Logo
image

ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত মুমূৰ্ষু অঞ্জলি

আমাৰ অসম, ৮ অক্টোবৰঃ গুৱাহাটী মহানগৰীত প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ বাবেই সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা৷ ছুৰিৰে হানি খুচি যুৱতীক হত্যাৰ চেষ্টা চলাই প্ৰেমিকে৷ সেনাৰে গিজগিজাই থকা নাৰেঙ্গী সেনা ছাউনীত কালি সন্ধিয়া ভাগত সংঘটিত হয় এই ভয়ংকৰ ঘটনা৷ অভিযোগ অনুসৰি প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ বাবেই সাতগাঁৱৰ ৰফিক আলী [২৩] নামৰ এজন উদণ্ড যুৱকে কৰ্তব্য স্থানলৈ ওলাই অহাৰ সময়তে এগৰাকী যুৱতীক আগছি ধৰি শৰীৰত চুৰিৰে উপৰ্য পৰি আঘাত হানি হত্যাৰ চেষ্টা চলায়৷ উদণ্ড যুৱকজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা অঞ্জলী বিশ্বাস [২৫] নামৰ যুৱতী গৰাকী সম্প্ৰতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে৷ ইফালে ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে সাতগাঁও সেনা বাহিনীয়ে ৰফিক আলীক কৰায়ত্ব কৰি গতাই দিয়ে সাতগাঁও থানাৰ আৰক্ষীৰ হাতত৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, যুৱতীগৰাকী পিতৃ ললিত বিশ্বাসে নাৰেংগী সেনা ছাউনীত অস্থায়ী কৰ্মচাৰী হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আছিল৷ সেই সূত্ৰে সেনা ছাউনীৰ এ ব্লকৰ আঠ নং ঘৰৰ বাসিন্দা আছিল তেওঁৰ পৰিয়ালটো৷ আনহাতে সাতগাঁৱৰ কোচপাৰা নিবাসী অভিযুক্ত ৰফিক আলীও সেনা কেম্পাচত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা বাবে একেটা চৌহদত বসবাস কৰাৰ সুবিধা লাভ কৰিছিল৷ দুয়োটা পৰিয়ালৰ ঘৰ ওচৰা ওচৰি হোৱা বাবে এক ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছিল ৰফিক আৰু অঞ্জলীৰ পৰিয়ালৰ মাজত৷ তাৰ মাজতে ৰফিক আৰু অঞ্জলীৰ মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল৷ জানিব পৰা মতে ৰফিকে অঞ্জলীক প্ৰেম নিবেদন কৰি আছিল যদিও অঞ্জলীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰি আন এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল৷ ইয়াকে লৈ প্ৰেমিক ৰফিক অঞ্জলিৰ ওপৰত ক্ষুণ্ণ হৈ আছিল৷ ঘটনাৰ দিনাখন অঞ্জলীয়ে ঘৰৰ পৰা সন্ধিয়া প্ৰায় ৬.৩০ বজাত ওলাই আহি কামলৈ গৈ থকা অৱস্থাত ৰফিক আলীয়ে পিছফালৰ পৰা গধূৰ বস্তুৰে মূৰত আঘাত হানি মাটিত বগৰাই দিয়ে৷ তাৰ পিছত ৰফিক আলীয়ে এখন চুৰি উলিয়াই মুখ মণ্ডল, পিঠি, বুকু আৰু পেটত উপৰ্যপৰি আঘাত কৰে৷ সেই সময়ত কৰ্তব্যৰত সেনা জোৱানে এই দৃশ্য দেখা পাই ততালিকে ঘটনা স্থলীত উপস্থিত হৈ ৰফিক আলীক কৰায়ত্ত কৰাৰ লগতে আহত যুৱতী গৰাকীক উদ্ধাৰ কৰি জি এম চি এইছত ভৰ্তি কৰোৱা হয়৷ শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই জনোৱা মতে, যুৱতী গৰাকী কিছু সুস্থ হৈ উঠিছে৷ ইফালে সেনা বাহিনীৰ লোকে অভিযুক্ত ৰফিক আলীক সাতগাও আৰক্ষীক গতাই দিয়ে৷ আনহাতে ঘটনা সন্দৰ্ভত আজি যুৱতী গৰাকীৰ পিতৃয়ে সাতগাও থানাত এখন এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩২৬/৩০৭ নং ধাৰাৰ অধীনত থানাত ১৬২/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷