Logo
image

শিক্ষাৰ্থীয়ে পঞ্চম, অষ্টমত পৰীক্ষাৰ দেওনা পাৰ হ’ব লাগিব

আমাৰ অসম, ৮ অক্টোবৰঃ শিক্ষাৰ অধিকাৰ আইন-২০০৯ৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ চাৰি মাহৰ মূৰে মূৰে বিভিন্ন পৰীক্ষা অনুষ্ঠিত হ’লেও এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ উন্নীত স্বয়ংক্ৰিয়ভাৱে হৈছিল৷ কোনো শ্ৰেণীতে ছাত্ৰ-ছাত্ৰীক ফেইল কৰাব নোৱাৰে৷ ২০১৯ চনত এই আইনখনৰ সংশোধনী হৈছিল৷ এই সংশোধনীত ৰাজ্য চৰকাৰসমূহক এটা অধিকাৰ অৰ্পণ কৰা হয়৷ কোনো শ্ৰেণীত কোনো ছাত্ৰ-ছাত্ৰীৰ যদি পাৰদৰ্শিতা ভাল নহয় তেনে ছাত্ৰ-ছাত্ৰীক একেটা শ্ৰেণীতে দ্বিতীয় বছৰৰ কাৰণে ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দিয়া হয়৷ এই সংশোধনীৰ অধীনত আজি অনুষ্ঠিত কেবিনেট বৈঠকে এতিয়াৰ পৰা নিয়মিত ভাৱে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ যদি কোনো ছাত্ৰ-ছাত্ৰী সেই পৰীক্ষাত ফেইল কৰে তেনেহ’লে তেনে ছাত্ৰ-ছাত্ৰীৰ কাৰণে দুমাহৰ ভিতৰত আৰু বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ দুমাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত যাতে  সেই ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিব পাৰে তাৰ কাৰণে বিদ্যালয়ে ‘ৰিমেডিয়েল ক্লাছ’ কৰিব৷ বিশেষভাৱে তেনে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ে যত্ন ল’ব৷ ইয়াৰ পিছতো যদি  সেই ছাত্ৰ-ছাত্ৰীগৰাকী পাছ নকৰে তেন্তে তেনে ছাত্ৰ-ছাত্ৰীক একেটা শ্ৰেণীত ৰখাই দিয়া হ’ব৷ অৰ্থাৎ ফেইল হ’ব৷ এবছৰ পিছত পুনৰ একেটা শ্ৰেণীৰ পৰীক্ষা দিব লাগিব৷ এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত শিক্ষা বিভাগৰ বাবে গ্ৰহণ কৰা অন্য এক সিদ্ধান্ত সদৰি কৰি মন্ত্ৰী ডঃ পেগুৱে কয়–  অসমত জিলা বিভাজনৰ ফলস্বৰূপে ১১৪২খন বিদ্যালয় একাধিক শিক্ষাখণ্ডত ওপৰা-উপৰি হৈ পৰিছিল৷ ফলত বিদ্যালয়সমূহৰ প্ৰশাসনিক নিয়ন্ত্ৰণ আৰু বিত্তীয় নিয়ন্ত্ৰণ বেলেগ বেলেগ শিক্ষাখণ্ডৰ দ্বাৰা পৰিচালিত হৈছিল৷ আজি এই সমস্যা সমাধান কৰি অসমৰ ১২খন জিলাত ১৬টা শিক্ষাখণ্ড পুনৰ গঠন কৰা হয়৷ এই সিদ্ধান্তই শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব৷ এই ১২খন জিলা হৈছে বৰপেটা, বজালী, বাগ্‌সা, নলবাৰী, কামৰূপ [মহানগৰ], কামৰূপ, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি৷ ১৬টা শিক্ষাখণ্ড হৈছে ভৱানীপুৰ, বৰপেটা, বজালী, গোৱৰ্ধনা, জালাহ, টিহু-বৰমা, গুৱাহাটী, পূব নলবাৰী, কৰৰা, কপিলী, ৰাণী, নদুৱাৰ, বৰদলনি-ঘিলামাৰা, মৰিগাঁও, বিশ্বনাথ আৰু বৰদলনি-ধেমাজি৷ কেবিনেটৰ অন্যান্য সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত সদৰি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়– ঘৰুৱা গ্ৰাহকক সকাহ প্ৰদানৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বৰ্ধিত খুচুৰা শুল্কৰ পৰা হাত সাৰিবলৈ এপিডিচিএলক ১৯০ কোটি টকাৰ বিদ্যুৎ ক্ৰয় ৰাজসাহায্যত অনুমোদন জনায় আজিৰ কেবিনেটে৷ ২৪ মেগাৱাটৰ কাৰ্বি লাংপি মধ্যম দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পত ৩০০.৭ কোটি টকা ব্যয়ৰ লগতে ইয়াৰ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় পুনৰ ব্যয় প্ৰস্তাৱত অনুমোদন দিয়ে কেবিনেটে৷ প্ৰকল্পটো আৰম্ভ হোৱাৰ পৰা সম্ভাব্য ৩৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ ই অসম শক্তি উৎপাদন নিগম লিমিটেডৰ বিদ্যুৎ উৎপাদনত এক উল্লেখযোগ্য গতি প্ৰদান কৰাৰ লগতে ৰাজ্যত বিদ্যুতৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰক সকাহৰ লক্ষ্যৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চন পুঁজিলৈ অপ্ৰশাসনিক অনুমোদনৰ বিত্তীয় অনুদান হিচাপে ২৮৫ কোটি টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ প্ৰস্তাৱিত আঁচনিখনে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, উত্তৰাধিকাৰী কোম্পানীৰ প্ৰায় বিশ হাজাৰ পেঞ্চনাৰক লাভান্বিত কৰিব৷ বৰ্তমানৰ বিল্ডিং অনুমোদন ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ মাষ্টাৰ প্লেন এলেকাসমূহৰ বাবে অসম সংহত ভৱন উপবিধি, ২০২২ত অনুমোদন জনায় কেবিনেটে৷ পদ্মশ্ৰী সন্মানেৰে সন্মানিত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা তিনি কঠা আৰু ১৮ লেচা মাটি অধিগ্ৰহণত অনুমোদন জনায় কেবিনেটে৷ এই প্ৰকল্পই পূৰ্বৰ গৌৰীপুৰ জমিদাৰী অন্তৰ্গত হাৱাখানাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পৰ্যটনৰ বিকাশত সহায় কৰিব৷ গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ বাবে যাতায়াতমুখী উন্নয়ন ৰূপায়ণ, ট্ৰেনজিট কৰিড’ৰ চিনাক্তকৰণ, ট্ৰেনজিট ন’ডছ আৰু সেইসমূহৰ সৈতে সংপৃক্ত ক্ষেত্ৰৰ বিভিন্ন ব্যৱস্থাৰ সামঞ্জস্য ৰখাৰ বাবে গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধনত কেবিনেটে অনুমোদন জনায়৷