Logo
image

অমানৱীয়...!

আমাৰ অসম, ৮ অক্টোবৰঃ ঠিকা আবণ্টনৰ বাবে  বিভাগীয় মন্ত্ৰীলৈ আৰ্জি দিয়া বিধায়ক মানৱ ডেকাৰ স্বাক্ষৰ থকা এখন পত্ৰক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে৷ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ পেডত জলজীৱন মিছনৰ ঠিকা আবণ্টনৰ বাবে ঠিকাদাৰৰ তালিকা সম্বলিত বিশেষ পত্ৰক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিন্তু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই বিশেষ পেড তথা পত্ৰখনক ভুৱা অৰ্থাৎ জাল বুলিহে দাবী কৰিছে বিধায়ক মানৱ ডেকাই৷ লখিমপুৰৰ বিধায়কজনে তেওঁৰ পেড আৰু স্বাক্ষৰ কপি কৰি জালিয়াতিৰে কোনো দুষ্টচক্ৰই অপপ্ৰচাৰত লিপ্ত হোৱা বুলিও অভিযোগ কৰিছে৷ এই সন্দৰ্ভত মানৱ ডেকাই উত্তৰ লখিমপুৰ থানাত এজাহাৰ দাখিল কৰাৰ কথা জানিবলৈ দিছে৷ উক্ত এজাহাৰৰ ভিত্তিত উত্তৰ লখিমপুৰ থানাই ভাৰতীয় দণ্ডবিধিৰ ১২০ [বি]/৪৬৮/৪৬৯/৪৭২ ধাৰাৰ অধীনত ৫৪৩/২০২২ নম্বৰত গোচৰ ৰুজু কৰিছে৷ অভিযোগ অনুসৰি বিধায়ক মানৱ ডেকাৰ হুবহু স্বাক্ষৰ থকা ভাইৰেল পত্ৰত  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নিৰ্দিষ্ট ৪১ জন ঠিকাদাৰক জলজীৱন মিছনৰ ঠিকা আবণ্টন দিবলৈ আৰ্জি দিয়া বুলি প্ৰচাৰ কৰা হৈছিল৷ অৱশ্যে বিভাগীয় মন্ত্ৰীলৈ এনে পত্ৰ প্ৰেৰণৰ কথা অস্বীকাৰ কৰি বিধায়ক ডেকাই  কৈ কাৰ্যক অমানৱীয় আখ্যা দি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কয়– উক্ত পেডখন ভুৱা আৰু মোৰ চহী মৰ্ফ কৰি কপি পেষ্ট কৰিছে৷ এজন মানুহৰ চহী কেতিয়াও হুবহু হ’ব নোৱাৰে৷ প্ৰতিটো স্বাক্ষৰতে অলপ হ’লেও পৃথক হয়৷ এটা চক্ৰই দেখিছে যে দুৰ্নীতিৰ ফালৰ পৰা মোক একো কৰিব নোৱাৰে৷ গতিকে এতিয়া এনে কামবোৰ কৰিছে৷ মোক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবেই চক্ৰটোৱে এনে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে৷ কাগজখনত থকা চহীটো মোৰ হয় সঁচা৷ কিন্তু আন স্থানৰ পৰা মোৰ চহীটো কপি কৰি অৰ্থাৎ কাটি আনি ভুৱা পেডখনত ব্যৱহাৰ কৰিছে৷ এনে কাৰ্য কৰি আসুৰিক তৃপ্তি লাভ কৰে৷ চক্ৰটোৱে সেয়েহে মই আইনগত ব্যৱস্থা লোৱাৰ বাবে উত্তৰ লখিমপুৰ থানাত এজাহাৰ দাখিল কৰিছো৷ ইফালে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত বিধায়ক মানৱ ডেকাৰ পৰা  ঠিকা সম্বন্ধীয় কোনো পত্ৰ লাভ কৰা নাই বুলি জানিবলৈ দিছে৷ অৱশ্যে মন্ত্ৰী বৰুৱাই বিধায়কসকলৰ পৰা তেনে চিঠি প্ৰেৰণ কৰাটো সাধাৰণ ঘটনা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বিৰোধী বিধায়ক-দলপতি পৰাও পূৰ্বে চিটি লাভ কৰা বুলি দাবী কৰে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয়–বিধায়ক মানৱ ডেকাই কোৱাৰ দৰে কোনোৱে যদিহে তেওঁৰ স্বক্ষৰ জাল কৰিছে, তেনেহ’লে সেই ষড়যন্ত্ৰকাৰী চক্ৰটোত দলৰে কোনো নেতা-কৰ্মী জড়িত নেকি?