Logo
image

মুখ্যমন্ত্ৰী সিন্দেৰ সৰ্বস্বান্ত নিৰাপত্তা বিষয়াক লৈ অস্বস্তি অসম আৰক্ষীৰ

আমাৰ অসম, ১০ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নিৰাপত্তা বিষয়া তথা মুম্বাই পুলিচৰ এ এছ আই দৰ্শন ভাৰতীক অচেতন অৱস্থাত গুৱাহাটীৰ ৰাজপথত উদ্ধাৰ হোৱা ঘটনাক লৈ ৰহস্যৰ অন্ত পৰা নাই৷ অজ্ঞাত কাৰণত গুৱাহাটীলৈ আহি সৰ্বস্বান্ত হোৱা দৰ্শন ভাৰতীৰ ঘটনাক লৈ অস্বস্তিত পৰিছে খোদ অসম আৰক্ষীও৷ গুৱাহাটীৰ পল্টন বজাৰৰ এটা গেষ্ট হাউচৰ পৰা শুকুৰবাৰে দিনৰ ১১.৩০ বজাত ওলাই অহা মুম্বাই পুলিচৰ এ এছ আই দৰ্শন ভাৰতীক কি পৰিস্থিতিত অচেনত অৱস্থাত উক্ত দিনা নিশাই জি এম চি এইচত ভৰ্তি কৰা হ’ল সেই সন্দৰ্ভতো মুখ খুলিব বিচৰা নাই মহানগৰ আৰক্ষীয়ে৷ শুকুৰবাৰে নিশা অচেতন অৱস্থাত জি এম চি এইচলৈ একনাথ সিন্দেৰ নিৰাপত্তা বিষয়াজনক লৈ অহা এম্বুলেঞ্চখনৰ চালকজনৰো কোনো পৰিচয় উলিয়াবলৈ সক্ষম হোৱা নাই তদন্তকাৰী আৰক্ষী৷ স্বাভাৱিকেতেই এতিয়া পূৰ্বতে মহাৰাষ্ট্ৰ ৰাজনীতিৰ বিসম্বাদৰ সময়ত একনাথ সিন্দেৰ লগত গুৱাহাটীলৈ অহা এ এছ আই দৰ্শন ভাৰতী ডকাইতৰ চক্ৰত পৰিল নে, নে কোনো হানি ট্ৰেপিং চক্ৰৰ কবলত পৰিল সেয়াও অস্পষ্ট হৈ আছে৷ কিয়নো শুকুৰবাৰে পুৱা গুৱাহাটীত আহি উপস্থিত হৈ পল্টন বজাৰৰ শ্যাম গেষ্ট হাউচত আশ্ৰয় লোৱা দৰ্শন ভাৰতী দিনৰ ১১.৩০ বজাত গেষ্ট হাউচৰ পৰা ওলাই অহাৰ পাছত অচেতন অৱস্থাত নিশা জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল৷ আৰক্ষী বিষয়াজনৰ দেহত সামান্য আঘাতৰ চিহ্ন থকাৰ লগতে মোবাইল, ধন, এটিএম কাৰ্ড ইত্যাদি লুটি নিছিল কোনো অজ্ঞাত ব্যক্তিয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত দৰ্শন ভাৰতী কোনো দুষ্টচক্ৰৰ যে কবলত পৰিছিল সেয়া নিশ্চিত৷ কিন্তু জি এম চি এইচৰ পৰাই দৰ্শন ভাৰতীয়ে মুম্বাইত থকা পুত্ৰক ঘটনাটো অৱগত কৰাত শনিবাৰে পুৱাই গুৱাহাটীত আহি উপস্থিত হয় ভাৰতীৰ পুত্ৰ৷ ইয়াৰ পাছতেই দিনৰ ১০.৩০ বজাত জিএমচিএইচৰ পৰা দৰ্শন ভাৰতীক ভঙাগড়ৰ অৰুণা মেম’ৰিয়েল হাস্পতালত ভৰ্তি কৰে৷ নাৰ্চিং হোমখনত কিছু সুস্থ হোৱাৰ পাছতেই দৰ্শন ভাৰতীক লৈ পুত্ৰই মুম্বাইলৈ গুছি যায়৷ কিন্তু ইয়াৰ পূৰ্বে শুকুৰবাৰৰ ঘটনাৰ সন্দৰ্ভত দৰ্শনৰ পুত্ৰই ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু ভঙাগড় আৰক্ষীয়ে প্ৰথম অৱস্থাত উক্ত এজাহাৰ গ্ৰহণত অস্বীকাৰ কৰা বুলিও অভিযোগ উঠিছে৷ এই সন্দৰ্ভত ডিচিপি সুধাকৰ সিঙে সমগ্ৰ ঘটনাক তদন্ত কৰি ভঙাগড় আৰক্ষীক জবাবদিহি কৰিব বুলিও জানিবলৈ দিছে৷ অৱশ্যে ভঙাগড় আৰক্ষীয়ে প্ৰকাশ মতে দৰ্শন ভাৰতীৰ সৈতে এতিয়াও কথা পাতিবলৈ পুত্ৰই অনুমতি দিয়া নাই৷ কাইলৈ অৰ্থাৎ সোমবাৰেহে  ঘটনাটোৰ সন্দৰ্ভত দৰ্শন ভাৰতীক সোধা-পোছা কৰিব ভঙাগড় আৰক্ষীয়ে৷ অৱশ্যে অচেতন অৱস্থাত মুম্বাইৰ আৰক্ষী  বিষয়াজনক জিএমচি এইচত ভৰ্তি কৰা এম্বুলেন্স চালকজনৰো কোনো পৰিচয় লাভ কৰা নাই বুলি প্ৰকাশ কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ ইফালে গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়াই দৰ্শন ভাৰতীৰ সন্দৰ্ভত মুখ খুলিব নিবিচৰা ঘটনাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে৷ আনকি আৰক্ষী বিষয়াজনে কি উদ্দেশ্যৰে মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হৈছিল, সেই সন্দৰ্ভতো অজ্ঞাত কাৰণত মুখ খুলিব বিচৰা নাই গুৱাহাটী আৰক্ষীয়ে৷ ইফালে আৰক্ষীৰ এটা সূত্ৰই দাবী কৰা মতে মুম্বাই আৰক্ষীৰ এ এছ আই দৰ্শন ভাৰতীয়ে গুৱাহাটীলৈ অহাৰ সন্দৰ্ভত বিভাগীয় কোনো অনুমতি লৈ অহা নাছিল৷ স্বাভাৱিকতেই এই ঘটনাৰ কেঁচু খান্দোতে এতিয়া সাপ ওলোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷