Logo
image

ৰাজ্যত ১,৩০০ চিকিৎসক পদ খালী

আমাৰ অসম, ৮ অক্টোবৰঃ মাজুলীৰ প্ৰতিভাৱান কণমানি শিল্পী তেজস্বীতা বৰুৱাৰ কৰুণ মৃত্যুৰ ঘটনাই যেন ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বহু কাহিনী পোহৰলৈ আনিছে৷ চিকিৎসালয়ত অক্সিজেনৰ অভাৱ আৰু চিকিৎসক-নাৰ্চৰ অৱহেলাৰ বাবে তেজস্বীতাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰাৰ মাজতে ৰাজ্যৰ চৰকাৰী চিকিৎসাখণ্ডৰ  আন্তঃগাঁথনিৰ অভাৱৰ উদ্বেগজনক ছবিখনো উন্মোচন হৈছে৷ ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহত কেৱল আন্তঃগাঁথনিৰ অভাৱেই নহয়, অভাৱ প্ৰয়োজনীয় চিকিৎসকো৷ ৩.৫০ কোটি জনসংখ্যাৰ অসমত মেডিকেল কলেজকেইখনক বাদ দি জিলা-মহকুমা তথা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰসমূহত চিকিৎসকৰ পদ হৈছে মাত্ৰ ৩ হাজাৰ ১৯০টা৷ দুৰ্ভাগ্যজনকভাৱে স্বাস্থ্য [ক] বিভাগৰ এই তিনি হাজাৰ পদৰ বিপৰীতে ১,২৭১টা পদেই দীৰ্ঘদিনে খালী হৈ আছে৷ অৰ্থাৎ ৰাজ্যৰ হাস্পতালে-হাস্পতালে এতিয়াও ১৩শ চিকিৎসকৰ পদ খালী হৈ আছে৷ বৃহৎ সংখ্যক চিকিৎসকৰ পদ খালী হৈ থকাত গ্ৰাম্যঞ্চলৰ সাধাৰণ ৰোগীসকলে আজিৰ তাৰিখত উপযুক্ত চিকিৎসাৰ পৰা যে বঞ্চিত হৈছে সেয়া নিশ্চিত৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও স্বাস্থ্য বিভাগক চিকিৎসকে পৰিচালনা কৰিব লাগে যদিও দীৰ্ঘদিনে ৰাজ্যৰ স্বাস্থ্য বিভাগক নেতৃত্ব দি আহিছে এ চি এছ বিষয়াই৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকৰ পদত এ চি এছ বিষয়া নিযুক্তি দিয়াৰ পৰিপ্ৰেক্ষিততে স্বাস্থ্যখণ্ড তথা চিকিৎসাজনিত অভাৱ-অভিযোগ তথা সমস্যাই চৰকাৰৰ ওচৰত গুৰুত্ব লাভ নকৰাও অভিযোগ উঠিছে৷ বিভাগীয় তথ্য অনুসৰি স্বাস্থ্য সেৱা সঞ্চালকালয়তে অতিৰিক্ত সঞ্চালকৰ ৪ টা পদ দীৰ্ঘদিন খালী হৈ আছে৷ একেদৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ ৯টা পদ খালী হৈ থকাৰ বিপৰীতে মহকুমা স্বাস্থ্য বিষয়াৰ ২৯১টা পদ, জ্যেষ্ঠ চিকিৎসা বিষয়াৰো ২৩৯ টা পদ খালী হৈ আছে৷ তদুপৰি চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ সৰ্বাধিক ৬৯৯টা পদ দীৰ্ঘদিনে খালী হৈ আছে৷ অভিযোগ অনুসৰি স্বাস্থ্য বিভাগে চিকিৎসকসকলক প্ৰয়োজনীয় সা-সুবিধা নিদিয়াৰ বাবেই গ্ৰামাঞ্চলত চাকৰিত যোগদান কৰিয়েই বহু কনিষ্ঠ চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি ল’বলৈ বাধ্য হৈছে৷ আনকি চাকৰি লাভ কৰিও গ্ৰামাঞ্চলত সেৱা আগবঢ়াবলৈ বহু যুৱ চিকিৎসকে অনিহা প্ৰকাশ কৰি যোগদানৰ পৰা বিৰত থকাৰো উদাহৰণ আছে৷ ক’ভিডৰ পাছতেই বহু সংখ্যক জ্যেষ্ঠ চিকিৎসকেও ব্যক্তিগত অজুহাত দেখুৱাই স্বেচ্ছামূলক অৱসৰ লোৱা দেখা গৈছে৷ কেৱল জিলা বা মহকুমা পৰ্যায়ৰ হাস্পতালেই নহয়, খোদ চিকিৎসা মহাবিদ্যালয়ৰো কেইবাজনো অধ্যাপকে অত্যাধিক কামৰ হেঁচাৰ বাবে অব্যাহতি লোৱা দেখা গৈছিল৷ ৰাজ্য চৰকাৰে চিকিৎসকসকলৰ সমস্যাক গুৰুত্ব নিদিয়াৰ বাবে বিগত সময়ছোৱাত অসম চিকিৎসা সেৱা সন্থাই কৰ্মবিৰতিৰ দৰে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল৷