Logo
image

ধৰ ঝাড়ু ধৰ ভাই! উৰুঙা সভাস্থলীত চমক বিজেপিৰ সাধাৰণ সম্পাদকৰ

আমাৰ অসম, ১০ অক্টোবৰঃ দেওবাৰে পুৱাই হাতে হাতে ঝাড়ু লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেখিবলৈ পোৱা গ’ল ৰাজ্যিক বিজেপিৰ একাংশ নেতা কৰ্মীক৷ উদ্দেশ্য খেলপথাৰখন চিকুনাই তোলা৷ উল্লেখ্য যে শনিবাৰে এইখন খেলপথাৰত অনুষ্ঠিত হৈছিল বিজেপিৰ কাৰ্যকতা সন্মিলন৷ এই সন্মিলনত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তথা বিজেপি দল আৰু চৰকাৰৰ অধিকাংশ জ্যেষ্ঠ নেতা মন্ত্ৰী বিধায়ক ৰু সাংসদ৷ অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক দলীয় কৰ্মী৷ দিনৰ ৰবজৰ পৰা মূল সভাৰ কাম কাজ আৰম্ভ হয় যদিও পুৱাৰে পৰা সভাস্থলীত উপস্থিত হ’বলৈ আৰম্ভ কৰে দলীয় নেতা কৰ্মী৷ সভাৰ শেষত দেখা গ’ল যে খেলপথাৰখনৰ চৌদিশে সিচৰিত হৈ আছে জাৱৰ-জোথৰ প্লাষ্টিকৰ পেকেট, পানীৰ বটল, খাদ্যবস্তুৰ পেকেট আদি৷ সেয়ে আজি পুৱাই বিজেপিৰ সাংগঠনিক সম্পাদক ফনী শৰ্মৰ নেতৃত্বত দলটোৰ একাংশ কৰ্মী হাতত ঝাডু লৈ নামি পৰে খেলপথাৰখন চাফ-চিকুন কৰাত৷ অৱশ্যে এই কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে বিভিন্ন টিভি চেনেলক বিশেষভাৱে আমন্ত্ৰন জনোৱা হয় খেলপথাৰ চৌহদলৈ৷ টিভি চেনেলৰ সংবাদকৰ্মীসকল উপস্থিত হোৱাৰ পিছতে খেলপথাৰখনৰ চাফা কৰা কাৰ্যত নামি পৰে বিজেপিৰ নেতা কৰ্মীসকল৷ বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাৰ উপৰিও গুৱাহাটী পৌৰ মেয়ৰ মৃগেন শৰণীয়, ডেপুটি মেয়ৰ স্মিতা ৰয় আৰু বিভিন্ন ৱাৰ্ডৰ পৰিষদ সকলে হাতে হাতে  ঝাডু লৈ খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথৰত পৰিস্কাৰ অভিযানত নামি পৰে৷ অন কেমেৰা হাতত ঝাড়ু লৈ উৰুঙা সভাস্থলী চাফা কৰি আজি পুৱাই যেন অন্য এক চকম দিবলৈ চেষ্টা কৰিলে অসম বিজেপিৰ একাংশ নেতা কৰ্মী৷