Logo
image

আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগ্‌ পেড্‌লাৰ

আমাৰ অসম, ১০ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ টঙনা আৰক্ষী থানাৰ অন্তৰ্গত চেঙাপথাৰত আজি আৰক্ষীৰ গুলীত এটা ড্ৰাগছ পেডেলাৰ নিহত হয়৷ নিহত পেডেলাৰটো হৈছে কাকপথাৰ ওবন গাঁৱৰ বিনোদ মৰাণ [৩২]৷ বিশেষ সূত্ৰৰ পম খেদি তিনিচুকীয়া আৰক্ষীৰ সহযোগত টঙনা আৰক্ষীয়ে চেঙাপথাৰ গাঁৱৰ মাধুৰ্য গোহাঁই নামৰ ব্যক্তিজনৰ বাসগৃহত অভিযান চলোৱাত ড্ৰাগছ পেডেলাৰটো পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত থিতাতে মৃত্যু হয় বিনোদ মৰাণ নামৰ পেডেলাৰটোৰ৷  আৰক্ষীয়ে ঘৰটোৰ গৰাকী মাধুৰ্য গোহাঁইসহ ৰিদীপ দহোতীয়া, মিণ্টু মৰাণ নমৰ আনুদুজনক আটক কৰি টঙনা থানাত সোধা-পোছা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ঘৰটোৰ ভিতৰৰ পৰা কিছু ড্ৰাগছসহ, মোবাইল, ড্ৰাগছ সেৱন কৰা সামগ্ৰী ইত্যাদিও জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য, আৰক্ষীৰ গুলীত মৃত্যু হোৱা বিনোদ মৰাণৰ পৰিয়ালে দাবী কৰা অনুসৰি, বিনোদ ড্ৰাগছ সৰবৰাহৰ লগত কোনো কাৰণতে জড়িত নহয়৷ মৰাণক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ ঘটনাটোৰ উচিত তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে৷ আৰক্ষীয়ে ড্ৰাগছ পেডেলাৰ সন্দৰ্ভত এনেদৰে এজন যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কাকপথাৰ তথা তিনিচুকীয়া জিলাতে৷