Logo
image

খৰ্গে, থাৰুৰক লৈ দ্বিখণ্ডিত ৰাজীৱ ভৱন

আমাৰ অসম, ১১ অক্টোবৰঃ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছত এইবাৰ নিজৰ দলৰে ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি  বিভক্ত হ’ল ৰাজীৱ ভৱন৷ প্ৰদেশ কংগ্ৰেছৰ একাংশই দলৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গেক সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই অন্য এজন প্ৰাৰ্থী শশী থাৰুৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ উল্লেখ্য যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হ’বলৈ অস্বীকাৰ কৰাৰ পাছতে কংগ্ৰেছ ৱাৰ্কি  কমিটীৰ বৈঠকত দলৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়৷  বিভিন্ন ৰাজনৈতিক ঘটনা প্ৰৱাহৰ অন্ততঃ দলৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰে সভাপতি পদৰ   বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷ ইয়াৰ পাছতে কংগ্ৰেছৰ অভ্যন্তৰত আৰম্ভ হয় নিৰ্বাচনী তৎপৰতা৷ দুয়োজন প্ৰাৰ্থীয়ে ইতিমধ্যে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে৷ এনে তৎপৰতাৰ মাজতে মল্লিকাৰ্জুন খৰ্গে আজি বিয়লি প্ৰায় ৪.৩০ বজাত বিশেষ  বিমানযোগে গুৱাহাটীত উপস্থিত হয়৷ বিমান বন্দৰত খৰ্গেক আদৰণি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদদ্বয়জনে গৌৰৱ গগৈ আৰু আব্দুল খালেক, প্ৰদেশ কংগ্ৰেছৰ তিনি কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দেৰ পুৰকায়স্থ আৰু জাকিৰ হুছেইন  শিকদাৰে৷ এই দলটোত বিধায়ক নুৰুল হুদাও আছিল৷ প্ৰদেশ কংগ্ৰেছৰ সূত্ৰৰ মতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ এই নিৰ্বাচনত অসম কংগ্ৰেছৰ মুঠ ২৮০ টা ভোট আছে৷ প্ৰতিটো ব্লক কংগ্ৰেছৰ পৰা এজনী প্ৰতিনিধিয়ে ভোটদানৰ সুবিধা পাব৷ ১৭  অক্টোবৰত ভোটদান অনুষ্ঠিত হ’ব আৰু ১৯ অক্টোবৰত ফলাফল ঘোষণা হ’ব৷ উল্লেখ্য যে সভাপতি পদৰ  প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গেৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে দলৰ সকলো পদৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন৷ আনহাতে, মল্লিকাৰ্জুন খৰ্গেক তেওঁৰহৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য আৰু পশ্চিমবংগত প্ৰচাৰ চলোৱাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে৷  ইয়াৰ বিপৰীতে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও দলৰ সকলো পদৰ পৰা অব্যাহতি বিচাৰি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ৰাজীৱ ভৱনৰ সূত্ৰৰ মতে সাংসদ বৰদলৈয়ে দলৰ অন্য প্ৰাৰ্থী শশী থাৰুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ অহা ১৪ অক্টোবৰত শশী থাৰুৰ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা৷ এনে প্ৰেক্ষাপতত দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনক লৈ এতিয়া দ্বিখণ্ডীত  ৰাজীৱ ভৱন৷ উল্লেখ্য যে মল্লিকাৰ্জুন খৰ্গে আজি সন্ধিয়া গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকলক সম্বোৰ্ধন কৰাৰ পূৰ্বে ৰাজীৱ ভৱনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নেতৃত্বৰ সৈতে  সময় মত-বিনিময় কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অসমৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতাত দেৱব্ৰত শইকীয়া, মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশ্বাম মেঘাচন্দ্ৰ সিং, মণিপুৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা অ’ ইবৰী সিং, ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ  কাৰ্যকৰী সভাপতি সুশান্ত চক্ৰৱৰ্তী, অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সভাপতি নাবাম টুকী, নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি সুশান্ত চক্ৰৱৰ্তী, নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে থেৰী, মেঘালয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভিনচেণ্ট এইচ পালা, কংগ্ৰেছ ৱাৰ্কিং কমিটীৰ সদস্য [মণিপুৰ] গাই খাংগাম, মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ভিক্টৰ কেইসিঙকে প্ৰমুখ্যে কৰি উত্তৰ পূৰ্বাঞ্চলৰ কংগ্ৰেছ নেতাসকলৰ সৈতে খাৰ্গে কিছুসময় বাৰ্তালাপ কৰে৷ ইয়াৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ এখন সভাক তেওঁ সম্বোধন কৰে৷  উল্লেখ্য যে কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচনত মল্লিকাৰ্জুন খৰ্গে গান্ধী পৰিয়ালৰ আশীষধন্য বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷