Logo
image

কবি এক, সমালোচক অনেক

আমাৰ অসম, ৮ অক্টোবৰঃ পুনৰ কবিৰ ৰূপত আত্মপ্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ ইতিমধ্যে ‘মই ফায়াৰ ব্ৰিগেড’ ‘ৰাজ্যসভা’, ‘হায় ৰজাঘৰীয়া’, আদি কবিতা লিখি ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰা ভূপেন বৰাৰ এইবাৰৰ কবিতাৰ শিৰোণামা ‘দৰ্পচূৰ্ণ’৷ নিজৰ কবিতাৰ জৰিয়তে শাসকীয় দল বিশেষকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি আহিছে বৰাই৷ শুকুৰবাৰে ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত নিজৰ পঞ্চমটো কবিতা ‘দৰ্পচূৰ্ণ’ পাঠ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে৷ ইয়াৰ সমান্তৰালভাৱে বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি সভাপতি বৰাই কয়– বিজেপিৰ কাৰ্যালয় এতিয়া গগনচুম্বী অট্টালিকা৷ একেদিনাই ৪৫খন গাড়ী কিনিব পাৰে৷ কিন্তু তেজস্বিতাৰ কাৰণে এটা অক্সিজেন চিলিণ্ডাৰ দিব নোৱাৰে৷ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰৰ নামত বিশ কোটি টকা খৰছ কৰিব পাৰে, বিজ্ঞাপনৰ নামত এশ কোটি টকা খৰছ কৰিব পাৰে৷ দলৰ কাৰণে ৪৫খন গাড়ী কিনিব পাৰে৷ কিন্তু মাজুলীৰ মানুহৰ কাৰণে এটা অক্সিজেন চিলিণ্ডাৰ দিব নোৱাৰে৷ ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে৷ তেজস্বিতাৰ দেউতাৰ চকুপানীয়ে দিছপুৰৰ পৰা বিজেপিক আগন্তুক সময়ত ধুই লৈ যাব৷ মই এজন সংবেদনশীল লোক হিচাপে মনৰ কথাবিলাক কবিতা আকাৰে লিখিছো৷ কবিতাটোৰ নাম ‘দৰ্পচূৰ্ণ’ দিছোঁ–

‘‘জাতি মাটি ভেটি ৰক্ষা প্ৰচণ্ড শব্দ,

বৰগীত খোল তালে হেৰুৱাইছে ছন্দ৷৷

উন্নয়নৰ গংগাৰ ঢলে আনিছে তাণ্ডৱ,

নাৱৰ সৈতে ডুবি গৈছে স্বজাতিৰ বাস্তৱ,

মাজুলীৰ পৰা ধুবুৰীলৈ দেখিছোঁ বছৰেকীয়া জলবলি উৎসৱ৷

অৰুণোদয় হৈছে আজি ক্ষমতাৰ ৰাজহাঁড়,

মামাৰ নেতৃত্বত সৰ্বদিশে হাহাকাৰ৷

বিজ্ঞাপনত শতকোটি, হেলিকপ্টাৰটো কোটি কোটি, 

পদুম আজি বশিষ্ঠত গগনচুম্বী,

অম্লজানৰ অভাৱত বৰগীতে হেৰুৱাইছে থৰকাছুটি৷

আঁউসী আন্ধাৰে আৱৰি আনিছে,

তেজিস্বতাৰ সুৰৰ বিননী ভাঁহী আহিছে,

কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ মগ্ন

জাতি, ভেটি ৰক্ষাৰ দৰ্পচূৰ্ণ৷৷’’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইয়াৰ পূৰ্বেও কবিতা লিখি শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰ তীব্ৰ কটাক্ষ আৰু সমালোচনাৰ সন্মুখীন হয়৷ ‘দৰ্পচূৰ্ণ’ও ইয়াৰ ব্যতিক্ৰম নহ’ল৷ ভূপেন বৰাই নিজৰ পঞ্চমটো কবিতা সংবাদ মাধ্যমৰ আগত পাঠ কৰাৰ পিছতে সমালোচনাত মুখৰ হৈ পৰে শাসকীয় বিজেপি দল৷ মন্ত্ৰী পীযূষ হাজৰিকাই ভূপেন বৰাক কংগ্ৰেছৰ আটাইতকৈ ব্যৰ্থ সভাপতি বুলি অভিতিহ কৰি কয়– তেওঁ কংগ্ৰেছৰ সৰ্বকালৰ নিকম্মা সভাপতি৷ কংগ্ৰেছ দলৰ ভিতৰতে তেওঁৰ গ্ৰহণযোগ্যতা নাই৷ ভূপেন বৰা গাঁৱলৈ যাওঁক দলটো উদ্ধাৰ কৰক৷  এনেদৰে অকবিতা লিখি মানুহৰ মাজত হাঁহিৰ খোৰাক হ’ব নালাগে৷ ভূপেন বৰাৰ কবিতা মানে হাঁহিৰ খোৰাক৷ ভূপেন বৰাৰ কবিতা বেলেগে লিখি দিয়ে৷ আগতে তেওঁ কবিতা লিখাৰ কথা কেতিয়াও শুনা নাছিল৷ তেওঁৰ কবিতা লিখি দিয়া মানুহ আছে৷ আনহাতে, বিধায়ক মানৱ ডেকাই ভূপেন বৰাৰ কবিতাক সমালোচনা কৰি কয়– গনবিছিন্ন ভূপেন বৰাৰ দৰে নেতাই কবিতা লিখি ৰাজনীতি কৰিব বিচৰাটো গৰিহণাৰ যোগ্য৷ মানুহৰ মৃত্যুক লৈ ভোটৰ ৰাজনীতি নহয়৷ মৃত্যুক লৈ ভূপেন বৰাই ৰাজনীতি কৰিছে৷ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই ভূপেন বৰাক হেলীৰ ধূমকেতু বুলি অভিহিত কৰি তেওঁক তেজস্বিতাৰ ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়ে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও কটাক্ষ কৰি কয়– ভূপেন বৰাই যেতিয়াই কবিতা লিখে তেতিয়াই বিজেপিৰ বাবে ভাল সময় আহে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী ভূপেন বৰাৰ হাতত এতিয়া যথেষ্ট সময় আছে৷ কবিতা লিখিব৷ গল্প লিখিব৷ আকস্মিক বক্তৃতা দিব৷ তেওঁৰ গুৰুত্ব কমি গৈছে৷ গতিকে চৰ্চালৈ আহিবলৈ এনেদৰে মিডিয়াৰ আগত কবিতা লিখে ভূপেন বৰাই৷ অৱশ্যে, এই সমালোচনাৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কয়– মোৰ কবিতা লিখা ধাৰাবাহিকভাৱে আপোচবিহিনভাৱে চলি থাকিল৷ মোৰ কবিতাৰ বিৰুদ্ধে শব্দৰ এচিদ বৰষুণ হ’বই বুলি মই জানো৷