Logo
image

উত্তৰ-পূবৰ ৮০% সমস্যা শেষ! ৰ’ল মাথোঁ ২০%

এনইচিৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ

আমাৰ অসম, ১০ অক্টোবৰঃ ‘উত্তৰ-পূবৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ ৮০ শতাংশ ইতিমধ্যে সমাধান হৈছে আৰু ২০ শতাংশ সমস্যাৰ সমাধানহে বাকী আছে৷ যিবোৰ সৰু সৰু ইছ্যু এতিয়াও বাকী আছে সেইবিলাকো মুখ্যমন্ত্ৰীসকলৰ লগত বহি, ৰাজনীতিৰ উৰ্ধলৈ গৈ সমাধান কৰা হ’ব৷’ –এই মন্তব্য কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জি কৃষাণ ৰেড্ডীৰ৷ দেওবাৰে গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি ৰেড্ডীয়ে কয় যে উত্তৰ- পূবৰ সীমান্ত অঞ্চলত বাস কৰা কোনো গাঁওবাসীয়ে একেখন গাঁও অসম, মেঘালয় বা মিজোৰামৰ বুলি ভাবি থাকিব নালাগে৷ সীমান্তৰ গাঁওবাসীয়ে মনোকষ্টত থাকিব নালাগে৷ প্ৰেমেৰে, ভ্ৰাতৃত্বৰে, খোলা মনেৰে সকলো চৰ্চা কৰি সমস্যাৰ সমাধান কৰা হ’ব৷ মন্ত্ৰীজনে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে এয়া অমৃত সময়৷ আগন্তুক সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ গতি তৰান্বিত হ’ব৷ ৰেড্ডিয়ে কয় যে উত্তৰ-পূবৰ প্ৰকৃতি, কৃষিভূমিৰ ধৰণ সুকীয়া৷ সেয়েহে কৃষিক্ষেত্ৰৰ বাবে পৃথক নীতি প্ৰস্তুত কৰা হ’ব৷ উত্তৰ-পূবৰ বিকাশেই আমাৰ চৰকাৰৰ প্ৰথম আৰু শেষ এজেণ্ডা৷ বান সমস্যা সমাধানৰ ক্ষেত্ৰতো চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰি জি কৃষাণ ৰেড্ডিয়ে কয় যে প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা কেনেদৰে বান সমস্যা সমাধান কৰিব পাৰি ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত হয় উত্তৰ-পূব পৰিষদৰ সপ্তদশ সংখ্যক পূৰ্ণাংগ বৈঠক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ দ্বিতীয় দিনৰ বৈঠকত ডনাৰ মন্ত্ৰী জি কৃষাণ ৰেড্ডি, উত্তৰ পূবৰ ৰাজ্যসমূহৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীসকল উপস্থিত  থাকে৷ বৈঠকত উপস্থিত থাকে সাতখন ৰাজ্যৰে মুখ্য সচিব সকলো৷ অৱশ্যে নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে উপ-মুখ্যমন্ত্ৰী দুজনে বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত সভাপতিত্ব কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূবৰ সকলো সমস্যাৰ গুৰিলৈ গৈ কেন্দ্ৰীয় চৰকাৰে সমস্যাসমূহ সমাধান কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে৷ আঠ বছৰত ৪২ বাৰ উত্তৰ-পূবলৈ আহিছে৷ প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীকে ১৫ দিনৰ মূৰে মূৰে উত্তৰ-পূবলৈ প্ৰেৰণ কৰিছে৷ মোদীজীৰ  আন্তৰিক প্ৰচেষ্টাতে উত্তৰ-পূবৰ ৮০ শতাংশ সমস্যাই শেষ হৈছে মাথোন ২০ শতাংশহে বাকী আছেগৈ৷ উত্তৰ-পূবক বানমুক্ত আৰু ড্ৰাগছমুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ দায়বদ্ধ৷ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলক উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ সহায় লৈ বান নিয়ন্ত্ৰণ, জলসিঞ্চন, পৰ্যটন, বনানীকৰণ আৰু কৃষিৰ ক্ষেত্ৰত কাম কৰিবলৈ অমিত শ্বাহে আহ্বান জনায়৷ উত্তৰ-পূবক প্লাষ্টিকমুক্ত কৰিবলৈ আহ্বান জনাই অমিত শ্বাহে কয় যে জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা উত্তৰ-পূবত বিদ্যুৎ উৎপাদনৰ লগতে বানপানী সমস্যাৰ সমাধান কৰিব পাৰি৷ বান নিয়ন্ত্ৰণৰ বাবে ২৭১টা জলাশয়ৰ ব্যৱহাৰৰ ওপৰতো শ্বাহে গুৰুত্ব দিয়ে৷ ইফালে দুদিনীয়া এই বৈঠকৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বৈঠকত বানপানী প্ৰতিৰোধ, ড্ৰাগছৰ প্ৰচলন আদি বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছে৷ তেওঁ কয় যে বানপানীৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈ আহিছে৷ আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ বাবে আলোচনাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ মেঘালয়ৰ সৈতে অসমৰ সীমা বিবাদৰ ৫০ শতাংশ  ইতিমধ্যে মীমাংসা হৈছে৷ অৰুণাচল প্ৰদেশৰ সৈতে সকলো সীমা বিবাদ সমাধান কৰাৰ বাবে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ সীমা বিবাদ মীমাংসাৰ বাবে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যই একত্ৰিত প্ৰয়াস চলাব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী উড়ান আঁচনিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাই নতুন মাত্ৰা লাভ কৰিছে৷ আঠখন ৰাজ্যৰ ভিতৰত আকাশী পথৰ অধিক সংযোগ সাধন কৰিব পাৰিলে যোগাযোগ ব্যৱস্থাই অধিক গতিশীল ৰূপ লাভ কৰিব বুলিও তেওঁ কয়৷  উত্তৰ পূৰ্বাঞ্চল অসামৰিক বিমান নিগমৰ লেখীয়া পদক্ষেপ গ্ৰহণ কৰিব পাৰিলে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাই এক নতুন মাত্ৰা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মত পোষণ কৰে৷ উত্তৰ-পূব পৰিষদ আৰু ৰাজ্যসমূহে কোম্পানীসমূহক উৎসাহিত কৰিলে অঞ্চলটোক অধিক আকাশী পথেৰে যোগাযোগ ব্যৱস্থাৰে সামৰি লোৱাটো সম্ভৱ হৈ উঠিব৷ তেওঁ কয় উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বৰ্ণাঢ্য কলা-সংস্কৃতিকে ধৰি বিভিন্ন ঐতিহ্যক সামৰি অসমত এটা সংগ্ৰহালয় নিৰ্মাণ কৰিলে বৃহৎ পৰিমাণৰ পৰ্যটকক আকৰ্ষণ কৰিব পৰা যাব৷ উত্তৰ-পূব পৰিষদে এনে এক বৃহৎ প্ৰকল্প আৰম্ভ কৰিলে অসম চৰকাৰে ভূমিকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়াব৷