Logo
image

আজি শ্ৰীশ্ৰী লক্ষ্মী পূজা

আমাৰ অসম, ৯ অক্টোবৰঃ ‘ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে/সৰ্ব্বতঃ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে/শাৰদীয় দূৰ্গোৎসৱৰ সামৰণিৰ পাছত এতিয়া ৰাজ্যজুৰি মা লক্ষ্মীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ দেওবাৰে ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা৷ ৰাজ্যজুৰি দেৱী লক্ষ্মীক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ ৰাজ্যৰ লক্ষ্মীমন্দিৰ সমূহৰ লগতে দুৰ্গা পূজাস্থলী সমূহতো লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ ৰাজ্যৰ প্ৰায়বোৰ লক্ষ্মীমন্দিৰ ন ৰূপেৰে সজাই তোলা হৈছে৷ দেওবাৰে মা লক্ষ্মীৰ বন্দনাৰে মুখৰ হ’ব ৰাজ্যৰ লক্ষ্মীমন্দিৰ, দুৰ্গাপূজাৰস্থলী সমূহ৷ আহিন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বীলোকসকলে মা লক্ষ্মীক আৰাধনা কৰে আৰু মা লক্ষ্মীৰ আশীৰ্বাদত বছৰটো যাতে ধনে ধানে উপচি পৰে তাৰ বাবে আশিষ লয়৷ কৃষিত নিৰ্ভৰশীল আমাৰ ৰাজ্যই দেৱী লক্ষ্মীৰ কৃপা যাতে কৃষি দৰাত থাকে তাৰ বাবেও মা লক্ষ্মীক ধূপ দীপ নৈবদ্যৰে পূজা কৰে৷ এইবাৰ ৯ অক্টোবৰৰ পুৱতি নিশা ৩.৩০ বজাৰ পৰা ১০ অক্টোবৰৰ পুৱতি নিশা ২.২৫ বজালৈ পূৰ্ণিমা তিথিত ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা কৰা হ’ব৷ লক্ষ্মীপূজা উপলক্ষে ৰাজ্যৰ বজাৰসমূহ পূজাৰ প্ৰয়োজনীয় সামগ্ৰীৰে ভৰি পৰিছে৷ সমান্তৰালকৈ দেৱী লক্ষ্মীৰ প্ৰতিমা, লক্ষ্মী পাঁচালী, লক্ষ্মীৰ প্ৰতীকী চৰণ যুগল, নানা ৰঙী আল্পনা, ধানৰ মুঠি, পদুম ফুল, আমৰ দালি, কলপুলি আদিৰে ভৰি পৰিছে৷ ৰাজ্যৰ বজাৰ সমূহৰ লগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ, ফাঁচি বজাৰ, শিলপুখুৰী, গণেশগুৰি, বেলতলা আদি হাজো, নলবাৰী, বাইহাটা চাৰি আলি আদিৰ থলুৱা ব্যৱসায়ীয়ে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ভিৰ কৰিছে৷ পূৰ্বতকৈ সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে যদিও দেৱী লক্ষ্মীক নিজৰ সাধ্যানুসৰি আদৰিবলৈ সকলোৱে সাজু হৈছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুই তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ উজনিৰ পৰা নামনিলৈ এতিয়া এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰিছে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ লক্ষ্মী মন্দিৰ, দুৰ্গাপূজাৰস্থলী সমূহত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ এইবাৰ গুৱাহাটীৰ অতি পুৰণি লক্ষ্মী মন্দিৰ বেলতলা বনগাঁও লক্ষ্মীমন্দিৰত ৭৩ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ এই সম্পৰ্কে বেলতলা বনগাঁও লক্ষ্মীমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক বাণেশ্বৰ টেৰণে কয়– ৭৩ সংখ্যক লক্ষ্মী পূজা উপলক্ষে দেওবাৰে পুৱা ৯ বজাত দৈনন্দিন পূজা, পুৱা ৮ বজাত শোভাযাত্ৰা কৰি সোণাপুৰৰ পৰা লক্ষ্মী দেৱীক আদৰি অনা হ’ব৷ তাৰ পাছত লক্ষ্মী মন্দিৰ প্ৰাংগণত মন্দিৰৰ প্ৰাক্তন সভাপতি, সম্পাদকক সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব৷ শ্ৰদ্ধাঞ্জলি জনাব স্থানীয় বিধায়ক অতুল বৰাই৷ তাৰপাছত অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকক সমদ্ধৰ্না জনোৱা হ’ব৷ সিদিনা পুৱাৰ পৰা নামকীৰ্তন কৰাৰ লগতে সন্ধিয়া হোম যজ্ঞ কৰা হ’ব৷ নিশা ১২ বজাত পূজাৰ সামৰণি পৰিব৷’ ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৮, ৯ আৰু ১০ অক্টোবৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে৷ ৮ অক্টোবৰত পুৱা ধৰ্মধবজা উত্তোলনৰে সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ হোৱাৰ পাছত ৫০খন পতাকা উত্তোলন কৰা হ’ব৷ তাৰ পাছত পুৱা ৯ বজাত বৃহত্তৰ খানামুখ অঞ্চলত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হ’ব৷  বিয়লি ৪, বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ নিশা ৭ বজাৰ পৰা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাজনন্দিনী নাট্যদলে নাট প্ৰদৰ্শন কৰিব৷  ৯ অক্টোবৰ দ্বিতীয় দিনা পুৱা গছপুলি ৰোপণ কাৰ্যসূচীৰ পাছত নৱনিৰ্মিত খানামুখ সমূহীয়া ভৱনটো উদ্বোধন কৰিব স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ দিনৰ ১১ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধিয়া প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচী আৰম্ভ হব৷ নিশা ৯ বজাৰ পৰা খানামুখ মিলন সংঘৰ উদ্যোগত স্থানীয় শিল্পী সকলে মঞ্চস্থ কৰিব চন্দন কলিতাৰ দ্বাৰা ৰচিত আৰু অৱনী ডেকাৰ পৰিচালিত পূৰ্ণাংগ নাট ‘চক্ৰবেহু’৷  ১০ অক্টোবৰ তৃতীয় দিনা পুৱা ৫ বজাত উষা কীত্তৰ্ন, ৫.৩০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, বিয়লি ৪ বজাৰ পৰা আয়তীৰ নাম কীত্তৰ্ন আৰু নিশা ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ আনহাতে সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰিবলৈ জ্যেষ্ঠ নাগৰিক বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াক মুখ্য উপদেষ্টা,  জ্যেষ্ঠ অধিবক্তা সত্য ভৰালীক সভাপতি, কেশৱ কলিতাক কাৰ্যকৰী সভাপতি, কনক চন্দ্ৰ বৈশ্য, কমলা কলিতা, অনিল বৈশ্য আৰু মাণিক কলিতাক উপ সভাপতি, ৰুবুল বৈশ্য আৰু তপন ঠাকুৰীয়াক সাধাৰণ সম্পাদক, ধীৰাজ কলিতা [ দুলু ], পংকজ কলিতা, অনিল কলিতা, ৰাজদ্বীপ কাকতি আৰু ৰাহুল কলিতাক সম্পাদক, সনাতন বৰুৱাক পূজাবতী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি আৰু কেবাখনো উপ সমিতি গঠন কৰা হৈছে৷ সেইদৰে গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়তো ধৰ্মীয় ৰীতি নীতিৰে লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে৷ শৰতে উৎসৱৰ বতৰা কঢ়িয়াই আনিছে আৰু তাৰ অংশ স্বৰূপে দেওবাৰে মা লক্ষ্মীক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী৷ 

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ নিকটৱৰ্তী বাখলগাঁৱত ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা আৰু কাইলৈৰ পৰা দহদিনীয়াকৈ অনুষ্ঠিত কৰিব৷ পূজা আৰু মেলা পৰিচালনাৰ বাবে বিপুল ৰায়ক সভাপতি, হীৰেন ৰায়ক উপ-সভাপতি, নয়ন ৰায়ক সম্পাদক, হিতেশ ৰায়, প্ৰদীপ ৰায়ক সহঃ সম্পাদক আৰু ৰথিন ৰায়ক কোষাধ্যক্ষ হিচাবে লৈ উদ্‌যাপন সমিতি এখন গঠন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি, কাইলৈ দুপৰীয়া লক্ষ্মীদেৱীৰ মৃণ্ময় মূৰ্তি বেদীত স্থাপন কৰাৰ পাছত নিৰন্তৰভাৱে চলিব পূজা-অৰ্চনা আৰু নাম-কীৰ্তন৷ পিছদিনা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ডবা নাম প্ৰদৰ্শন৷ তাৰ পাছৰ দিনবোৰৰ কাৰ্যসূচী মতে, যাত্ৰাভিনয়, নাগাৰা নাম, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হোৱাৰ লগতে ১৭ আৰু ১৮ অক্টোবৰত অনুষ্ঠিত কৰিব সাংস্কৃতিক অনুষ্ঠান৷ ইপিনে দক্ষিণ দেওহাটী লক্ষ্মী মন্দিৰত পূজা আৰু মেলা পৰিচালনা কৰাৰ বাবে জ্ঞানেন্দ্ৰ চন্দ্ৰ দাসক সভাপতি, জয়ন্ত ৰাম ৰায়ক কাৰ্যকৰী সভাপতি, লোহিয়া ৰাম ৰায়, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, প্ৰতিমা ৰায়, বিজয়া দাস, ধনবান ৰায়ক উপ-সভাপতি, কমল সৰকাৰক সম্পাদক, ধৰ্মেশ্বৰ শীল, স্বাধীন সৰকাৰক যুটীয়া সম্পাদক আৰু দীপক দাস, কুঞ্জ বিহাৰী ৰায়ক সাংস্কৃতিক সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰা হৈছে৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা লক্ষ্মী পূজাৰ কাৰ্যসূচী অনুসৰি, কাইলৈ সন্ধিয়া সাত বজাৰ পৰা পূজাৰম্ভ, নিশা ন বজাত পুষ্পাঞ্জলিৰ পাছত পিছদিনা স্থানীয় আইসকলে পৰিৱেশন কৰিব নাম প্ৰসংগ আৰু আবেলি আমন্ত্ৰিত নামদলে নাম পৰিৱেশন কৰাৰ লগতে সন্ধিয়া শোভাৰাম নাথৰ সোঁৱৰণত ৰূপজ্যোতি নাট্যগোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন কৰিব৷