Logo
image

ধনং দেহি, ঐশ্বৰ্যং দেহি...

আমাৰ অসম, ১০ অক্টোবৰঃ ধন লক্ষ্মী নমস্তে অস্তু সৰ্ব দাৰিদ্ৰ্য নাশিনি৷ ধনং দেহি শ্ৰিয়ং দেহি সৰ্ব কামাংশ্চ দেহি মে’৷ ৰাজ্যজুৰি দেওবাৰে ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা ধৰ্মীয় ৰীতি নীতিৰে কৰা হয়৷ ৰাজ্যৰ লক্ষ্মী মন্দিৰ, দুৰ্গা পূজাস্থলীসমূহত পুৱাৰ পৰা লক্ষ্মী দেৱীৰ মন্ত্ৰোচ্ছাৰণেৰে এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পুৱাৰে পৰা নিশা পৰ্যন্ত লক্ষ্মী মন্দিৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মন্দিৰসমূহত মা লক্ষ্মীৰ আশিষ লয়৷ আনহাতে নিজ নিজ গৃহটো মা লক্ষ্মীৰ আৰাধনা কৰে৷ দেওবাৰে মা লক্ষ্মীৰ বন্দনাৰে মুখৰ হৈ পৰে ৰাজ্যৰ লক্ষ্মীমন্দিৰ, দুৰ্গা পূজাৰথলীসমূহ৷ আহিন মাহৰ পূৰ্ণিমা তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে মা লক্ষ্মীক আৰাধনা কৰে আৰু মা লক্ষ্মীৰ আশীৰ্বাদত বছৰটো যাতে ধনে ধানে সমগ্ৰ দেশ যাতে উপচি পৰে তাৰ বাবে আশিষ লয়৷ কৃষিত নিৰ্ভৰশীল আমাৰ ৰাজ্যই দেৱী লক্ষ্মীৰ কৃপা যাতে কৃষি দৰাত থাকে তাৰ বাবেও মা লক্ষ্মীক ধূপ দীপ নৈবদ্যৰে পূজা কৰে৷ এইবাৰ দেওবাৰে অক্টোবৰৰ পুৱতি নিশা ৩.৩০ বজাৰ পৰা ১০ অক্টোবৰৰ পুৱতি নিশা ২.২৫ বজালৈ পূৰ্ণিমা তিথিত ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আৰাধনা কৰা হ’ব৷ লক্ষ্মী পূজা উপলক্ষে দেওবাৰে পুৱাৰে পৰা লক্ষ্মী সেৱাৰ প্ৰতিমা, মাটিৰ চাকি, ধানৰ ঠোক আদি পূজাৰ উপচাৰ ক্ৰয় কৰিবলৈ বজাৰত ভিৰ কৰে বহু গ্ৰাহকে৷ লক্ষ্মীৰ প্ৰতীকী চৰণ যুগল, নানা ৰঙী আল্পনা, ধানৰ মুঠি, পদুম ফুল, আমৰ দালি, কলপুলি আদি ক্ৰয় কৰে ভক্তসকলে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুই তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ উজনিৰ পৰা নামনিলৈ দেওবাৰে এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ এইবাৰো বজালী জিলাৰ বৰভালুকী [ভৰালীপাৰা]বাসী ৰাইজৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহায়-সহযোগত ৯, ১০ আৰু ১১ অক্টোবৰত লক্ষ্মী মন্দিৰ প্ৰাংগণত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮৩ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱৰ আয়োজন কৰা হৈছে৷ এইবাৰ লক্ষ্মী পূজাৰ কেইদিন চাফাই অভিজানৰ পৰা আৰম্ভ কৰি পতাকা উত্তোলন, কাৰ্যালয় উদ্বোধন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বন্তি প্ৰজ্বলন, পূজা মহোৎসৱৰ মুখ্য দ্বাৰ উদ্বোধন, লক্ষ্মী মন্দিৰ প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা স্থায়ী মঞ্চ উদ্বোধন, নাগাৰা নাম পৰিবেশন, ওজাপালি প্ৰদৰ্শন, কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু বঁটা বতৰণী অনুষ্ঠান, বিনাদেৱী যাত্ৰীক থিয়েটাৰৰ দ্বাৰা নাট্যাভিনয়, একক নৃত্য প্ৰতিযোগিতা আদিৰ লগতে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে৷ লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণৰূপে থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী৷  উক্ত অনুষ্ঠানসমূহত উপস্থিত থাকিব স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী, ৰঞ্জিত কুমাৰ দাস, বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, বজালী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাকুমণি শইকীয়া আদি  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো লক্ষ্মী দেৱীৰ পূজা দেওবাৰে ধৰ্মীয় ৰীতি নীতিৰে আয়োজন কৰা হয়৷ গুৱাহাটী মহানগৰীৰ লক্ষ্মী মন্দিৰ, দুৰ্গা পূজাস্থলীসমূহত লক্ষ্মী পূজাৰ আয়োজন কৰা হয়৷ এইবাৰ গুৱাহাটীৰ অতি পুৰণি লক্ষ্মী মন্দিৰ বেলতলা বনগাঁও লক্ষ্মীমন্দিৰত ৭৩ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হয়৷ ৭৩ সংখ্যক লক্ষ্মী পূজা উপলক্ষে দেওবাৰে পুৱা ৯ বজাত দৈনন্দিন পূজা, পুৱা ৮ বজাত শোভাযাত্ৰা কৰি সোণাপুৰৰ পৰা লক্ষ্মী দেৱীক আদৰি অনা হয়৷ তাৰপাছত লক্ষ্মী মন্দিৰ প্ৰাংগণত মন্দিৰৰ প্ৰাক্তন সভাপতি, সম্পাদকক সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷  তাৰপাছত অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকক সমদ্ধৰ্না জনোৱা হয় আৰু পুৱাৰ পৰা নামকীৰ্তন কৰাৰ লগতে সন্ধিয়া হোম যজ্ঞ অনুষ্ঠিত কৰা হয়৷ সেইদৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী৷ শনিবাৰে পুৱা পুৱা ধৰ্মধবজা উত্তোলনৰে সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে খানামুখ শ্ৰীশ্ৰী লক্ষ্মী পূজা উদ্‌যাপন সমিতিৰ সভাপতি সত্য ভৰালীয়ে৷ তাৰ পাছত সমূহীয়াভাবে সোণালী জয়ন্তী উপলক্ষে ৫০খন পতাকা উত্তোলন কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে উদ্‌যাপন সমিতিৰ মুখ্য উপদেষ্টা বলেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ বৈশ্যই৷  আনহাতে দিনৰ ১০ বজাত সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এক বিশাল বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়৷ পতাকা জোকাৰি শোভাযাত্ৰা মুকলি কৰে কাৰ্যকৰী সভাপতি কেশৱ কলিতা আৰু সমাজসেৱিকা ভাৰতী সিং কছাৰীয়ে৷ আনহাতে শোভাযাত্ৰাত শিশু, মহিলাকে ধৰি সাত শতাধিক লোকে অংশগ্ৰহণ কৰি ধৰ্মমূলক গীত পৰিবেশন কৰে৷  আনহাতে সন্ধিয়া অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত লক্ষ্মী পূজাৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈকে জড়িত প্ৰাক্তন সভাপতি, সম্পাদক সকলৰ লগতে মৃত সকলৰ পৰিয়ালক ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়৷ দেওবাৰে অৰ্থাৎ দ্বিতীয় দিনা পুৱা গছপুলি ৰোপণ কাৰ্যসূচীৰ পাছত নৱনিৰ্মিত খানামুখ সমূহীয়া ভৱনটো উদ্বোধন কৰা হয়৷ দিনৰ ১১ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সন্ধিয়া প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচী আৰম্ভ হয়৷ নিশা ৯ বজাৰ পৰা খানামুখ মিলন সংঘৰ উদ্যোগত স্থানীয় শিল্পী সকলে মঞ্চস্থ কৰিব চন্দন কলিতাৰ দ্বাৰা ৰচিত আৰু অৱনী ডেকাৰ পৰিচালিত পূৰ্ণাংগ নাট ‘‘চক্ৰবেহু৷ ‘‘১০ অক্টোবৰ তৃতীয় তথা শেষৰ দিনা পুৱা ৫ বজাত উষা কীত্তৰ্ন, ৫.৩০ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, বিয়লি ৪ বজাৰ পৰা আয়তীৰ নাম কীত্তৰ্ন আৰু নিশা ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত কেবাজনো জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব৷ সেইদৰে গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়তো, লাচিত নগৰস্থিত হনুমান মন্দিৰত ধৰ্মীয় ৰীতি নীতিৰে লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হয়৷ মা লক্ষ্মীৰ কৃপা যাতে সদায় ভক্তগণৰ লগত থাকে লগতে দেশ তথা ৰাজ্য ধনে ধানে উপচি পৰে তাৰ কামনাৰে দেওবাৰে মা লক্ষ্মীক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হয়৷

তামুলপুৰৰ তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ ৭৭সংখ্যক মহোৎসৱ আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী হিচাপে আৰম্ভ হৈছে৷ পুৱা উদুলি মুদুলি পৰিৱেশত মুখ্যদ্বাৰ উন্মোচন কৰে উদ্‌যাপন সমিতিৰ সভাপতি তথা বিধায়ক জলেন দৈমাৰীয়ে৷ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰৰ দ্বাৰ উন্মোচন কৰে বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই৷ বন্তি প্ৰজ্বলন কৰে লক্ষ্মী মন্দিৰৰ স্থায়ী দেউৰী মহেশ দাসে৷ মাইনাও মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে তামুলপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি গজেন সিংহ আৰু মাইনাও মন্দিৰৰ স্থায়ী দেউৰী বিস্তি বড়োৱে৷ ইয়াৰ পাছত শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও স্থায়ী সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে স্থায়ী সমিতি দুখনৰ সভাপতি বিপুল চন্দ্ৰ লহকৰ আৰু স্বপন বড়োৱে৷ মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি জলেন দৈমাৰীয়ে৷ সমান্তৰালভাৱে ৭৫খন পতাকা উত্তোলন কৰে ৭৫ জন বিশিষ্ট ব্যক্তিয়ে৷ মহাৰজত জয়ন্তী উদ্‌যাপন সমিতিৰ সম্পাদক নৃপেন বৰা আৰু সাংস্কৃতিক উপ-সমিতিৰ সম্পাদক সোণেশ্বৰ কলিতাই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীৰ সময়ত সাহিত্যিক খনীন্দ্ৰ নাৰ্জীৰ ৰচনা, উদীয়মান কণ্ঠশিল্পী নৱদ্বীপ কলিতাৰ সুৰাৰোপিত আৰু স্থানীয় শিল্পীসকলে কণ্ঠ নিগৰোৱা বৃন্দ গীতটোৱে সকলোকে সন্মোহিত কৰে৷ স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰীশ্ৰী লক্ষ্মী পূজা স্থায়ী সমিতিৰ সম্পাদক সতীশ ডেকা, মাইনাও পূজা স্থায়ী সমিতিৰ সভাপতি গণেশ নাৰ্জী আৰু মহাৰজত জয়ন্তী উদ্‌যাপন সমিতিৰ সম্পাদক নৃপেন বৰাই৷ কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উপ-সভাপতি খনিন্দ্ৰ নাৰ্জীৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাংস্কৃতিক উপ-সমিতিৰ সম্পাদক সোণেশ্বৰ কলিতাই আঁত ধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদ্‌যাপন সমিতিৰ সম্পাদক নৃপেন বৰাই৷ সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে৷ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে ডঃ পাৰ্থ ফুকন মহন্তই৷ সভাখনত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়া, জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ৰবেন ৰাভা, আঞ্চলিক এবছুৰ সভাপতি অজিত বড়ো আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাৰ পূৰ্বে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰফুল্ল মেধিয়ে ৰচনা কৰা, অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী মুনীন্দ্ৰ তালুকদাৰে সুৰ কৰা এটি বৃন্দ গীত পৰিৱেশন কৰে স্থানীয় একাংশ শিল্পীয়ে৷ উল্লেখযোগ্য যে আজিৰে পৰা ১৫ অক্টোবৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ মহাৰজত জয়ন্তী মহোৎসৱ৷