Logo
image

দেৰগাঁৱৰ পৰাই অমিত শ্বাহৰ সৈতে আজি দিল্লীলৈ মুখ্যমন্ত্ৰী

উদ্বোধন কৰিব এছপি সন্মিলন

হেলিকপ্টাৰ-বিলাস বিষয়াৰো

আমাৰ অসম, ৯ অক্টোবৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে অসম আৰক্ষীক দীক্ষা দিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে দেওবাৰে বিয়লি গোলাঘাট জিলাৰ দেৰগাঁওস্থিত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰক্ষী অধীক্ষকসকলৰ সমাৰোহ উদ্বোধন কৰাৰ লগতে আৰক্ষী জোৱানসকলৰ সৈতে মত বিনিময় কৰিব৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ আগমন উপলক্ষে সমগ্ৰ দেৰগাঁৱত গঢ়ি তোলা হৈছে নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা৷ সকলো বিষয়া কৰ্মচাৰী ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ আগমনৰ বাবে৷ ৰাজ্যৰ গৃহ বিভাগে নিৰাপত্তা ব্যৱস্থাৰ লগতে সমাৰোহৰ আয়োজন পৰ্যবেক্ষণ কৰি আছে৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অসম আৰক্ষী কনভেনচন চেণ্টাৰত অনুষ্ঠিত হবলগীয়া আৰক্ষী অধীক্ষক সকলৰ বৈঠকত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইজন মন্ত্ৰী বিধায়ক উপস্থিত থাকিব এই অনুষ্ঠানটোত৷  ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ খেলপথাৰত আৰক্ষী জোৱান সকলৰ লগত মত বিনিময় অনুষ্ঠানত মিলিত হ’ব৷ উল্লেখ্য, অমিত শ্বাহৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেওবাৰে হেলিকপ্টাৰেৰে বিয়লি ৪.৩০ বজাত দেৰগাঁৱত উপস্থিত হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক আদৰিবলৈ অসম আৰক্ষীয়ে ব্যাপক প্ৰস্তুতি চলাইছে৷ সমাৰোহত অংশগ্ৰহণ কৰি এঘণ্টাৰ পাছতে অমিত শ্বাহ যোৰহাটলৈ উৰা মাৰিব৷ যোৰহাটৰ ৰৰৈয়া বিমানঘাটিৰ পৰা তেওঁ বিশেষ বিমানেৰে নতুন দিল্লীলৈ ৰাওনা হ’ব৷  উল্লেখ্য যে গুৱাহাটীৰ কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মা অমিত শ্বাহৰ সৈতে একেলগে দেৰগাঁৱলৈ যাব আৰু দেৰগাঁৱৰ কাৰ্যসূচীত ১ঘণ্টা সময় থকাৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাত অমিশ্বাহৰ সৈতে যোৰহাটলৈ আহি যোৰহাটৰ পৰা একেলগে দিল্লী অভিমুখে ৰাওনা হ’ব৷ লক্ষ্যণীয়ভাৱে গুৱাহাটীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা একেলগে হেলিকপ্টাৰেৰে দেৰগাঁৱলৈ যোৱাৰ বিপৰীতে আৰক্ষী প্ৰশাসনৰ একাংশ শীৰ্ষ আমোলা গুৱাহাটীৰ পৰা দেৰগাঁৱত হেলিকপ্তাৰেৰে উপস্থিত হ’ব৷ শেহতীয়াভাৱে ৰাজ্যখন ভয়াবহ আৰ্থিক মন্দাবস্থাৰ মাজেদি চলি থকাৰ পিছতো আমোলা-বিষয়াৰ এই হেলিকপ্তাৰ বিলাসক কেন্দ্ৰ কৰি দিছপুৰৰ বাহিৰে ভিতৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ ইতিমধ্যে চৰকাৰে হেজাৰ হেজাৰ কোটি টকাৰ ঋণ লৈছে৷ আৰ্থিক দুৰবস্থাৰ প্ৰভাব ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে৷ কিন্তু ইয়াৰ পিছতো দেৰগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সভাত উপস্থিত থকাৰ বাবে গুৱহাটীৰ পৰা আমোলা বিষয়াৰ দল হেলিকপ্তাৰ যোগে যোৱা কাৰ্যই ৰাজকোষৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব৷  উল্লেখ্যযে আৰক্ষী প্ৰশাসনৰ একাংশ শীৰ্ষ আমোলা বিষয়া গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ হেলিকপ্টাৰ যোগে যাব যদিও তেওঁলোকৰ চৰকাৰী বাহন এচকৰ্ট পাইলট গাড়ী ৰাজপথৰ গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ যাত্ৰা কৰিব৷ কাৰণ দেৰগাঁৱৰ কাৰ্যসূচী শেষ কৰি এইসকল আমোলা বিষয়া ৰাজপথেৰে গুৱাহাটীলৈ উভতিব৷ এই ব্যয়ৰ বোজাও পৰিব ৰাজ্যৰ ৰাজকোষৰ ওপৰত৷