Logo
image

ৰাষ্ট্ৰীয় ক্ৰীড়াত নেখেলিলেও খেলুৱৈক উৎসাহিত কৰিছে সিন্ধুৱে

দেশৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আঘাতৰ বাবে চলিত গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিব নোৱাৰিলেও দেশৰ এই ক্ৰীড়া মহোৎসৱৰ  পৰিৱেশত একাত্ম হৈ পৰাৰ লগতে খেলুৱৈসকলক উৎসাহিত কৰি তুলিছে৷ গুজৰাটৰ নৱৰাত্ৰি উৎসৱত দান্দিয়া নৃত্য উপভোগ কৰি অভিভূত  হৈ পৰা দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে বিশ্বাস কৰে যে ৭ বছৰৰ পিছত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়াই বহু তৰুণৰ ভবিষ্যত উজ্জ্বল কৰাৰ বাবে এক ডাঙৰ সুযোগ প্ৰদান কৰিব৷ সাংবাদিকৰ সৈতে হোৱা আলাপৰ সময়ত সিন্ধুৱে কয়–‘প্ৰতিযোগিতাখনত মই খেলিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ ইফালে-সিফালে ঘূৰি ফুৰাৰ সময়ত বেডমিণ্টন ক’ৰ্টত প্ৰৱেশ কৰি খেলিবলৈ মোৰ মন গৈছিল৷ ইমান বছৰৰ পিছত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱা দেখি সঁচাকৈয়ে ভাল লাগিছে৷ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ দৰে এখন বৃহৎ প্ৰতিযোগিতাত নিজে অংশগ্ৰহণ কৰিব পৰাটো এটা ডাঙৰ কথা৷ এই প্ৰতিযোগিতাই বহু খেলুৱৈক আগবাঢ়ি যোৱাৰ সুযোগ আৰু আত্মবিশ্বাস প্ৰদান কৰিব৷’ খেলুৱৈ গৰাকীয়ে আৰু কয়–‘ৰাষ্ট্ৰীয় ক্ৰীড়াই সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ প্ৰদান কৰে, য’ত আমি সকলোৱে একত্ৰিত হওঁ আৰু খেলো৷ বহুত যুৱ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত খেলিবলৈ আহিছে৷ এইচ এছ প্ৰণয়, ছাই প্ৰণীত, চিৰাগ চেট্টীৰ দৰে খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি  ন-খেলুৱৈসকলে তেওঁলোকৰ পৰা বহুত শিকিব আৰু উৎসাহিত হ’ব৷’ গুজৰাটৰ ক্ৰীড়াৰ আন্তঃগাঁথনি আন্তঃৰাষ্ট্ৰীয় মানৰ বুলি কয় সিন্ধুৱে৷ প্ৰতিযোগিতাখনত খেলুৱৈসকলক থকা-খোৱাৰ ক্ষেত্ৰত উন্নত মানৰ সুবিধা প্ৰদান কৰা বুলি সিন্ধুৱে কয়৷  উল্লেখ্য বাঁও ভৰিৰ আঘাতৰ সমস্যাৰ পৰা পৰা প্ৰায় আৰোগ্য হোৱা সিন্ধু সোনকালেই কৰ্টলৈ ঘূৰি আহিব৷ অৱশ্যে তেওঁ চলিত মাহত ডেনমাৰ্ক অ’পেন আৰু পেৰিছ অপেনত নেখেলে৷