Logo
image

ট্ৰাকৰ খুন্দাত ভূপতিত কাজিৰঙাৰ গঁড়

আমাৰ অসম, ৯ অক্টোবৰঃ এটা ১০ চেকেণ্ডৰ ভিডিঅ’ই কন্দুৱাইছে অসমক৷ সাধাৰণ নাগৰিকৰ পৰা পশুপ্ৰেমীলৈ, কঠোৰ বুলি ভবা আৰক্ষীৰ পৰা মুখ্যমন্ত্ৰীলৈ, যি এই ১০ চেকেণ্ডৰ ভিডিঅ’টো চাইছে তেওঁৰ মুখৰ পৰা আপোনা-আপুনি ওলাই আহিছে এটাই শব্দ– ইছ৷ আইনৰ প্ৰতি কিমান ভ্ৰূক্ষেপ নাথাকিলে দুয়োপাৰে ঘন অৰণ্যৰে ভৰি থকা এখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এনেদৰে বিম্বাশবদে এখন ১৪ চকীয়া ট্ৰাক চলাব পাৰে, মগজু কিমান নিৰ্বোধ হ’লে এনেদৰে নিয়ন্ত্ৰণহীন গতিৰে এখন বিশাল ট্ৰাক অতিশয় স্পৰ্শকাতৰ অঞ্চলৰ মাজেৰে উৰুৱাই নিব পাৰে, সেই কথা ভাবি বাকৰুদ্ধ হৈ পৰিছে কাজিৰঙাৰ ঘন অৰণ্যৰ মাজৰ ৰাষ্ট্ৰীয় পথৰ ওপৰৰ ভিডিঅ’টো চোৱা ব্যক্তি৷ যি এই ভিডিঅ’টো এবাৰ চাইছে তেওঁ দুবাৰ চাবলৈ বাধ্য হৈছে, পুনৰ চাবলৈ বাধ্য হৈছে৷ শৰীৰত দুৰ্জেয় বল থাকিলেও নিৰ্বোধ গাড়ীৰ চালকৰ সন্মুখত, ততোধিক বলশালী যন্ত্ৰৰ সন্মুখত কিমান অসহায়  এটা অবোধ গঁড়৷ ১০ ছেকেণ্ডৰ যিটো ভিডিঅ’ক লৈ কালিৰ পৰা ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে, যিটো ভিডিঅ’ ২৪ ঘণ্টাৰ ভিতৰত অসম বাদেই, সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ৷ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বাধিক স্পৰ্শকাতৰ ‘এনিমেল ক’ৰিড’ৰ হালধিবাৰী, য’ত ৩৭  নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ওপৰলৈকে ঘন অৰণ্য আৰু সততে, অকস্মাতে এই অংশৰে বাহিৰলৈ ওলাই আহে বনৰীয়া জীৱ জন্তু৷ সেয়ে এই অংশত সকলো গাড়ীৰ সৰ্বাধিক গতি ঘণ্টাত ২০ কিলোমিটাৰ৷ হালধিবাৰীৰ সেই অতি স্পৰ্শকাতৰ অংশটোৰ পূৰ্বে সকলো গাড়ীৰ চালকলৈ স্পষ্টৰূপত গতি হ্ৰাসৰ সতৰ্কীকৰণ দিয়া আছে, পথৰ কাষৰ ‘ইলেক্ট্ৰনিক ডিছপ্লে’ত গাড়ীখন কিমান বেগত গৈছে সেয়া চালকৰ উপৰি আনেও চোৱাৰ সুবিধা আছে৷ তথাপি এজন উদণ্ড ট্ৰাকচালকে অভাৱনীয় গতিৰে এখন ১৪ চকীয়া ট্ৰাক চলাই প্ৰচণ্ড জোৰেৰে খুন্দিয়াই ভূপতিত কৰিলে এটা গঁড়৷ অতি নিৰ্দয়ভাৱে মৰা ট্ৰাকৰ খুন্দাত ভূপতিত হোৱা কাজিৰঙাৰ সেই আহত গঁড়টোৰ এতিয়াও কোনো সন্ধান নাই৷ স্বাভাবিকতে এই ঘটনাক লৈ ক্ষোভিত অসমবাসী৷ 

শনিবাৰে কাজিৰঙাৰ কহঁৰা ৰেঞ্জত প্ৰকাশ্য দিবালোকত সংঘটিত হ’ল এই ঘটনা৷ যোৰহাটৰ পৰা গুৱাহাটীলৈ প্ৰচণ্ড গতিৰে আহি আছিল পশ্চিমবংগৰ পঞ্জীয়নকৃত ডব্লিউবি ৯১-৬৭৪৯  নম্বৰৰ বিশাল ট্ৰাকখন৷ এই কথা দোহৰাৰ প্ৰয়োজন নাই যে, সকলো বিধিনিষেধ, বনবিভাগৰ সতৰ্কীকৰণ উপেক্ষা কৰি নিয়ন্ত্ৰণহীন গতিৰে অবাধে আগবাঢ়িছিল ট্ৰাকখন হালধিবাৰীৰ অতি স্পৰ্শকাতৰ ‘এনিমেল ক’ৰিড’ৰৰ মাজেৰে৷ সেই সময়তে কাষৰে হাবিৰ পৰা দৌৰি ওলাই আহিছিল এটা গঁড়৷ হয়তো আন কোনো খঙাল গঁড়ৰ খেদাত আতুৰ হৈ দৌৰি আহি ৰাষ্ট্ৰীয় ঘাইপথত উঠিছিল গঁড়টো৷ ঠিক সেই সময়তে তীব্ৰ গতিত আহি থকা ট্ৰাকখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে গঁড়টোৰ মুৰকে ধৰি শৰীৰৰ আগভাগত৷ ট্ৰাকৰ প্ৰচণ্ড খুন্দাত গঁড়টো বাগৰি পৰে আৰু উঠি পুনৰ দৌৰিবলৈ চেষ্টা কৰি আকৌ এবাৰ ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰি পৰে৷ পাছত কোনোমতে উঠি গঁড়টোৱে অৰণ্যৰ মাজলৈ ঢাপলি মেলে৷ এনেদৰে গঁড়টোক খুন্দিয়াই বগৰাই পেলাই ট্ৰাকখন সমান গতিৰেই আঁতৰি যায় ঘটনাস্থলীৰ পৰা৷ গঁড় এটা খুন্দিয়াই বগৰাই পেলাই দি ট্ৰাকখন সেই স্থানত কিয় নৰ’ল, প্ৰশ্ন সেইটো নহয়৷ সেয়া নিৰাপত্তাৰ দিশৰ পৰাও ভীতিৰ কাৰণ৷ প্ৰশ্ন হৈছে, ইমান সতৰ্কীকৰণ থকা স্বত্বেও চালকজনে ইমান তীব্ৰ গতিত ট্ৰাকখন কিয় চলাই আহিছিল এই অতি স্পৰ্শকাতৰ ‘এনিমেল ক’ৰিড’ৰৰ মাজেৰে? দূৰত আহিও ৰ’বলৈ চেষ্টা নকৰা ট্ৰাকখনে এই ঘটনা সংঘটিত কৰাৰ বিষয়ে বনবিভাগৰ কৰ্মচাৰীয়ে বন্যপ্ৰাণীৰ গতিবিধি আৰু যান-বাহনৰ গতি পৰ্যবেক্ষণ কৰা স্বয়ংক্ৰিয় কেমেৰাত ধৰা পেলাই বাগৰিত আৰক্ষীৰ সহযোগত ট্ৰাকখন ধৰিবলৈ সক্ষম হয়৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ বিৰুদ্ধে গোলাঘাট জিলা পৰিবহণ বিভাগে ৪ হাজাৰ আৰু বনবিভাগে ৫ হাজাৰ অৰ্থাৎ মুঠ ৯ হাজাৰ টকাৰ জৰিমণা বিহিছে৷ পিছে প্ৰশ্ন উঠিছে এনে উদণ্ড চালক আৰু ট্ৰাকৰ মালিকৰ বিৰুদ্ধে এই জৰিমনাই যথেষ্টনে? অন্তত অবোধ প্ৰাণীৰ নিৰাপত্তাৰ বাবে এনে ঘটনাৰ ক্ষেত্ৰত কঠোৰ আইন বলবৎ কৰাৰ পোষকতা কৰিছে পশুপ্ৰেমীয়ে৷ কিয়নো কঠোৰ শাস্তি অবিহনে এনে উদণ্ড চালকক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়৷ এনে ট্ৰাকৰ উপৰি কেমেৰা নথকা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যান্য অংশত প্ৰায় সকলোৱেই বিপজ্জনক গতিৰে গাড়ী চলায়৷  তীব্ৰ গতিৰে কাজিৰঙাৰ স্পৰ্শকাতৰ অঞ্চল পাৰ হোৱা বহুতৰে অভ্যাস, যদিহে পথৰ কাষত কেমেৰা নাথাকে৷ যদিহে এই ট্ৰাকখন নিৰ্দিষ্ট গতিত আহিলহেঁতেন, অৰ্থাৎ ঘণ্টাত ২০-৩০ কিলোমিটাৰ গতিত চলিলহেঁতেন, তেন্তে অৱধাৰিতভাৱে এনেদৰে অৰণ্যৰ পৰা গঁড় ওলাই অহা দেখিলে গাড়ীখন ৰাখিব পৰিলেহেঁতেন৷ কিন্তু আইন কানুনক অংগুষ্ট প্ৰদৰ্শন কৰি তীব্ৰ গতিত ট্ৰাকখন চলোৱাৰ বাবেই অবোধ প্ৰাণী এটা এনেদৰে ধাতব খুন্দাৰ বলি হ’ল৷ 

বনবিভাগৰ লোকে শনিবাৰেই বিভাগীয় পোহনীয়া হাতীৰ দ্বাৰা অৰণ্যত আহত গড়ঁটোৰ সন্ধান চলাইছিল যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল৷ অন্যহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈয়ে জানিবলৈ দিয়া মতে আজি পুৱাৰ পৰা পুনৰ উক্ত এলেকাত ড্ৰোন তথা বন বিভাগৰ পোহনীয়া হাতীৰ দ্বাৰা আহত গঁড়টোৰ সন্ধান চলোৱা হৈছিল যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই৷ উল্লেখ্য কাজিৰঙাৰ আন ‘এনিমেল কৰিডৰ’বোৰতকৈ হালধিবাৰী ‘এনিমেল কৰিডৰ’ অতি স্পৰ্শকাতৰ৷ বছৰৰ যি কোনো সময়তে এই ‘এনিমেল কৰিডৰে’দি গঁড়, হাতী, বাঘ আদি বন্যপ্ৰাণী সঘনাই অহা যোৱা কৰি থাকে৷ বিগত বৰ্ষতো উক্ত ‘এনিমেল কৰিডৰ’ত এনেদৰে তীব্ৰ বেগী গাড়ীৰ খুন্দাত আন এটা গঁড় আহত হৈছিল৷ গাড়ীৰ খুন্দাত বন্যপ্ৰাণী আহত বা নিহত হোৱাৰ বিপৰীতে গঁড়, বাঘৰ দ্বাৰা পথচাৰী আহত হবলগীয়া হৈছিল৷ ইফালে দেওবাৰে উদ্যান কতৃৰ্পক্ষই কাজিৰঙাৰ হালধিবাৰী ‘এনিমেল কৰিডৰ’ত অৰ্থাৎ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ পূৰ্বতকৈ অধিক গতিৰোধক স্থাপন কৰা পৰিলক্ষিত হৈছে৷ অতি গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙাৰ এই ঘটনাটোক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈ টুইট কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে টুইট কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষৰ লগতে আৰক্ষী আৰু পৰিবহণ বিভাগে কাজিৰঙাৰ ‘এনিমেল কৰিডৰ’ত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ অধিক তৎপৰতা প্ৰদৰ্শন কৰিছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে কয়– ‘গঁড় আমাৰ বিশেষ বন্ধু৷ তেওঁলোকৰ বসতিস্থলত কোনেও যান-বাহন আইন উলংঘা কৰিব নালাগে৷ আমি গঁড় সংৰক্ষণ অৰ্থাৎ এই সমস্যা সমাধান কৰাৰ কাৰণে কাজিৰঙাত বিশেষ ভাৱে ৩২ কিলোমিটাৰ উৰণীয়া সেতু পথ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি আছোঁ৷’