Logo
image

সুৰা বিপণীৰ বাবে ভিৰ, গ্ৰামাঞ্চলতো দুশ ৱাইন শ্বপ

আমাৰ অসম, ১০ অক্টোবৰঃ ৰাজ্য চৰকাৰে নতুনকৈ ৭ শতাধিক ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে পৰিকল্পনা কৰাৰ খবৰ ‘আমাৰ অসম’ত প্ৰকাশ পোৱাৰ পাছতেই আবকাৰী আয়ুক্তালয়ত এতিয়া ভিৰ লাগিছে৷ মদৰ বিপণীৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ আশাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ব্যৱসায়ীয়ে আবকাৰী আয়ুক্তালয়লৈ তাঁতবাতি কঢ়াই নহয়, দালালৰো বজাৰ আৰম্ভ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আবকাৰী আয়ুক্তালয়ৰ শীৰ্ষ বিষয়াৰ ছত্ৰছায়াতে বিশেষ চক্ৰই অনুজ্ঞাপত্ৰৰ নামত বজাৰ গঢ়ি তোলাৰ অভিযোগ উঠিছে৷ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ  বাবে আবেদন মাচুল ৰলাখ টকা যদি দালাল চক্ৰটোৱে অনুজ্ঞাপত্ৰৰ নামত আয়ুক্তালয়ত মুকলিকৈ দৰ-দামত লিপ্ত হোৱা বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য, ৰাজ্যৰ ৰাজহ ঘাটি জোৰা মৰাৰ স্বাৰ্থতে ৰাজ্য চৰকাৰে বছৰি ৪০০০ কোটি টকাৰ আবকাৰী কৰ সংগ্ৰহৰ লক্ষ্যৰে প্ৰতিখন জিলাৰ গাঁও-চহৰে নতুনকৈ গড়ে ২০-৩০খনকৈ অনুজ্ঞাপত্ৰ দিয়াৰ পৰিকল্পনা কৰিছে৷ আনকি নতুন ৱাইন শ্বপৰ আবেদন তথা পঞ্জীয়নৰ বাবতে অতিৰিক্ত প্ৰায় ৫০ কোটি টকা সংগ্ৰহ কৰিব বুলিও আয়ুক্তালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে শেহতীয়াকৈ আবকাৰী বিভাগে গ্ৰামাঞ্চলৰ প্ৰায় ২০০খন বাৰ [অফ শ্বপ]ক ৱাইন শ্বপলৈ পৰিবৰ্তন কৰিছে৷ গ্ৰামাঞ্চলৰ উক্ত ২০০খন ৱাইন শ্বপৰ বিপৰীতেও পঞ্জীয়নৰ নামত প্ৰতিখনৰ পৰা ৩০ হাজাৰ টকাকৈ মুঠ ৬০লাখ টকা আৰু অনুজ্ঞাপত্ৰৰ বাবদ ১ লাখ টকাকৈ প্ৰায় ২কোটি টকা সংগ্ৰহ কৰে৷ মুঠৰ ওপৰত আবকাৰী বিভাগে এতিয়া যিকোনো উপায়েৰে কৰ সংগ্ৰহৰ হাৰ বৃদ্ধি কৰাৰ বাবে উঠি পৰি লাগিছে৷