-বান্ধব ডাক্তৰ আছে কওক, এতিয়াই নাম কওক আহিবলৈ ইচ্ছা থকা, মই ইয়াত থাকোঁতেই অৰ্ডাৰ কৰিম আৰু মই গৈ পোৱাৰ আগতে ইয়াত অৰ্ডাৰ পাব৷ কওক আছে যদি তেনে কোনো নাম৷ তালৈকে মই ৰেডী আছোঁ৷ যিসকলে ডাক্তৰ পঢ়িছে, আমাৰ দৰে তেওঁলোকৰটো ভাই-ককাই, বাই-ভনী আছে৷ তেওঁলোকে যদি আহিবলৈ ইচ্ছা নকৰে কি কৰিব৷ আমি বেলেগ চাকৰিয়ালক যেনেকৈ বাধ্য কৰাব পাৰো ডাক্তৰজনকটো নোৱাৰোঁ৷ ডাক্তৰজনেটো ইয়াত বাদ দি দিব, বেলেগত চাকৰি কৰিব৷’ দায়িত্বশীল মন্ত্ৰীজনৰ এনে মন্তব্যত হতাশ হৈ পৰিছে মাজুলীবাসী৷ ইফালে একেদিনাই প্ৰয়াত তেজস্বিতাৰ ঘৰত উপস্থিত হোৱা  স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক কান্দি কান্দি তেজস্বিতাৰ পিতৃ বাবুল বৰুৱাই কয়, ‘আপোনাক কৰযোৰে কৈছোঁ মাজুলীৰ বাবে কিবা এটা কৰক, মোৰ একমাত্ৰ ছোৱালীজনীক আজি মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ লগতে চিকিৎসক, নাৰ্ছৰ গাফিলতি কাৰণেই হাততে হেৰুৱালোঁ৷ আজি আমি মোৰ ছোৱালীজনীৰ ৰূপত এজনী তেজস্বিতাক হেৰুৱাইছোঁ, কাইলৈ যাতে আৰু হাজাৰজনী তেজস্বিতাক মাজুলীয়ে হেৰুওৱাব নালাগে৷ আপোনালোকে গুৰুত্ব দিয়ক, পাৰিলে মাজুলীত এখন মেডিকেল কলেজ বনাওক৷ উপযুক্ত চিকিৎসাৰ অভাৱত মাজুলীৰ বহুত মানুহৰ ইতিমধ্যেই অকাল মৃত্যু ঘটিছে৷ জিলা চিকিৎসালয়খনত থাকিব লগা উপযুক্ত সা-সুবিধাসমূহ আপোনালোকে আজিপৰ্যন্ত কিয় কৰিব নোৱাৰিলে?’ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তীত নিজ গাঁৱৰ নামঘৰত অনুষ্ঠিত অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ নামঘৰতে ঢলি পৰা বহু প্ৰতিশ্ৰুতিসম্পন্ন শিল্পী তেজস্বিতাৰ পৰৱৰ্তী সময়ত গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী জিলা হাস্পতালতে অকাল মৃত্যু ঘটিছিল৷ পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে চিকিৎসক, নাৰ্ছৰ গাফিলতি আৰু জিলা পৰ্যায়ৰ চিকিৎসালয়খনত থাকিবলগা সু-চিকিৎসাৰ অভাৱৰ বাবেই কণমানি শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল৷ এনে পৰিপ্ৰেক্ষিতত মাজুলীবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মন্ত্ৰীজনে সাংবাদিকক আৰু জনায় যে, চিকিৎসালয়খনৰ যিখিনি অসুবিধা আছে, সেইসমূহ অহা এমাহৰ ভিতৰত দূৰ কৰিবলৈ স্বাস্থ্য বিভাগে সম্পূৰ্ণ চেষ্টা কৰিব৷ চিকিৎসালয়খনত থকা ইয়াত থকা এ এন এম নাৰ্ছসকলৰ মাজৰে চাৰিগৰাকীক ডিব্ৰুগড় মেডিকেল কলেজত প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ শীঘ্ৰেই চিকিৎসালয়খনত এজন ৰেডিঅ’লজিষ্টৰ ব্যৱস্থা কৰাৰো আশ্বাস দিয়ে মন্ত্ৰী মহন্তই৷ চিকিৎসালয়খনত জেনেৰেল ছাৰ্জাৰী কৰিবলৈ কিছু অসুবিধা আছে, সেয়া দূৰ কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ লগত ¸টাই-আপ কৰি জেনেৰেল ছাৰ্জাৰীৰ সু-ব্যৱস্থা কৰা হ’ব বুলিও কয়৷ এমাহৰ ভিতৰত এই চিকিৎসালয়ৰ কাম-কাজ উন্নত হ’ব বুলি জানিবলৈ দি কয় অহা ৰাসৰ আগত চিকিৎসালয়ৰ সু-ব্যৱস্থা দেখা পাব বুলি আশ্বাস প্ৰদান কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে ৰাতি ৰোগী পাৰাপাৰৰ বাবে বিকল হৈ থকা নৌকা এম্বুলেন্সখনো শীঘ্ৰে কাৰ্যক্ষম কৰি তোলা হ’ব বুলি জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত কাৰোবাক নিলম্বন কৰা হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কাকো নিলম্বন কৰা হোৱা নাই বুলি কৈ তদন্তৰ পিছতহে দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি জনায়৷ ইফালে আজি মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত অধীক্ষকৰূপে ডাঃ কিশোৰ কুমাৰ কামানে যোগদান কৰে৷ তদুপৰি, জিলা চিকিৎসালয়ত তিনিখন নতুন ১০৮এম্বুলেন্স সংযোজন ঘটায়৷ ইফালে পূজাৰ বন্ধৰ অন্তত আজিৰ পৰা বিদ্যালয়সমূহ আৰম্ভ হোৱাত তেজস্বিতাই অধ্যয়ন কৰা আইলেণ্ড একাডেমীত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ তেজস্বিতাহীন বিদ্যালয়খনত প্ৰাৰ্থনা সভাতে কান্দোনত ভাগি পৰে ছাত্ৰ-ছাত্ৰীসকল৷ এনে ঘটনা যাতে দুনাই নঘটে তাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে৷