Logo
image

‘ড॰’ৰ পৰা সাৱধান

ভুৱা প্ৰতিষ্ঠানৰ ভুৱা ডিগ্ৰীৰে ভৰিছে ৰাজ্য

ধনৰ বিনিময়ত ডক্টৰেটো

আমাৰ অসম, ৯ অক্টোবৰঃ ডক্টৰেটৰ পৰা সাৱধান৷ ডক্টৰেট মানে ডক্টৰ অব ফিল’ছফি, অৰ্থাৎ পিএইছডি৷ দেশৰ লগতে এতিয়া ৰাজ্যতো সৰ্বত্ৰ পিএইছডিৰ পয়োভৰ৷ দিনে নিশাই কষ্ট কৰি, গৱেষণা কৰি এটা বিষয় পুংখানুপুংখভাৱে অধ্যয়ন কৰি আৰু থেছিছ লিখি বহু ঈপ্সিত পিএইডি নোলোৱাকৈয়ে এতিয়া অসমত ডক্টৰেট হ’ব পাৰি৷ তাৰ বাবে অধ্যয়নৰ বা মুৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি গৱেষণা কৰাৰ প্ৰয়োজন নাই৷ এনে ডক্টৰেটৰ বাবে প্ৰয়োজন অৰ্থৰ৷ অৰ্থাৎ ধন থাকিলেই এতিয়া ডক্টৰেট হ’ব পাৰি৷ ধনৰ বিনিময়ত আপোনাক পিএইছডি লাগে নেকি বুলি দিয়া বিজ্ঞাপনেৰে অনলাইন ভৰি পৰাৰ সময়ত সেয়ে এই অতি সন্মানীয় ডিগ্ৰীটোক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ বিগত কিছু বছৰত অসমৰ বহু ৰাজনীতিক, নেতা, ব্যৱসায়ী, আৰক্ষী বিষয়াই পিএইছডি লোৱাৰ ধুম উঠাৰ ফলত ডক্টৰেটক লৈ বিদ্বৎ সমাজত সন্দেহ, শংকাৰ সৃষ্টি হৈছিল৷ তেনে ডক্টৰেটৰ সেই ডিগ্ৰীক লৈ সন্দেহৰ অবকাশ থাকি গৈছিল৷ ইমান সীমাহীন ব্যস্ততাৰ মাজত এজন ৰাজনৈতিক নেতাই, ব্যস্ততম মন্ত্ৰীয়ে কেনেদৰে পিএইছডিৰ গৱেষণা কৰে? অধ্যয়নৰ সময় তেওঁ ক’ত পায়? আইন শৃংখলা চম্ভালি থকা এখন জিলাৰ আৰক্ষী অধীক্ষকে পিএইছডি কৰিবলৈ সময় কেনেকৈ উলিয়াব পাৰে? তাৰ ওপৰত আকৌ ব্যৱসায়ী৷ কেতিয়াবাই কলেজ-ইউনিভাৰ্চিটি এৰি, আখৰ পাহৰি টকাৰ পিছত দৌৰা ধনী ব্যৱসায়ীও অসমত ডক্টৰেট, তাকো সন্মানীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা৷ এইবোৰ দেখি বহুতৰ মনত প্ৰশ্নৰ উদয় হৈছিল– ডক্টৰেট হোৱাতো তেনেই সহজ নেকি? চৰ্চা হয়, তেনে লোকক মেধাবী কোনো ব্যক্তিয়ে পিএইছডিৰ সকলো সমল যোগান ধৰে আৰু তেওঁলোকে হাঁহি হাঁহি সমাবৰ্তনত ডিগ্ৰীটো শিৰোধান কৰে৷

আজিকালিৰ পিএইছডিক লৈ এনেদৰে ঠাট্টা মস্কৰা চলি থকাৰ সময়তে ডক্টৰেট ডিগ্ৰী লাগে নেকি বুলি প্ৰকাশিত অনলাইন বিজ্ঞাপনে এই সন্মানীয় ডিগ্ৰীক ভয়াৱহভাৱে সন্দেহৰ অটল তলীলৈ ঠেলি নিছে৷ ‘আপোনাৰ নামৰ সৈতে ড॰ ডিগ্ৰী সংযোজন কৰক, ‘সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ বাবে বিশ্বৰ আগশাৰীৰ প্ৰসিদ্ধ স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰক’– ইত্যাদি বিজ্ঞাপন এতিয়া অনলাইনৰ সুলভ৷ তাৰ বাবে প্ৰাৰ্থীৰ নিজস্ব ক্ষেত্ৰত কাম কৰাৰ পাঁচ বছৰৰ অভিজ্ঞতা থকা প্ৰয়োজন৷ তাৰ বাবে প্ৰাৰ্থীয়ে দুজন সমাজত পৰিচিত ব্যক্তিৰ নাম উল্লেখ কৰি নিজৰ প্ৰফাইল সেই শিক্ষা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব লাগে৷ বিজ্ঞাপন পোনপটীয়াকৈ সংশি¡ষ্ট শিক্ষা প্ৰতিষ্ঠানটোৱে নিদিয়ে৷ তেওঁলোকৰ হৈ এনে বিজ্ঞাপন দিয়ে কোনো পি আৰ এজেন্সিয়ে৷ ধনৰ পৰিমাণৰ ওপৰত থিৰাং হয় শিক্ষা প্ৰতিষ্ঠানৰ নাম৷ ইণ্টাৰনেচনেল গ্লোবেল পিচ ইউনিভাৰ্চিটী, নেচনেল হিউমেন ৰাইটছ পিচ কাউন্সিল, ডমিনিকান চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বুলি দাবী কৰা বলব্ৰীজ ইউনিভাৰ্চিটী ইত্যাদি অসংখ্য শিক্ষা প্ৰতিষ্ঠানে প্ৰদান কৰে এনে ডক্টৰেট ডিগ্ৰী৷ তেনে শিক্ষা প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিবলৈ হ’লে অৱশ্যে পি আৰ এজেন্সিৰ সহায় ল’ব লাগিব৷ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা প্ৰতিষ্ঠানৰ আধিক্য ঘটাত অৰ্থনীতিৰ স্বাভাৱিক সূত্ৰ অনুসৰি তাৰ মূল্যও এতিয়া কমি আহিছে৷ অৰ্থাৎ চাহিদাৰ বিপৰীতে যোগান বৃদ্ধি পোৱাত এতিয়া ১,২০,০০০ টকা বা ১,৫০,০০০ টকাতো অনাৰেৰী ডক্টৰেট ডিগ্ৰী সুলভ হৈ পৰিছে৷ এসময়ত তাৰ দাম আছিল ১০ লাখ টকা বা ততোধিক৷ এতিয়া প্ৰায় ডেৰ লাখ টকা ব্যয় কৰি আৰু সমাবৰ্তনত উপস্থিত থকাৰ বাবে ১০,০০০ টকা ব্যয় কৰি ডক্টৰেট হ’ব পাৰি৷ 

তেনেদৰে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কৰ্ণাটক, তামিলনাডুত ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে৷ আনকি সমাবৰ্তনত পিএইছডি প্ৰদান কৰি থকা অনুষ্ঠানতে অলপতে মহীশুৰত আৰক্ষীয়ে অভিযান চলোৱাত হাহাকাৰৰ সৃষ্টি হৈছিল৷ কিয়নো সেই সমাবৰ্তনত ডক্টৰেট ডিগ্ৰী ল’বলৈ উপস্থিত আছিল এজন বিজেপিৰ বিধায়কো৷ তেওঁ পিছে নিজৰ নিৰাপত্তাৰক্ষীৰ সহায়ত কোনোমতে অনুষ্ঠানৰ পৰা পলায়ন কৰি গ্ৰেপ্তাৰৰ পৰা হাত সাৰে৷ সেই সমাৱৰ্তনত বিজেপিৰ বিধায়ক, কেইজনমান নেতা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াকে ধৰি নূন্যতম সংখ্যকক বিনামূলীয়াকৈ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাই বাকী ১৫০ জনৰ পৰা কেইবালাখ টকাকৈ সংগ্ৰহ কৰা বুলি আৰক্ষীৰ অভিযানত ধৰা পৰিছিল৷ অনলাইনত বিজ্ঞাপন দিয়া পি আৰ এজেন্সিয়ে জনোৱা অনুসৰি অসমতো অচিৰেই তেনে সমাৱৰ্তনৰ আয়োজন কৰা হ’ব, য’ত ডক্টৰেট ডিগ্ৰী লাভ কৰিব অনেকেই, ধনৰ বিনিময়ত৷ মূলতঃ নামৰ আগত ড॰ লিখি সমাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰু সামাজিক প্ৰতিপত্তি আহৰণ কৰিবলৈ এনেদৰে ধনাঢ্যই ডক্টৰেট ডিগ্ৰী ক্ৰয় কৰে৷ সেয়ে তেনে ডক্টৰেটৰ পৰা সাবধান৷