Logo
image

দেৰগাঁৱত বৃষ্টিৰ বিঘিনি গৃহমন্ত্ৰীৰ বহু কাৰ্যসূচী বাতিল

আমাৰ অসম, ১০ অক্টোবৰঃ বতৰৰ বিঘিনিৰ বাবে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিভিন্ন কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়৷ বৰ্ষাবিঘ্নিত বতৰত নিৰ্ধাৰিত সময়তকৈ প্ৰায় এঘণ্টা পলমকৈ হেলিকপ্টাৰেৰে দেৰগাঁৱত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত এটা বিশ্বমানৰ আৰক্ষী সন্মিলন কেন্দ্ৰ মুকলি কৰে৷ এই নৱনিৰ্মিত কেন্দ্ৰটোত গৃহমন্ত্ৰীজনে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনতো অংশ গ্ৰহণ কৰে৷ ইয়াৰ বাদে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হয়৷ উল্লেখ্য, সন্ধিয়া প্ৰায় ৫.৩০ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক লগত লৈ গৃহমন্ত্ৰী অমিত শ্বাহ হেলিকপ্টাৰেৰে দেৰগাঁৱত উপস্থিত হয়৷ পোনে পোনে তেওঁ ৰচী টানি ফলক উন্মোচনেৰে নৱনিৰ্মিত আৰক্ষী সন্মিলন কেন্দ্ৰটো মুকলি কৰে৷ উল্লেখ্য, প্ৰায় ১৮ কোটি টকাৰে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ পাছতে তেওঁ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশ গ্ৰহণ কৰে৷ এই সন্মিলনত অসম আৰক্ষীৰ হৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক ফুলাম গামোচা, চেলেং, প্ৰশস্তি পত্ৰ আদিৰে আদৰণী জনায়৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ আগমন উপলক্ষে আৰক্ষী জোৱানসকলে শাৰীৰিক অনুশীলন আৰু মটৰ শ্ব’ প্ৰদৰ্শনৰ বাবে ব্যাপক কুচকাবাজ চলাইছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্যসূচী বাতিল কৰা হয়৷ তেনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আৰক্ষী জোৱানসকলৰ সৈতে পৃথকে এক মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ কথা আছিল যদিও সেই কাৰ্যসূচীও বাতিল কৰা হয়৷ ইফালে নৱনিৰ্মিত সন্মিলন কেন্দ্ৰত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভল্লা, ইণ্টেলিজেঞ্চ ব্যুৰ’ অৱ ইণ্ডিয়াৰ সঞ্চালক তপন কুমাৰ ডেকা, ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ৰাজ্যিক গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বৰ্মা, গৃহ বিভাগৰ সচিব দিগন্ত বৰা প্ৰমুখ্যে উচ্ছ পদস্থ বিষয়াবৰ্গই অংশ গ্ৰহণ কৰে৷ উল্লেখ্য, এই সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক আদৰণী জনোৱাৰ পাছতে অপেক্ষাৰত সাংবাদিকসকলক সভাগৃহৰ বাহিৰলৈ উলিয়াই পঠোৱা হয়৷ ইফালে সন্মিলনত অংশগ্ৰহণ কৰিয়েই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্থলপথেৰে যোৰহাটলৈ আহে৷ এক বিশাল কনভয়েৰে তেওঁলোক যোৰহাটৰ ৰৰৈয়া বিমান ঘাটীত উপস্থিত হয়৷ তাৰপৰাই দুয়োজন বিশেষ বিমানেৰে নতুন দিল্লীলৈ ৰাওনা হয়৷

অসম আৰক্ষীক কি মন্ত্ৰণা দিলে অমিত শ্বাহে

দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত নৱনিৰ্মিত বিশ্বমানৰ আৰক্ষী সন্মিলন কেন্দ্ৰত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অসম আৰক্ষীক দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কি মন্ত্ৰণা দিলে?– সাংবাদিকৰ লগতে সৰ্বসাধাৰণৰ মনত এই প্ৰশ্ন উদয় হৈছে৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ বাবে সাংবাদিকক প্ৰশাসনৰ তৰফৰ পৰা আমন্ত্ৰণ জনোৱাৰ লগতে গোলাঘাট আৰু যোৰহাট জিলাৰ সীমিত সংখ্যক সাংবাদিকক প্ৰৱেশ-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ বাবে ২.৩০ বজাৰ পৰা ৩.০০ বজাৰ ভিতৰত সাংবাদিকসকলক প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ সেইমৰ্মে প্ৰৱেশ-পত্ৰ লাভ কৰা সাংবাদিকসকল দুপৰীয়াই আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হয়৷ কিন্তু প্ৰায় এঘণ্টা পলমকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হয়৷ আৰক্ষী অধীক্ষকৰ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ আদৰণী পৰ্বৰ পাছতে সাংবাদিকসকল ওলাই যোৱাৰ নিৰ্দেশ দিয়া হয়৷ সেয়ে দেৰগাঁৱৰ উপৰিও গোলাঘাট, যোৰহাট আদিৰ পৰা প্ৰতিকূল বতৰকো নেওচি আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হোৱা সাংবাদিকসকলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰাৰ পাছতো গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ভাষণ শুনাৰ পৰা বঞ্চিত হ’ল৷ সেয়ে তেওঁলোকে আৰক্ষী অধীক্ষকসকলক কি মন্ত্ৰণা দিলে সেয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ এক সূত্ৰই প্ৰকাশ কৰা মতে, অসম আৰক্ষীয়ে উগ্ৰপন্থী নিৰ্মূলত লাভ কৰা সফলতাক গৃহমন্ত্ৰীজনে আদৰণি জনায়৷ তেওঁ অসম আৰক্ষীক দেশৰ ভিতৰতে শক্তিশালী কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে৷ অমৃত শ্বাহে অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিয়ে৷ বিশেষকৈ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা, কঠোৰ হাতেৰে অপৰাধ নিয়ন্ত্ৰণ কৰা, ড্ৰাগ্‌ আৰু অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতা, উগ্ৰপন্থীৰ বিৰুদ্ধে তৎপৰতা আদি বিভিন্ন দিশ সামৰি অসম আৰক্ষীক নিৰ্দেশনা দি মাগদৰ্শন কৰে৷ নাগৰিককেন্দ্ৰীক সেৱাসমূহৰ ওপৰত অধিক গুৰুত্ব আৰু সঠিক অনুসন্ধানৰ ওপৰত গুৰুত্ব দিবলৈয়ো কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে আৰক্ষী অধীক্ষকসকলক আহবান জনায়৷