Logo
image

এক্সপ্ৰেছ হাইৱে’টুইন টাৱাৰৰ কি হ’ল

এইবাৰ ভূপেন বৰাৰ প্ৰশ্ন

আমাৰ অসম, ১০ অক্টোবৰঃ অসমক বানমুক্ত কৰিবলৈ যিডোখৰ মাটিত এটা গৱেষণাগাৰ খুলিবলৈ জলসম্পদ বিভাগক দিয়া হৈছিল সেই ডোখৰ মাটি দখল কৰি বিজেপিয়ে অসমক বানমুক্ত কৰাৰ কথা কৈছে৷ পাঁচ বছৰত অসমক বানমুক্ত কৰিম বুলি পুনৰবাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মুকলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ– এক্সপ্ৰেছ হাইৱে’ টুইন টাৱাৰৰ কি হ’ল? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমক বানমুক্ত কৰিবলৈ আৰু পাঁচ বছৰ বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়–সৰ্বানন্দ সোণোৱালে বিদেশী মুক্ত অসম, দুৰ্নীতি মুক্ত অসম আৰু প্ৰদূষণমুক্ত অসম গঢ়িম বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু এতিয়া বিজেপিয়েই সৰ্বানন্দ মুক্ত হ’বলৈ গৈ আছে৷ তাৰ প্ৰমাণ বিজেপিৰ কাৰ্যালয়ৰ উদ্বোধনী ফলকত সোণোৱাল হৈ পৰিছে এলাগী৷ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এজনে উত্থাপন কৰাৰ পিছতো অমিত শ্বাহে কিয় আলোচনা নকৰিলে?  বিজেপিৰ ভিজন ডকুমেণ্টত নতুন কাৰ্যালয়ৰ কথা উল্লেখ নাছিল, নতুন কাৰ্যালয়ৰ দুৱাৰ মুকলিৰ দৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ এক্সপ্ৰেছ হাইৱে’, টুইন টাৱাৰ দুটা যদি বনালেহেঁতেন তেতিয়া ক’বলগীয়া নাছিল৷ অসমৰ জিলা পৰ্যায়ৰ চিকিৎসালয়ত অক্সিজেন যোগান ধৰিব নোৱাৰা বাবে ১৪ বছৰীয়া প্ৰতিভাৱান কিশোৰীৰ  কৰুণ মৃত্যু হ’ল৷ তাৰ পাছতো অসমত উন্নয়নৰ বন্যা বৈছে বুলি ক’বলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ এয়া দুৰ্ভাগ্যজনক৷  ১৭ হাজাৰ কোটিৰো অধিক টকা অসমৰ ঠিকাদাৰক আদায় দিবলৈ বাকী আছে চৰকাৰে৷ ১ লাখ ১০ হাজাৰ কোটি টকাৰ ধাৰ লৈ চৰকাৰ চলাই আছে হিমন্ত বিশ্বই৷ অমিত শ্বাহ ডাঙৰীয়া, আপুনি ইমান ডাঙৰকৈ নিচিঞৰিব৷ নহ’লে আপোনাৰ ডিঙিৰ শিৰা ফাটি যাব৷ গুৱাহাটীলৈ আহি গৃহমন্ত্ৰী অমিত শ্বাহে হিতেশ্বৰ শইকীয়াক সমালোচনা কৰিছে৷ তেওঁ বক্তব্যত হিতেশ্বৰ শইকীয়াই বিভাজনকামী নীতিৰ বিৰুদ্ধে যুঁজ দিয়া বুলি স্বীকাৰ কৰা বাবে কংগ্ৰেছী হিচাপে সদায় গৌৰৱ কৰো৷ কংগ্ৰেছৰ এই নীতি সদায় থাকিব৷ অসমক বানমুক্ত কৰিবৰ বাবে এটা গৱেষণাগাৰ খুলিবলৈ এটুকুৰা মাটি দিয়া হৈছিল৷ কিন্তু সেই মাটি দখল কৰা দলটোৱে এতিয়া বানমুক্ত কৰাৰ কথা কৈছে৷ যোৱা দুবছৰত ৬, ৫৪৫জনে দুৰ্ভিক্ষৰ অভাৱত অসমত আত্মহত্যা কৰিছে৷ কইনাধৰাত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এজনে উত্থাপন কৰাৰ পিছতো অমিত শ্বাহে একো আলোচনা নকৰিলে৷ বিজেপিৰ ভিজন ডকুমেণ্টত নতুন কাৰ্যালয়ৰ কথা উল্লেখ নাছিল৷ নতুন কাৰ্যালয়ৰ দুৱাৰ মুকলিৰ দৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ এক্সপ্ৰেছ হাইৱে, বশিষ্ঠত টুইন টাৱাৰ, বৰাকত মিনি সচিবালয় যদি বনালেহেঁতেন তেতিয়া ক’বলগীয়া নাছিল৷ ৩২.৬২ শতাংশ মানুহে অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে৷ ৰাজ্যৰ ৩৯.৬২ শতাংশ মানুহ পুষ্টিহীনতাত ভুগিছে৷ শীৰ্ষ ১০খন টুৰিষ্ট ৰাজ্যৰ ভিতৰত অসমৰ স্থান নাই৷ অসম দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত নহয়, এতিয়া আন তিনিটা বিষয়তহে এক নম্বৰত অসম৷ এতিয়া মহিলাৰ বিৰুদ্ধে অপৰাধ, গাৰ্হস্থ্য হিংসা আৰু আধাতে স্কুল এৰি যোৱাত অসম দেশৰ ভিতৰত এক নম্বৰত আছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম কমাৰ পিছতো ভাৰতত পেট্ৰ’ল ডিজেলৰ দাম নকমে৷ ৱল্ডৰ্ হাংগাৰ ইনডেক্সত বিশ্বৰ ১১৬খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান ১০১ নম্বৰত আছে৷ ৬ অক্টোবৰত বিশ্ব বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষৰ জি ডি পি ৭.৫-৬.৫ শতাংশলৈ হ্ৰাস পাইছে৷ কেইটামান নিৰ্বাচনৰ পৰাজয়ে এটা দলৰ বুৰঞ্জী নাইকিয়া কৰিব নোৱাৰে৷ উত্তৰ প্ৰদেশক বাদ দি ক’তো নিজৰ শক্তিৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব পৰা নাই৷ পিছ দুৱাৰেদিহে চৰকাৰ গঠন কৰিছে বিজেপিয়ে৷ দিল্লীত প্ৰতিখন চৰকাৰক ১০ বছৰ  দিয়াতো আজিকালি ট্ৰেণ্ড৷ গতিকে বিজেপিক ১০ বছৰ দিলে আৰু নিদিয়ে৷