Logo
image

১০০ মিটাৰ ফ্ৰীষ্টাইলত শিৱাংগীৰ স্বৰ্ণজয়

আমাৰ অসম, ৯ অক্টোবৰঃ চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ যিসকল খেলুৱৈৰ পৰা পদক আশা কৰা হৈছিল, তেওঁলোকৰ অন্যতম হৈছে শিৱাংগী শৰ্মা৷ প্ৰতিভাৱান সাঁতোৰিবিদগৰাকীয়ে মহিলাৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত নিজৰ প্ৰদৰ্শনক লৈ একেবাৰে সন্তুষ্ট নাছিল৷ কিন্তু আশা এৰা নাছিল শিৱাংগীয়ে৷ সংকল্প লৈছিল মহিলাৰ ১০০ মিটাৰ ফ্ৰীষ্টাইলত স্বৰ্ণৰ্পদক জয়ৰ৷ শনিবাৰে ৰাজকোটৰ ছুইমিং পুলত অনুষ্ঠিত প্ৰতিদ্বন্দ্বিতাত ঈপ্সিত লক্ষ্যত উপনীত হয় প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাগ লোৱা অসম তনয়াগৰাকী৷ ৫৮.৭৭ ছেকেণ্ড সময় লৈ  তেওঁ লাভ কৰে স্বৰ্ণপদক৷ ক্ৰীড়া সমাৰোহখনত শিৱাংগীৰ এয়া হৈছে দ্বিতীয়টো পদক৷ ইভেণ্টটোৰ দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে গুজৰাটৰ মান্না পেটেল  আৰু কৰ্ণাটকৰ ৰুজুলা এছ৷ শিৱাংগীৰ এই সফলতাৰ পাছত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা বৃদ্ধি পালে ১৮টালৈ, য’ত আছে সাতটা স্বৰ্ণ, আঠটা ৰূপ  আৰু তিনিটা ব্ৰঞ্জৰ পদক৷ উল্লেখ্য, শিৱাংগীৰ উপৰি অসমৰ আস্থা চৌধুৰীয়ে সাঁতোৰত এটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে বিক্ৰম চাংমায়ে দুটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷