Logo
image

বিজেপিৰ পঞ্চতাৰকা কাৰ্যালয় উদ্বোধন

বানমুক্ত হ’ব অসমঃ অমিত শ্বাহ

জনজাতিকৰণৰ উল্লেখেই নহ’ল

আমাৰ অসম, ৯ অক্টোবৰঃ পঞ্চ তাৰকা হোটেলসদৃশ গুৱাহাটীৰ বশিষ্ঠত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ উল্লেখ্য যে, ২০১৯ চনত ভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ভৱনটো মুকলি কৰি কয় যে তেওঁ যেতিয়া এই ছয়মহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল তেতিয়া সৰ্বানন্দ সোণোৱালক কাণে কাণে সুধিছিল সঁচাকৈ ভৱনটো নিৰ্মাণ কৰিব পাৰিবনে৷ কিন্তু প্ৰায় দুবছৰৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইমান এটা আটকধুনীয়া ভৱনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি উলিওৱা বুলি প্ৰশংসা কৰি ভৱনটোৰ নিৰ্মাণৰ সৈতে জড়িত সকলোকে তেওঁ অভিনন্দন জনায়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়–আজি মুকলি হোৱা অসম বিজেপিৰ নতুন কাৰ্যালয়টো দিল্লীৰ বিজেপিৰ হেড কোৱাৰ্টাৰৰ তুলনাত কোনো গুণে কম নহয়৷ বৰঞ্চ ইয়াৰ তুলনাত অধিক ভালহে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে তেওঁ যেতিয়া বিদ্যাৰ্থী পৰিষদৰ কাৰ্যসূচীৰ বাবে অসমলৈ আহিছিল তেতিয়া তেওঁলোকক প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আঘাত কৰিছিল৷ সেই সময়ত এইটো কল্পনাও কৰিব পৰা হোৱা নাছিল যে অসমত বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিব৷ কংগ্ৰেছক সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে অসমক বহু বছৰ ধৰি সমান্তবাদ, বিভাজন, আন্দোলন আৰু ধৰ্মঘটৰ স্থলী কৰি ৰাখিছিল৷ কোনো উন্নয়ন হোৱা নাছিল, শিক্ষাৰ পৰিৱেশ নাছিল, ক’তো শান্তি নাছিল৷ কিন্তু ২০১৪ চনৰ পৰা অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব শান্তিৰ পথত আগবাঢ়িছে৷ আজি উদ্বোধন হোৱা বিজেপিৰ কাৰ্যালয়টোক কৰ্ম মন্দিৰ হিচাপে গণ্য কৰিবলৈ তেওঁ বিজেপিৰ কৰ্মকৰ্তাসকলক আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডায়ো কয় যে বিজেপিৰ কাৰ্যালয় কেৱল অফিচ নহয়, ই হ’ল সমৰ্পন আৰু সংস্কাৰৰ কেন্দ্ৰ৷ সমগ্ৰ দিশতে ৫১২টা জিলা বিজেপিৰ কাৰ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে বুলি মন্তব্য কৰে নড্ডাই কয় যে ইয়াৰে ২৩৬টাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ আজিৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ পুনৰ উত্থান হৈছে৷ মোদীৰ নেতৃত্বত বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ পুনৰ এবাৰ বিশ্বগুৰু হিচাপে জিলিকি উঠিছে৷ অমিত শ্বাহৰ দূৰদৰ্শী কৌশলী নেতৃত্বত আৰু সাংগঠনিক দক্ষতাৰ ফলত বিজেপি দলৰ অশ্বমেধ ঘোঁৰা আজি দশোদিশে বিয়পি পৰিছে৷ পিএফ আইৰ দৰে সাম্প্ৰদায়িক সংগঠনক নিষিদ্ধ কৰি অমিত শ্বাহ আৰু ভাৰত চৰকাৰে পুনৰ এবাৰ ভাৰতীয় সভ্যতা, সংস্কৃতিৰ ৰক্ষণা-বেক্ষণৰ বাবে বিশাল পদক্ষেপ গ্ৰহণ কৰিলে৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ প্ৰেৰণাৰে ভাৰতীয় জনতা পাৰ্টীয়ে আজি অসমৰ চৌদিশত এক বটবৃক্ষৰ দৰে খোপনি পুতিছে৷ আজি নাড্ডাৰ নেতৃত্বত বুথে বুথে, ঘৰে ঘৰে সংগঠন শক্তিশালী হৈ উঠিছে৷ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিজেপিৰ কাৰ্যকৰ্তাসকলৰ অশেষ ত্যাগ, কষ্টৰ ফলতে আমি জনপ্ৰতিনিধি হৈ দেশ মাতৃৰ সেৱা কৰাৰ সুযোগ লাভ কৰিছো৷ অগ্ৰজসকলৰ অভিজ্ঞতা আৰু আৰ্শীবাদে আমাক সদায়েই প্ৰেৰণা যোগাই আহিছে৷ উল্লেখ্য যে আজিৰ প্ৰদেশ বিজেপিৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠানৰ মূল ফলক বা মঞ্চত কতো সৰ্বানন্দ সোণোৱালৰ নাম, ফটো নথকাত বিজেপিৰ সোণোৱাল শিবিৰৰ মাজত মৃদু অসন্তুষ্টিয়ে দেখা দিয়ে৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মঞ্চৰ তলত আসন গ্ৰহণ কৰা তিনি জ্যেষ্ঠ নেতা ক্ৰমে বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা আৰু ৰাজেন গোহাঁই মাতি  আনি মঞ্চত আসন দিয়ে৷ ইফালে মঞ্চত আসন নাপাই অপ্ৰস্তুত তললৈ নামি লগা হয় ভুৱনেশ্বৰ কলিতা৷ আজিৰ অনুষ্ঠানতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই প্ৰদেশ বিজেপিৰ ৯টা জিলা, কাৰ্যালয় আৰু ১০২টা মণ্ডল কাৰ্যালয়ৰ ভাৰ্ছুৱেলী উদ্বোধন কৰে৷ লক্ষণীয় আজি মুকলি হোৱা প্ৰায় এক লাখ এক হাজাৰ বৰ্গ ফুটৰ প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ কেৱল বিল্ডিং নিৰ্মাণতে ব্যয় হৈছে প্ৰায় ৩০ কোটি টকা৷ ফাইভ ষ্টাৰ হোটেল সদৃশ ভিতৰৰ কাৰুকাৰ্য আৰু  আচবাব পত্ৰ হিচাপ কৰিলে ভৱনটোৰ নিৰ্মাণ ব্যয় আৰু কেইবা কোটি টকা বৃদ্ধি পাব৷ ৬ মহলীয়া এই ভৱনটো ৪ বিঘা মাটি সামৰি নিৰ্মাণ কৰা হৈছে৷ ভৱনটোত আছে ৩০ টাৰো অধিক কোঠা৷ প্ৰথম আৰু দ্বিতীয় মহলা সামৰি নিৰ্মাণ কৰা হৈছে দুমহলীয়া আটকধুনীয়া মূল প্ৰেক্ষাগৃহ৷ প্ৰায় দুশ মানুহৰ আসনৰ ব্যৱস্থা আছে এই প্ৰেক্ষাগৃহত৷ প্ৰতিটো মহলাত আছে একোটাকৈ কনফাৰেন্স ৰুম৷ দ্বিতীয় মহলাত আছে মিডিয়া কনফাৰেন্স ৰুম৷ আই টি চেলৰ পৰা ছ’চিয়েল মিডিয়ালৈ বিভিন্ন কোঠা আছে নতুন বাজপেয়ী ভৱনত৷ বিষয়ববীয়া বাবে সুকীয়া কোঠা, অতিথি শালা, মুকলি পাৰ্কিং, ৰান্ধনিঘৰ আদিৰো ব্যৱস্থা আছে বাজপেয়ী ভৱনত৷ আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাক্তন প্ৰভাৰী অজয় জামোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহ প্ৰমুখ্যে দলৰ শীৰ্ষ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷

৭২গৰাকী অশীতিপৰ নেতাৰ ভৰি ধুৱালে মুখ্যমন্ত্ৰী শৰ্মাই

আশীৰ ঊৰ্ধৰ ৭২জন জনসংঘ, বিজেপিৰ প্ৰবীণৰো প্ৰৱীণ অগ্ৰজ কাৰ্যকৰ্তাৰ চৰণ পখালি কৰকমল স্পৰ্শৰ আশীষ ভূষণেৰে শনিবাৰে মুকলি হ’ল গুৱাহাটীৰ বশিষ্ঠত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন৷ উল্লেখ্য যে বিজেপিৰ ভাষাৰে শদিয়াৰ পৰা ধুবুৰীলৈ, কৰিমগঞ্জৰ পৰা কোক্‌ৰাঝাৰলৈ মুঠ ৭৫জন জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাক বিচাৰি উলিয়াই আজি নৱনিৰ্মিত বাজপেয়ী ভৱনলৈ আমন্ত্ৰণ জনাইছিল বিজেপিয়ে৷ ইয়াৰ তিনিজন জ্যেষ্ঠ নেতা শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে যদিও ৭২জন নেতা উপস্থিত থাকে৷ তেওঁলোকৰ ভিতৰত উল্লেখযোগ্যসকল হ’ল– প্ৰাক্তন ৰাজ্যিক সভাপতি নাৰায়ণ বৰকটকী, উদয়শংকৰ গোস্বামী, বাসুদেৱ শৰ্মা, অজয় ভট্টাচাৰ্য, দেবব্ৰত সাহা, সুখেন্দু শেখৰ দত্ত, বিয়োংকেশ দত্ত, নেপাল চক্ৰৱৰ্তী, গোবিন্দ লাল চেটাৰ্জী, অচিৎ ৰঞ্জন ভট্টাচাৰ্য, সুব্ৰত শৰ্মা মজুমদাৰ, ৰেনসিং ৰংহাং, যোগেশ্বৰ শ্যাম, চাৰ্থে ইংতি, হৰিপদ ৰায়, কৃষ্ণকান্ত শইকীয়া, শিৱজী ডুবে, ৰবীন্দ্ৰ ৰয় ভৌমিক, বজৰংলাল কেজৰিৱাল, প্ৰদীপ গোৱেল, শশাংকদেৱ ফুকন, সুশীলা গোস্বামী, প্ৰদীপ চাংমাই, গোৱৰ্ধন প্ৰসাদ অটল, প্ৰমোদ বড়া, পুতুল মহন্ত, অশোক বৰঠাকুৰ, ভমৰলাল পাৱাৰ, মণ্টু বেনাৰ্জী, ৰূপ নাৰায়ণ পণ্ডিত, সুকদেৱ বাৰ্মা, উপেন বায়ন, ৰেখা শৰ্মা, সুৰেণ মণ্ডল, শশীন্দ্ৰ চন্দ্ৰ সিনহা, মিলন ভূঞা, উমাকান্ত বৰা, হৰেকৃষ্ণ ভৰালী, মহন্ত প্ৰসাদ স্বামী, বসন্ত চুটীয়া, প্ৰাণতোষ ৰয়, যাদৱ কলিতা, নন্দ বৰুৱা, পৱিত্ৰ শৰ্মা, প্ৰশান্ত বৰা, অশ্বিনী পাইট, ফণীধৰ কমান, গকুল গোস্বামী, ভৱ গোস্বমী, দেৱেশ শীল, নগেন্দ্ৰ নাথ শৰ্মা, পৰেশ দাস, কান্তেশ্বৰ ৰয়, তাৰক চন্দ্ৰ নাথ, সত্যকৃষ্ণ মিশ্ৰ, নিৰঞ্জন পাঠক, যোগেশ্বৰ বুজৰবৰুৱা, শৈলেন ভাগৱতী, তৰুণ সিং লহকৰ, শুক্ৰেশ্বৰ কলিতা, গোবিন্দ কলিতা, কামেশ্বৰ কলিতা, কৃৰ্তি নাৰায়ণ দাস, কমল কুমাৰ ভূঞা, নৃপেন দাস, লিষ্টুৰাম ৰাভা, ৰোহিত গৌতম, সত্যৰঞ্জন কুণ্ড আদি অন্যতম৷ উল্লেখ্য যে এইসকলৰ ভিতৰত প্ৰথম শাৰীত থকা নাৰায়ণ বৰকটকী প্ৰথমে ভৰি ধুৱাই বগা কাপোৰেৰে ভৰি মচি চৰণ সেৱা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে এজন এজনকৈ জ্যেষ্ঠ কৰ্মকৰ্তাসকলৰ এনেদৰে ভৰি ধুৱাই চৰণ স্পৰ্শ কৰি যায়৷ পিছত উদ্বোধনী অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মতেই আজিৰ প্ৰদেশ বিজেপিৰ নতুন ভৱনৰ উদ্বোধনী অনুষ্ঠানত বিজেপিৰ গুৰি ধৰোতাজনক সন্মতিৰ বাবে এই বিশেষ কাৰ্যসূচী ৰখা হৈছে৷ লক্ষণীয় যে প্ৰদেশ বিজেপিৰ হৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জ্যেষ্ঠ বিজেপি নেতাসকলৰ চৰণ চুই, পখালি সেৱা গ্ৰহণ কৰে৷ প্ৰবীন নেতাসকলক গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনায়৷ মানপত্ৰ পাঠ কৰে তথা অনুষ্ঠানৰ আঁত ধৰে প্ৰদেশ বিজেপিৰ অন্যতম নেতা দীপ্লুৰঞ্জন শৰ্মাই৷ উল্লেখ্য যে দলৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় হ’বলৈ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে আজি ৪০খন জিলা আৰু আঠখন মৰ্চালৈ বলেৰ আৰু স্কৰপিঅ’ গাড়ী প্ৰদান কৰে৷ এই বাহনসমূহৰ ফ্লেগ অফ কৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ 

পাঁচ বছৰত বানমুক্ত হ’ব অসমঃ অমিত শ্বাহ

অসমক বানমুক্ত কৰিবলৈ পুনৰ পাঁচ বছৰ বিচাৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেপথাৰত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত মুখ্য অতিথি ৰূপে ভাগ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়– নৰেন্দ্ৰ মোদী চৰকাৰে অসমক বানমুক্ত কৰাৰ সংকল্প লৈছে৷ বিজেপিক পাঁচ বছৰ দিয়ক, অসমক বানমুক্ত কৰিম৷ কালি নৰ্থ ইষ্ট কাউন্সিলৰ সৈতে আলোচনাত মিলিত হৈছিলোঁ  যিখন বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ভাগ লৈছিল৷ অসম চৰকাৰে এনে এখন আঁচনি লৈছে যিখন আঁচনি ৰূপায়ণ হ’লে পাঁচ বছৰৰ ভিতৰত অসম বানমুক্ত হ’ব৷ অসমত বান আৰু কেতিয়াও হ’ব নোৱাৰিব৷ তেওঁ আৰু কয়– কংগ্ৰেছে অসমক কেতিয়াবাই এৰি দিছিল৷ গোপীনাথ বৰদলৈ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বাবে অসম ভাৰতৰ অংগৰাজ্য হৈ থাকিল৷ ২০১৪ চনত দেশত পৰিবৰ্তন আনি নৰেন্দ্ৰ মোদীয়ে বিকাশৰ ৰাজনীতি আৰম্ভ কৰিলে৷ পূৰ্বে অস্ত্ৰৰ জনজননিৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ পথ বন্ধ হৈ আছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ এক ইঞ্চি পৰ্যন্ত ভূমিৰ সুৰক্ষা দিবলৈ সংকল্প লৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে অসমৰ ভূমি কংগ্ৰেছে বহু বছৰ ধৰি সন্তাসবাদ, বিভাজন, আন্দোলন আৰু ধৰ্মঘটৰ দেশ হিচাপে ৰাখিছিল৷ কোনো উন্নয়ন নাছিল, শিক্ষা নাছিল, শান্তি নাছিল৷ ২০১৪ চনৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ পথত আগবাঢ়ি আহিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ উন্নয়ন সমান্তৰালভাৱে চলি আছে৷ আমি অসমত শান্তি স্থাপন কৰিছোঁ৷ বিজেপি কাৰ্যালয়টো শ্ৰমিকসকলৰ বাবে মন্দিৰৰ দৰে৷ কংগ্ৰেছ কোনো চিন্তাশীল দল নহয়৷ আমাৰ দল হৈছে এক চিন্তাশীল দল, যি আজিৰ সৰ্ববৃহৎ ৰাজনৈতিক দল৷ আমি আমাৰ দলক শক্তিশালী কৰিব লাগিব৷ ৰাহুল গান্ধীয়ে কংগ্ৰেছ শাসনলৈ অহাৰ সময়ত উত্তৰ-পূবৰ পৰা AFSPA আঁতৰোৱাৰ এজেণ্ডা প্ৰদান কৰিছিল৷ ই তুষ্টিকৰণৰ বাবে আছিল৷ যেতিয়া মোক এইটো সোধা হৈছিল, মই কৈছিলোঁ যে আমি প্ৰথমে উত্তৰ-পূবত শান্তি আনিম আৰু তাৰ পিছত AFSPA আঁতৰ কৰিম৷ আমি নিৰ্বাচনত জয়ী হৈছিলোঁ৷ উল্লেখ্য, বিগত বিধানসভা নিৰ্বাচনতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাঁচ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল৷ অনুষ্ঠানত ভাগ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কয়– বিজেপি শাসনলৈ অহাৰ পাছতহে অসমলৈ শান্তি আহিছে; বিকাশৰ যাত্ৰা আৰম্ভ হৈছে৷ অসমত যে কেতিয়াবা এইমছ স্থাপন হ’ব সেই কথা অসমবাসীয়ে কল্পনাও কৰা নাছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট, লুক ইষ্ট নীতিৰ বাবে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশৰ ইতিহাস আৰম্ভ হৈছে৷ অসমৰ জিলাই জিলাই মেডিকেল কলেজ স্থাপন হোৱাটো অসমবাসীৰ বাবে আছিল অলীক কল্পনা৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা কাৰ্যকৰ্তা সন্মিলনত ভাগ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়– ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসত ভাৰতীয় জনতা পাৰ্টীৰ চমকপ্ৰদ উত্থানে কংগ্ৰেছৰ দৰে স্বেচ্ছাচাৰী দলৰ পৰিয়ালকেন্দ্ৰিক আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিৰ অৱসান ঘটাই এক বৈকল্পিক আদৰ্শবাদী ধাৰাৰ সৃষ্টি কৰিছিল৷ কংগ্ৰেছৰ শাসনকালত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হত্যা-হিংসাকে ধৰি পৰিয়ালকেন্দ্ৰিক অন্ধকাৰ যুগ বিৰাজমান হৈ আছিল৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল দেশৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত যথেষ্ট পিছপৰি আছিল৷ কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক অৱহেলা কৰাৰ লগতে সকলো দিশতে উপেক্ষা কৰিছিল৷ কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছৰপৰাই উত্তৰ-পূবে দোপতদোপে আগুৱাই গৈ আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সদ্ভাৱনাপূৰ্ণ দৃষ্টিভংগী গঢ় লৈ উঠিছে৷ বিচক্ষণ আৰু সবল নেতৃত্বত উত্তৰ-পূবৰ বিকাশৰ যাত্ৰা অগ্ৰগামী হিচাপে পৰিগণিত হৈছে আৰু সমগ্ৰ অঞ্চলটো দেশৰ অষ্টলক্ষ্মী তথা দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে উজলি উঠিব ধৰিছে৷ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মায়ো ভাষণ দিয়ে৷

ক’ৰ কমিটীৰ সভাত জনজাতিকৰণৰ আলোচনাই নহ’ল

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শুকুৰবাৰে নিশা কইনাধৰাৰ ৰ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত অসম বিজেপিৰ ক’ৰ কমিটিৰ প্ৰথমখন বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ ওপৰত কোনোধৰণৰ আলোচনাই নহ’ল৷ লক্ষ্যণীয়ভাৱে প্ৰায় ৰ ঘণ্টা ধৰি চলা এই বৈঠকত জনজাতিকৰণৰ উপৰিও বৃহৎ নদীবান্ধ আদিৰ দৰে স্পৰ্শকাতৰ বিষয়ো আলোচনা নহ’ল৷ অৱশ্যে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰমেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি ক’ৰ কমিটীৰ এজন সদস্যই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বৈঠকত উত্থাপন কৰে যিও এই বিষয়ে কোনোধৰণৰ আলোচনা নহ’ল৷ দীৰ্ঘদিন ধৰি অমীমাংসিত অৱস্থাত থকা ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতীকৰণৰ বিষয়টোক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ আছে৷ আনহাতে, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই সদৰি কৰা অনুুসৰি ক’ৰ কমিটীৰ বৈঠকত দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ওপৰতহে মূলতঃ আলোচনা হয়৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী ২৪ নৱেম্বৰত  অনুষ্ঠিত কৰাৰ বিষয়েও কৰ কমিটিৰ বৈঠকত বিস্তৃতভাৱে আলোচনা হয়৷ ক’ৰ কমিটীৰ বৈঠকত পৃষ্ঠা প্ৰমূখৰ উপৰিও পৃষ্ঠা কমিটী গঠন, বুথ সমিতিসমূহ নতুনকৈ গঠন, কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু প্ৰকল্প সোনকালে শেষ কৰাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ ক’ৰ কমিটীৰ প্ৰতিজন সদস্যক নিজৰ নিজৰ এলেকাত ৰূপায়িত হৈ থকা প্ৰকল্প আৰু আঁচনিৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হয়৷ আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিজেপি কি দৰে আগবাঢ়িব সেই বিষয়ে ৰোডমেপ’ প্ৰস্তুত কৰিবলৈ বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মাক দায়িত্ব দিয়া হয়৷ উল্লেখ্য যে নতুনকৈ গঠিত কৰ কমিটিৰ  প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগাঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ, উপ সভানেত্ৰী বিজুলী কলিতা মেধি, উপ-সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিজন সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, পুল গোহাঁই, দিপ্লুৰঞ্জন শৰ্মা সদস্য হিচাপে আছে৷ আনহাতে, কৰ কমিটিৰ বিশেষ আমন্ত্ৰিত সদস্য হ’ল ৰাজ্যিক প্ৰভাৰী বৈজয়ন্তী  জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমন্বয়ক সন্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা৷