Logo
image

ক্ৰাইম ব্ৰাঞ্চৰ পৰা আহিছোঁ বুলি গুৱাহাটীৰ পাণ দোকানৰ পৰা ৭০ হাজাৰ টকা লুট ৫ যুৱকৰ

আমাৰ অসম, ১০ অক্টোবৰঃ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত আজি পুনৰ সংঘটিত হয় এক চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা৷ গুৱাহাটী মহানগৰীৰ জু-ৰোডৰ ইনতিয়াজ পাণ চ’প নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা দুৰ্বৃত্তৰ দলটোৱে লুট কৰি নিয়ে ৬৫ হাজাৰ টকা৷ দিনৰ প্ৰায় দুই বজাত চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীক প্ৰতিষ্ঠানখনত চিগাৰেট খোৱাৰ ছলেৰে গ্ৰাহকৰ বেশত প্ৰৱেশ কৰে৷ ইয়াৰ পাছতে দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক ড্ৰাগছ বিক্ৰী কৰি অহা বুলি অভিযোগ কৰি নিজকে ক্ৰাইম ব্ৰাঞ্চৰ পৰা অহা বুলি চিনাকি দিয়ে৷ ক্ৰাইম ব্ৰাঞ্চে ধৰা অপৰাধীৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাবলৈ অহাৰ কথা ব্যৱসায়ীজনক অৱগত কৰে৷ ইয়াৰ পাছতে দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা এটা ড্ৰাগছৰ কণ্টেইনাৰ পোৱা দেখুৱাই ভয়-ভাবুকি দি ব্যৱসায়িক প্ৰতিষ্ঠানখনত তালাচী চলায়৷ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কেচ বক্সত থকা ৭০ হাজাৰ টকা দুৰ্বৃত্তৰ দলটোৱে জব্দ কৰি পকেটত ভৰাই লয়৷ এনেতে ব্যৱসায়ী ইনতাজ আনচৰীয়ে চিঞৰি চিঞৰি ওচৰৰ ব্যৱসায়ীসকলক তেওঁৰ দোকানলৈ আহিবলৈ কয়৷ ইনতাজ আনচৰীৰ চিঞৰ শুনি ওচৰৰ ব্যৱসায়ী সকলে দৌৰি পান দোকানলৈ আহি ঘটনাৰ বুজ লৈ আৰক্ষী ৰূপী যুৱকৰ দলটোক টকাখিনি কিয় ললে বুলি প্ৰশ্ন কৰি গীতানগৰ থানাৰ আৰক্ষীক কিয় লগত লৈ অনা নাই বুলি প্ৰশ্ন কৰে৷ গীতানগৰ থানাৰ আৰক্ষীক লগত লৈ আহিলে তেওঁলোকে টকা লৈ অভিযুক্তক মুকলি কৰি দিয়ে বুলি উল্লেখ কৰি আৰক্ষী ৰূপী যুৱকৰ দলটোৱে সেই বাবে তেওঁলোকে ক্ৰাইম ব্ৰাঞ্চৰ আৰক্ষীক মাতি পঠিওৱা বুলি ব্যৱসায়ী সকলক জানিবলৈ দিয়ে৷ ডকাইত ৰূপী যুৱক কেইজনৰ ভিডিও কৰিবলৈ ব্যৱসায়ী সকলে একাংশ লোকক অনুৰোধ কৰে৷ লগে লগে একাংশ লোকে মোবাইল ফোনেৰে উদণ্ড যুৱক কেইজনৰ ভিডিও ৰেকৰ্ডিং কৰে৷ ইপিনে, ঘটনাস্থলীত এজন দুজনকৈ অজস্ৰ লোকৰ সমাবেশ হোৱাত আৰক্ষী ৰূপী ডকাইতৰ দলটো এজন এজন কৈ আটাইবোৰ পলাই যাবলৈ সক্ষম হয়৷ ইপিনে,  ব্যৱসায়ীজনে কাকূতি-মিনতি কৰাত দুৰ্বৃত্তৰ দলটোৱে পাঁচ হাজাৰ টকা উভটাই দি কৌশলেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ স্থানীয় লোকে ঘটনাৰ বিষয়ে জানিব পাৰি গীতানগৰ থানাক অৱগত কৰে যদিওঁ থানাৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত্বত থকা দোকান খনত আৰক্ষীৰ লোক উপস্থিত হোৱাত দুই ঘণ্টাতকৈ অধিক সময় লাগে৷ শেষতীয়াকৈ গীতানগৰ থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ এই ধন লুটৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্যৱসায়ী ইনতাজ আনছাৰীয়ে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক বিচাৰি অভিযান আৰম্ভ কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ড্ৰাগছ আসক্ত যুৱকৰ দলে নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দি এই ডকাইতিৰ ঘটনা সংঘটিত কৰিছে৷ শীঘ্ৰে দুৰ্বৃত্তৰ দলটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব৷ ইফালে স্থানীয় ৰাইজে দুৰ্বৃত্তৰ দলটোত গীতানগৰ থানাৰ এজন গাড়ী চালক আছিল বুলি অভিযোগ কৰিছে৷