Logo
image

মুহুৰ্মুহু খহনীয়া, প্ৰচণ্ড ধল! কঁপি উঠিছে গেৰুকামুখ

এনএইচপিচিৰ বান্ধত বিপৰ্যয়

আমাৰ অসম, ১০ অক্টোবৰঃ পুনৰ ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত৷ কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে এই অঘটন ঘটিছে৷ জলবিদ্যুৎ প্ৰকল্পটোৰ ২নং ডাইভাৰ্চন টাৰ্নেলৰ ওপৰত পাহাৰৰ পৰা খহি অহা মাটিয়ে প্ৰকল্পটোত বিভীষিকাৰ সৃষ্টি কৰিছে৷ অত্যধিক বৰষুণৰ বাবে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সঘনাই ভূমিস্খলন ঘটাৰ ফলত প্ৰকল্পটোৰ কাম-কাজ স্থৱিৰ হৈ পৰাৰ লগতে ইতিপূৰ্বে খহি পৰা গাৰ্ডৱালেৰে সোমোৱা পানীয়ে এন এইচ পি চিৰ পাৱাৰ হাউচ এতিয়াও জলমগ্ন কৰি ৰাখিছে৷ অৱশ্যে দিনে-নিশাই অত্যাধুনিক যন্ত্ৰৰে পানী সিঁচাৰ কাম অব্যাহত ৰাখিছে যদিও পানী শেষ কৰিব নোৱৰাত আৰু বৃহৎ পানী পাম্প পুনৰ এন এইচ পি চিলৈ অনা হৈছে৷ ইফালে গেৰুকামুখত সঘনাই ভূমিস্খলনৰ ঘটনাই একপ্ৰকাৰে অশনি সংকেট কঢ়িয়াই আনিছে৷ উল্লেখ্য, ২০০০ মেগাৱাট শক্তিসম্পন্ন এন এইচ পি চিৰ বৃহৎ নদীবান্ধে লখিমপুৰ, ধেমাজি, মাজুলীলৈ বিপদৰ আগজাননী কঢ়িয়াই আনিছে৷ এপষেক ধৰি সোৱণশিৰি প্ৰকল্পৰ গেৰুকামুখ পাহাৰত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ৷ ফলত পাহাৰৰ মাটি তললৈ খহি পৰিছে৷ ২নং ডাইভাৰ্চন টাৰ্নেলটো খহনীয়াত বিধবস্ত হৈ পৰিছে৷  পানী কিছু শুকাইছিল যদিও পুনৰ প্ৰকল্পটোৰ মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে৷ এনে অৱস্থাত এন এইচ পি চি কতৃৰ্পক্ষই দিকবিদিক হেৰুৱাইছে৷ ইতিমধ্যে এন এইচ পি চিৰ চৌহদত থকা সকলো শ্ৰমিক-কৰ্মচাৰীক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে৷ লক্ষণীয় কথা যে পূৰ্বৰ বিশেষজ্ঞ সমিতিয়ে গেৰুকামুখৰ দৰে পাহাৰত এনেধৰণৰ বৃহৎ নদীবান্ধ প্ৰকল্প যে সুৰক্ষিত নহয় সেই কথা বহুবাৰ স্পষ্ট কৰি দিছিল৷ প্ৰাকৃতিক দুৰ্যোগ বা ভূমিকম্পৰ বাবে গেৰুকামুখৰ বৃহৎ বান্ধ বিপদজনক বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল৷ সমান্তৰালভাৱে বিভিন্ন দল-সংগঠনে বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এন এইচ পি চিয়ে বিশেষজ্ঞৰ প্ৰতিবেদন আৰু দল-সংগঠনৰ আন্দোলনক অংগুষ্ঠ প্ৰদৰ্শন কৰি বৃহৎ নদীবান্ধৰ কাম চলাই গৈছে৷ এনে সময়তে এন এইচ পি চি কতৃৰ্পক্ষ প্ৰকৃতিৰ ৰোষত পৰি বাৰুকৈয়ে জ্বলা-কলা খাব লগা হৈছে৷ আনহাতে অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাৰ সীমান্ত অঞ্চলত হৈ থকা বৰষুণৰ বাবে নীপকোৱে ৰঙানদীত পানী এৰি দিবলৈ বাধ্য হৈছে৷ ফলত লখিমপুৰ জিলাৰ আমতলা, মলোৱাল আদিত একপ্ৰকাৰ বানৰ আশংকাত ৰাইজ ত্ৰস্তমান হৈ পৰিছে৷ একেদৰে সোৱণশিৰি নদীৰ ভয়াৱহ খহনীয়াত তচনচ হৈ পৰিছে ভীমপৰা মথাউৰিটো৷ সোৱণশিৰি নৈয়ে ভীমপৰা মথাউৰিৰ ঘনচৰাই ন-আলি, তেলীয়া পথাৰত এতিয়া মথাউৰিটো প্ৰায় সম্পূৰ্ণৰূপে জাহ যোৱাত সেই অংশৰে পানী সোমোৱাৰ উপক্ৰম ঘটিছে৷ ইফালে তেলাহী মৌজাত সম্ভাৱ্য বানৰ আশংকাত ইতিমধ্যে ন-আলি তেলীয়া পথাৰৰ বহু পৰিয়াল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷ মথাউৰিৰ ওপৰত লখিমপুৰ জিলা প্ৰশাসনে এছ ডি আৰ এফ বাহিনীকে ধৰি বিভিন্ন লোকক সষ্টম কৰি ৰাখিছে৷ আজি নিশালৈ ঘনচৰাই মথাউৰিটো সম্পূৰ্ণৰূপে জাহ যোৱাৰ সম্ভাৱনা প্ৰকট৷  সোৱণশিৰি বান্ধৰ পানীয়েও ভীমপৰা মথাউৰিৰ ঘনচৰাইত খুন্দা মৰাৰ ফলত মথাউৰিটো বিপদাপন্ন হৈ পৰিছে৷