Logo
image

৩ যুদ্ধবিৰোধীক শান্তিৰ নোবেল

আমাৰ অসম, ৮ অক্টোবৰঃ নোবেল কমিটীয়েও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিৰুদ্ধে যেন শান্তিৰ বৃহত্তম প্ৰয়াস আৰম্ভ কৰিলে৷ অনাকাংক্ষিত যুদ্ধৰ বিৰুদ্ধে শান্তিৰ কপৌ উৰুৱাই   এজন যুদ্ধ বিৰোধী-মানৱাধিকাৰ কৰ্মী তথা দুটাকৈ মানৱাধিকাৰ সংগঠনলৈ এইবাৰ শান্তিৰ নোবেল  বঁটা আগবঢ়ালে নৰৱেৰ নোবেল কমিটীয়ে৷ ২০২২ চনৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হ’ল বেলাৰুছৰ কাৰাবন্দী মানৱাধিকাৰ আন্দোলনকৰ্মী এলিছ বিলিয়াৎস্কি আৰু ৰাছিয়াৰ মানৱাধিকাৰ সংগঠন ‘মেম’ৰিয়েল’ তথা ইউক্ৰেইনৰ মানৱাধিকাৰ সংগঠন ‘চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ’লৈ৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ অতি ঘনিষ্ঠ বেলাৰুছৰ ৰাষ্ট্ৰপ্ৰধান আলেকজেণ্ডাৰ লুকাছেংকোক সমালোচনা কৰাৰ অপৰাধত দেশখনৰ বিশ্বখ্যাত মানৱাধিকাৰ কৰ্মী এলিছ বিলিয়াৎস্কি সম্প্ৰতি কাৰাগাৰত বন্দী৷ দীৰ্ঘদিনৰ পৰাই বেলাৰুছৰ ৰাষ্ট্ৰপ্ৰধান লুকাছেংকোৱে তেওঁৰ সমালোচক আৰু চৰকাৰৰ দমননীতি তথা মানৱাধিকাৰ উলংঘনৰ বিৰুদ্ধে সমালোচনা কৰা অধিকাংশ ব্যক্তিকে কাৰাবন্দী কৰি ৰাখিছে৷ শুকুৰবাৰে শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হোৱা এলিছ বিলিয়াৎস্কি লুকাছেংকোৰ ঘোৰ সমালোচক৷ সেয়ে তেওঁক লুকাছেংকোৱে দীৰ্ঘসময় ধৰি দেশত কাৰাবন্দী কৰি ৰাখিছে, যাতে তেওঁৰ দমননীতিৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিব নোৱাৰে৷ পিছে নোবেল কমিটীয়ে এলিছ বিলিয়াৎস্কিক শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ লগে লগে বেলাৰুছৰ শাসকৰ মানৱাধিকাৰ বিৰোধী আৰু পুটিনৰ প্ৰতি থকা যুদ্ধৰ সমৰ্থনৰ মনোভাৱ বিশ্বজুৰি প্ৰকাশ হৈ পৰিল৷ এলিছে পূৰ্বৰ ছোভিয়েট ইউনিয়ন এখন দেশ হৈ থকাৰ সময়তো ছোভিয়েটৰ শাসকৰ মানৱাধিকাৰ বিৰোধী কাৰ্যকলাপৰ তীব্ৰ সমালোচনা কৰিছিল৷ গণতন্ত্ৰৰ দাবীত তেওঁ আৰম্ভ কৰা তেতিয়াৰ সেই আন্দোলন পৰৱৰ্তী সময়ত ৰুছ আধিপত্যৰ বিৰুদ্ধে যুদ্ধত পৰিণত হয়৷ ছোভিয়েট খণ্ডিত হোৱাৰ লগে লগে বেলাৰুছ স্বাধীন ৰাষ্ট্ৰত পৰিণত হয়৷ কিন্তু বেলাৰুছৰ ৰাষ্ট্ৰপ্ৰধান লুকাছেংকোৱে একনায়কত্ববাদী মনোভাৱেৰে নিজৰ দেশত পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ শাসক আৰু এতিয়াৰ ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান পুটিনৰ দৰে দমননীত অব্যাহত ৰাখে৷ উল্লেখ্য, লুকাছেংকো পুটিনৰ অতি ঘনিষ্ঠ আৰু সাম্প্ৰতিক যুদ্ধত এই সমগ্ৰ অঞ্চলটোৰ একমাত্ৰ ৰাষ্ট্ৰ হিচাপে বেলাৰুছহে পুটিন আৰু যুদ্ধৰ পক্ষত আছে৷ কাৰাগাৰৰ পৰাই এলিছে লুকাছেংকোৰ দমননীতি আৰু যুদ্ধৰ প্ৰতি থকা সমৰ্থনৰ সমালোচনা কৰি শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি আছে৷ সেয়ে এলিছলৈ আগবঢ়োৱা শান্তিৰ নোবেল বঁটা সাম্প্ৰতিক যুদ্ধখনৰ বিৰুদ্ধে এক বিশ্বজোৰা বৃহৎ প্ৰতিবাদ হিচাপে চিহ্নিত হৈছিল৷ 

ইপিনে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে কৰা আক্ৰমণৰ প্ৰতি আৰু সৰ্বনাশী যুদ্ধখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে ৰাছিয়াৰ মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ নামৰ দুয়োটা মানৱাধিকাৰ সংগঠনে৷ সেয়ে নৰৱেৰ নোবেল কমিটীয়ে এই দুটা সংগঠনক শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰি লোৱাটো মুঠেই আচৰিত ঘটনা নহয়৷ এই দুই সংগঠন আৰু বেলাৰুছৰ মানৱাধিকাৰ কৰ্মী এলিছক এইবাৰ শান্তিৰ নোবেলৰ বাবে নিৰ্বাচিত কৰা হ’ব পাৰে বুলি পূৰ্বানুমান কৰা হৈছিল৷ সেই অনুমান সত্যত পৰিণত হ’ল৷ নৰৱেৰ নোবেল কমিটীয়ে তেওঁলোকৰ বিবৃতিত কৈছে– ‘এইবাৰৰ নোবেল বিজয়ী প্ৰত্যেকেই নিজৰ দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধি হিচাপে মৌলিক অধিকাৰ ৰক্ষাৰ যুঁজত অংশীদাৰ হৈ আছে৷ যুদ্ধ অপৰাধ, মানৱাধিকাৰ লংঘন আৰু  ক্ষমতাৰ অপব্যৱহাৰৰ বিৰুদ্ধে দৃষ্টান্তমূলক যুদ্ধৰ স্বীকৃতি হিচাপে তেওঁলোকলৈ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷’