আঞ্চলিকতাবাদ আৰু বি পি এফ
অসমত আঞ্চলিকতাবাদ ইতিমধ্যে প্ৰায় ধৰাশায়ী হৈছে৷ অসম গণ পৰিষদ দলে নিজকে অসমৰ প্ৰধান আঞ্চলিকতাবাদী ৰাজনৈতিক দল বুলি দাবী কৰে যদিও শেহতীয়াভাৱে দলটোৱে নিজৰ এই চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে৷ নামতহে অগপ দল এতিয়া আঞ্চলিকতাবাদী৷ কামত কিন্তু অন্য৷ বিশেষকৈ ‘কা’ আৰু ‘কেব’ৰ ক্ষেত্ৰত দলটোৱে বিজেপিৰ শৰণাপন্ন হৈ যি দুমুখীয়া আৰু ৰহস্যজনক স্থিতি গ্ৰহণ কৰিলে, তাৰ পাছৰ পৰাই দলটোৱে ৰাইজৰ মনৰ পৰা ইয়াৰ আঞ্চলিকতাবাদী চৰিত্ৰ সম্পূৰ্ণৰূপে হেৰুৱাই পেলালে৷ বিজেপি দলে ইতিমধ্যে অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহক প্ৰায় সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে৷ এইটো বিজেপি আৰু আৰ এছ এছৰ এটা গোপন এজেণ্ডাই৷ টংকেশ্বৰ ৰাভা নেতৃত্বাধীন ৰাভা, ডাঃ ৰণোজ পেগু নেতৃত্বাধীন গণশক্তি, ৰমাকান্ত দেউৰী নেতৃত্বাধীন তিৱাৰ দৰে আৱেগিক ৰাজনৈতিক শক্তিসমূহ এতিয়া প্ৰায় বিলুপ্তপ্ৰায়৷ কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদো বিজেপিৰ দখলত৷ কোঁচ ৰাজবংশী জনগোষ্ঠী আজি বহুধাবিভক্ত৷ বাকী অন্য জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক শক্তিসমূহৰ অধিকাংশই বিজেপিত লীন গ’ল৷ এনে সময়তে কিন্তু বিটিএডিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল এটা শক্তিশালী আঞ্চলিক দলে হিচাপে বিজেপিৰ বিৰুদ্ধে পৰিষদীয় নিৰ্বাচনত প্ৰবল প্ৰত্যাশাৰ সৈতে যুঁজ দিলে৷ বিপিএফ দলেও বিজেপিৰ শৰণাপন্ন বা বিজেপিত লীন যাব পাৰিলেহেঁতেন৷ কিন্তু বড়ো জাতিৰ স্বাভিমানক বি পি এফ দলে শক্তিশালীভাৱে খামুচি ধৰি থাকিল৷ হাগ্ৰামা মহিলাৰী বা বিপিএফ দলে ১৫ বছৰ কংগ্ৰেছৰ লগত থাকিল৷ কিন্তু কোনোদিনে কংগ্ৰেছী হৈ নগ’ল৷ পাঁচ বছৰ বিজেপিৰ লগত থাকিল৷ কিন্তু কোনোদিনে বিজেপি হৈ নগ’ল৷ ১৭ বছৰ শাসনত থকাৰ পাছতো পৰিষদীয় নিৰ্বাচনত ১৭খনকৈ আসন লাভ কৰি নিজৰ স্বকীয়তা বজাই ৰাখিলে৷ প্ৰতিষ্ঠানবিৰোধী ঢৌ, চৰকাৰী শাসনযন্ত্ৰক নিজৰ নিয়ন্ত্ৰণত ৰখা শাসকীয় বিজেপিৰ দৰে প্ৰবল শক্তিৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে পৰিষদীয় নিৰ্বাচনত এককভাৱে যুঁজ দিবলগীয়া হৈছিল৷ তাৰ পাছতো একক সংখ্যাগৰিষ্ঠ দল হিচাপে বিপিএফৰ সন্মান অক্ষুণ্ণ ৰাখিলে৷ হাগ্ৰামা মহিলাৰীয়ে বিচাৰিলে অতি সহজে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰি এইবাৰো বিটিচিৰ মুৰব্বী হ’ব পাৰিলেহেঁতেন৷ কিন্তু বড়ো জাতি আৰু বড়ো ৰাজনীতিক বিজেপিৰ আগ্ৰাসনৰ পৰা মুক্ত কৰি ৰাখিবলৈ তেওঁ আপ্ৰাণ যুঁজ দিলে৷ যাৰ ফলত আজিৰ তাৰিখত অসমৰ অন্যতম শক্তিশালী আঞ্চলিকতাবাদী শক্তি হিচাপে বিপিএফে নিজৰ এক সুকীয়া স্থান গঢ়িবলৈ সক্ষম হ’ল৷ শেহতীয়াকৈ ৰাজ্যত বহুকেইটা আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিছে৷ সংসদীয় ৰাজনীতিত এই দলসমূহৰ অভিজ্ঞতা নাই৷ ছাত্ৰ সংগঠন বা কৃষক সংগঠনৰ সফল নেতা হোৱাটো সুকীয়া আৰু নিৰ্বাচনত জয়ী হৈ নেতা হোৱাটো সুকীয়া৷ এই আঞ্চলিক ৰাজনৈতিক দলসমূহ বিজেপিৰ দৰে শক্তিশালী ৰাজনৈতিক দলৰ নিৰ্বাচনী ৰণকৌশলৰ লগত মুঠেও পৰিচিত নহয়৷ যিটো অভিজ্ঞতা ইতিমধ্যে হাগ্ৰামা মহিলাৰী বা বিপিএফ দলৰ হৈছে৷ ইউ পি পি এল দলে বিটিচিৰ সদ্যসমাপ্ত পৰিষদীয় নিৰ্বাচনত ১২খন আসন লাভ কৰিছে৷ কিন্তু ইউ পি পি এলৰ জন্মদাতা পি চি পি আৰেও ২০১৫ চনৰ পৰিষদীয় নিৰ্বাচনত জ্জখনকৈ আসন লাভ কৰিছিল৷ সেইবাৰৰ ৪০খন আসনৰ ভিতৰত বি পি এফ দলে লাভ কৰিছিল ২০খন আসন৷ ১৭ বছৰ শাসনত থকাৰ পাছতো ২০২০ চনৰ নিৰ্বাচনত বিপিএফ দলে লাভ কৰিলে ১৭খনকৈ আসন৷ ইমান শক্তিশালী ৰাজনৈতিক যুঁজৰ পাছতো বিপিএফ দলে হেৰুৱাবলগীয়া হয় মাত্ৰ ৩খন আসন আৰু ইউপিপিএল দলে নতুনকৈ লাভ কৰিলে ৫খন আসন৷ বৰ্তমান বিপিএফৰ দখলত ১২টাকৈ বিধানসভা সমষ্টি আছে৷ ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰত এই ১২টা সমষ্টিক বাদ দি অন্য ৩০টা সমষ্টিত ভোটাৰৰ দিশৰ পৰা বিপিএফ দল নিৰ্ণায়ক ভূমিকাত আছে৷ বিজেপি দলে বিটিএডিৰ ৪খন জিলাৰ চহৰৰ বড়ো ভোটাৰক নিজৰ কৰিবলৈ ইতিমধ্যে বহু চেষ্টা কৰিলে যদিও সফল হ’ব নোৱাৰিলে৷ এইসকল ভোটাৰৰ ওপৰত বিপিএফ দলৰ প্ৰভাৱ আজিও অক্ষুণ্ণ আছে৷ গতিকে বিধানসভাৰ আগন্তুক নিৰ্বাচনত বিপিএফ দলক আগত ৰাখি, বিপিএফ দলৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতাক কামত লগাই, বিপিএফ দলৰ সাংগঠনিক স্থিতিক মূলধন হিচাপে লৈ ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ দৰে নতুনকৈ জন্মলাভ কৰা আঞ্চলিক ৰাজনৈতিক শক্তিসমূহে বিধানসভাৰ আগন্তুক নিৰ্বাচনত আগবাঢ়িলে নিশ্চয় সুফল লাভ কৰিব৷