Logo
image

ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮২.২২

আমাৰ অসম, ৮ অক্টোবৰঃ ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাটো এতিয়া সিমান ডাঙৰ খবৰ নোহোৱা হ’ল৷ কৌতুহল এটাই– আজি ইমান তললৈ নামিল ভাৰতীয় মুদ্ৰাৰ মূল্য? নিতৌ অৱনমন ঘটি অনাকাংক্ষিত অভিলেখ গঢ়ি থকা ভাৰতীয় মুদ্ৰাৰ মূল্য শুকুৰবাৰে প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ৮২.২২ টকা হৈছে৷ দিনটোৰ এটা সময়ত ভাৰতীয় মুদ্ৰাৰ মূল্য তললৈ নামি প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ৮২.৪২ টকা হৈছিল৷ দিনৰ শেষত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ সামান্য উন্নতি ঘটে৷ উল্লেখ্য, স্বাধীন ভাৰতৰ ইতিহাসত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ ইমান পতন   পূৰ্বে হোৱা নাছিল৷ এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া তেওঁ ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস পোৱাৰ বাবে প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক দুৰ্বল বুলি সমালোচনা কৰিছিল৷ মোদীয়ে দাবী কৰিছিল, মনমোহন সিং দুৰ্বল বাবেই ভাৰতীয় মুদ্ৰাও বিশ্বত দুৰ্বল হৈ পৰিছে৷ মোদীৰ সমালোচনাৰ সেই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল৷ তেতিয়া তেওঁ কৈছিল শক্তিশালী চৰকাৰ আহিলে আৰু প্ৰধানমন্ত্ৰী শক্তিশালী হ’লে আপোনা আপুনি  ভাৰতীয় মুদ্ৰা শক্তিশালী হ’ব৷ পিছে মোদীৰ সেই দাবী এতিয়া অলপো কাৰ্যকৰী হোৱা নাই৷ যদিহে মোদীৰ সেই দাবী মানি লোৱা হয় তেন্তে এটা কথা নিশ্চিত– এতিয়াৰ চৰকাৰো দুৰ্বল আৰু প্ৰধানমন্ত্ৰীও দুৰ্বল৷

বিশেষজ্ঞৰ দাবী খাৰুৱা তেলৰ ক্ৰমাগত মূল্যবৃদ্ধি, বিশ্বজুৰি আৰ্থিক মন্দাৰ আশংকা আৰু ভাৰতত বিদেশী বিনিয়োগৰ অভাৱৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্যৰ অৱনমন ঘটিছে৷ বিগত আঠ বছৰত অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ শাসন কালত ভাৰতীয় মুদ্ৰাৰ ২৫ শতাংশ পতন ঘটিছে৷ কেৱল চলিত বছৰতে ভাৰতীয় মুদ্ৰাৰ পতন ঘটিছে ১০.৬ শতাংশ৷

আগ্ৰহী পাঠকৰ বাবে এটা পৰিসংখ্যা৷ ২০১৪ চনৰ ৩১ ডিচেম্বৰত ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি ডলাৰৰ বিপৰীতে আছিল ৬৩.৩৩ টকা৷ ২০১৮ চনৰ ৩১ ডিচেম্বৰত ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি ডলাৰৰ বিপৰীতে হয়গৈ ৬৯.৭৯ টকা৷ ২০১৯ চনৰ শেষত ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি ডলাৰৰ বিপৰীতে আছিল ৭০ টকা অতিক্ৰম কৰে৷ কিন্তু বিগত দুবছৰত ভাৰতীয় মুদ্ৰাৰ মূল্যৰ যি পতন ঘটিছে সেয়া অভূতপূৰ্ব৷