Logo
image

নিশা স্বগৃহত দীপশিখাৰ নিথৰ দেহ

আমাৰ অসম, ১০ অক্টোবৰঃ বৰফাবৃত পৰ্বতত থাকি ভালপোৱা ছোৱালীজনী অৱশেষত নিথৰ মৃতদেহ হৈ উভটি আহিল স্বগৃহলৈ৷ উত্তৰাখণ্ডৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা-২ পৰ্বত শিখৰত হিমস্খলনৰ ফলত কৰুণ মৃত্যুক সাবটি লোৱা গুৱাহাটীৰ ভঙাগড়ৰ সম্ভাৱনাপূৰ্ণ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ দেওবাৰে নিশা গৃহভূমিলৈ অনা হয়৷ পৰ্বত শিখৰৰ ১৬ হাজাৰ ফুট উচ্ছতাত বিগত ৪ অক্টোবৰৰ পুৱা নিখোঁজ হৈ পৰা দীপশিখাৰ মৃতদেহ শনিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ নেহৰু ইনষ্টিটিউট অব মাউণ্টেনিয়াৰিঙৰ এডভান্স ক’ৰ্চৰ প্ৰশিক্ষাৰ্থী আছিল ২৮ বছৰীয়া দীপশিখা৷ শনিবাৰে উদ্ধাৰস্থলীৰ পৰা হেলিকপ্টাৰে দীপশিখাৰ মৃতদেহ ডেৰাডুনলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ অন্তত দেওবাৰে নিশা দিল্লী হৈ গুৱাহাটীলৈ অনা হয়৷ দিল্লীৰ পৰা নিশা ৮.১৫ বজাত দীপশিখাৰ মৃতদেহ কঢ়িয়াই অনা ইণ্ডিগ’ বিমানখন নিশা প্ৰায় ১০.৩০ বজাত গুৱাহাটীৰ বৰঝাৰৰ বিমান বন্দৰত উপস্থিত হয়৷ একেখন বিমানতে দীপশিখাৰ পিতৃ গোপাল হাজৰিকা আৰু ভাতৃও আহে৷ কাইলৈ পুৱা নৱগ্ৰহৰ চিমেট্ৰীত খ্ৰীষ্টিয়ান ধৰ্মৰ পৰম্পৰাৰে দীপশিখাৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ অকালতে দীপশিখাক হেৰুৱাবলগীয়া হোৱাত অসম পৰ্বতাৰোহণ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে৷ ইফালে, পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই শোকত ভাগি পৰা দেখা গ’ল জম্মু-কাশ্মীৰৰ এগৰাকী বান্ধৱীক৷ শ্ৰীনগৰৰ খুচবু নামৰ দীপশিখাৰ বান্ধৱীগৰাকীয়ে মৃতদেহ এবাৰ কাষৰ পৰা চোৱাৰ বাবে শনিবাৰে পুৱাই উপস্থিত হয় দিল্লীৰ অসম ভৱনত৷ প্ৰিয় বান্ধৱীগৰাকীক হেৰুৱাই সংবাদ মাধ্যমত আগত খুচবুৱে কয়– ‘দীপশিখা মোৰ আটাইতকৈ ভাল বান্ধৱী আছিল৷ জম্মু-কাশ্মীৰত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে আহোঁতে আমাৰ বন্ধুত্ব হৈছিল৷ আমি দুয়োজনী একেটা কোঠাতে আছিলো৷ ছেপ্টেম্বৰৰ প্ৰথম  ভাগত দীপশিখাই মোলৈ ফোন কৰি লগ কৰিবৰ বাবে আবদাৰ কৰিছিল৷ তাই মোক কৈছিল– মই মৰাৰ পাছতহে মোক চাবলৈ আহিবি নেকি? দীপশিখাই বৰফৰ পৰ্বতত থাকি ভালপাওঁ বুলি আমাক প্ৰায়ে কৈছিল৷ আৰু এতিয়া বৰফৰ পৰ্বতেই তাই প্ৰাণ কাঢ়ি নিলে৷’ উল্লেখ্য ইণ্ডিগ’ৰ একেখন বিমানতে ডেৰাডুনৰ পৰা মেঘালয়ৰ টিক্লু জিৰৱা নামৰ পৰ্বতাৰোহীজনৰো মৃতদেহ গুৱাহাটীলৈ অনা হয়৷