Logo
image

পুটিনৰ প্ৰতিশোধত কম্পমান বিশ্ব

কিয়েভসহ ইউক্ৰেইনৰ বিভিন্ন চহৰত ৭৫টা ৰুছ ক্ষেপণাস্ত্ৰ নিক্ষেপ

নিহত ১০ নাগৰিক

আমাৰ অসম, ১১ অক্টোবৰঃ ৰাছিয়াৰ ইউক্ৰেইনৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ আক্ৰমণত থৰহৰি কম্পমান সমগ্ৰ বিশ্ব৷ বিগত ২৬ জুনৰ পাছত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত পুনৰ আক্ৰমণ হানিছে ৰাছিয়াই৷ এইবাৰ ৰাছিয়াৰ আক্ৰমণ পূৰ্বতকৈ বহুগুণে ভয়ংকৰ৷ ৰাছিয়াৰ এই ভয়ংকৰ আক্ৰমণৰ ৰূপ দেখি থৰহৰি কম্পমান হৈছে ইউৰোপ আৰু সমগ্ৰ বিশ্ব৷ মাজৰ কেইমাহমান ছেগাচোৰোগাকৈ যুদ্ধ চলাই থকাৰ পাছত সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ধাৰাষাৰ ক্ষেপণাস্ত্ৰ বৰ্ষণ কৰি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে৷ ৰাজধানী কিয়েভকে ধৰি ইউক্ৰেইনৰ কেইবাখনো চহৰ ক্ৰমে খাৰকিভ, লিভিভ, টাৰ্ণ’পিল ইত্যাদি চহৰত সোমবাৰে ৰাছিয়াই ৭৫টা দীৰ্ঘদূৰত্বভেদী ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই বহু কেইখন চহৰ লণ্ড-ভণ্ড কৰি দিছে৷ ৰাছিয়াই এনেদৰে যধে-মধে ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণৰ ফলত ইউক্ৰেইনত পাৰমাণৱিক বিপৰ্যয় সংঘটিত হোৱাৰ আশংকাই দেখা দিছে৷ কিয়নো ইউক্ৰেইনৰ বিভিন্ন স্থানত থকা পাৰমাণৱিক কেন্দ্ৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই যিকোনো মুহূৰ্ততে ভুলবশতঃ আঘাত হানিব পাৰে৷ তেনেদৰে যদিহে অনিচ্ছাকৃতভাৱেও ইউক্ৰেইনৰ পৰমাণু কেন্দ্ৰত ৰাছিয়াৰ অবাধে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই আঘাত কৰে তেন্তে সমগ্ৰ বাল্টিকসাগৰীয় অঞ্চলটোত তেজষ্ক্ৰিয়তা বিয়পি পৰিব আৰু অভাৱনীয় সংহাৰৰ সৃষ্টি হ’ব৷ ইয়াৰ উপৰি ৰাছিয়াই যুদ্ধৰ দ্ৰুত আৰু সফল সামৰণি মাৰিবলৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি পশ্চিমীয়া সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ সোমবাৰে ৰাছিয়াৰ এই ভয়ংকৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কমেও ১০ জন অসামৰিক লোক নিহত হৈছে আৰু শতাধিক লোক গুৰুতৰভাৱে আহত হৈছে৷ আক্ৰমণৰ প্ৰাবল্য ইমানেই অধিক আছিল যে এই আক্ৰমণত দেশখনৰ কমেও ৮খন চহৰৰ অনেক অট্টালিকা, চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আৰু ব্যক্তিগত বাসভৱন ভাগি-ছিগি চূৰমাৰ হৈ পৰে৷ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সন্মুখীন হোৱা চহৰসমূহত সাধাৰণ নাগৰিকৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আঘাতপ্ৰাপ্ত অনেক অসামৰিক লোক তেজেৰে ৰাঙলী হৈ মুকলিলৈ ওলাই অহাত এক বীভৎস আৰু আতংকজনক পৰিস্থিতিৰ উদ্ভৱ হয়৷ 

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আঠমাহ সম্পূৰ্ণ কৰিবলৈ চৈধ্যদিন বাকী থকা অৱস্থাত হঠাতে কিয় ৰাছিয়াই এনেদৰে ইউক্ৰেইনৰ ওপৰত ক্ষেপণাস্ত্ৰ বৰ্ষণ কৰিলে সেই লৈ বিভিন্ন প্ৰশ্নৰ উদ্ভৱ হৈছে৷ ৰাছিয়াৰ এই ভয়ংকৰ আক্ৰমণৰ তাৎক্ষণিক কাৰণ হৈছে দেশখনলৈ ৰাছিয়াই সেনাবাহিনীৰ বাবে প্ৰেৰণ কৰা ৰচদ আৰু অস্ত্ৰশস্ত্ৰ যাতায়াতৰ বাবে সংযোগী একমাত্ৰ দলংখন ইউক্ৰেইনে বিস্ফোৰণ ঘটাই ভাঙি দিয়াৰ প্ৰতিশোধ৷ দেওবাৰে ক্ৰিমিয়া আৰু ইউক্ৰেইন সংযোগী কেৰ্ছ নামৰ অতি গুৰুত্বপূৰ্ণ এখন দলং ইউক্ৰেইনৰ চোৰাংচোৱা বাহিনীয়ে বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়ে৷ ক্ৰিমিয়াৰ পৰা ইউক্ৰেইন সংযোগী এই দলংখন যুদ্ধৰত ৰাছিয়াৰ সৈন্যবাহিনীৰ  বাবে ‘লাইফ লাইন’ আছিল৷ কিয়নো এই দলংখনেৰেই ৰাছিয়াই ইমানদিনে ইউক্ৰেইনলৈ সেনাবাহিনী, যুদ্ধাস্ত্ৰ, সেনাৰ বাবে         সকলোধৰণৰ ৰচদপাতি প্ৰেৰণ কৰি আহিছিল৷ সন্দেহাতীতভাৱে এই দলংখন ৰণকৌশলগত কাৰণত ৰাছিয়াৰ বাবে অভাৱনীয়ভাৱে গুৰুত্বপূৰ্ণ আছিল৷ সেই বিষয়টো ইউক্ৰেইনেও উপলব্ধি কৰিছিল৷ কিন্তু উক্ত অঞ্চলত বিগত সময়ছোৱাত ৰাছিয়াৰ সেনাৰ শক্তিশালী উপস্থিতি থকাৰ বাবে ইউক্ৰেইনে দলংখনৰ কোনো ক্ষতি কৰিব পৰা নাছিল৷ কিন্তু শেহতীয়াকৈ অঞ্চলটোত ৰাছিয়াৰ সেনাৰ প্ৰভাৱ সামান্য হ্ৰাস পোৱাত ইউক্ৰেইনৰ চোৰাংচোৱা বাহিনীয়ে অতি গোপনে বিস্ফোৰক স্থাপন কৰি কেৰ্ছ নামৰ গুৰুত্বপূৰ্ণ দলংখন দেওবাৰে উৰুৱাই দিয়ে৷ এই ঘটনাত খঙত একোনাই হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিবলৈ সেনাবাহিনীক নিৰ্দেশ জাৰি কৰে৷       সেই নিৰ্দেশৰ পাছতে সোমবাৰে পুৱা স্থানীয় সময় অনুসৰি ৮ বজাত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত মিছাইল বৰ্ষণ কৰে৷ এই আক্ৰমণত কেৱল ৰাজধানী কিয়েভতে কমেও পাঁচটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়৷ মুঠতে ৰাছিয়াই ৭৫ দীৰ্ঘদূৰত্বভেদী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে৷ ইউক্ৰেইনে দাবী কৰা অনুসৰি তেওঁলোকে তাৰে ৪১ ক্ষেপণাস্ত্ৰ ‘এণ্টি মিছাইল চিষ্টেম’ৰ জৰিয়তে মাজ আকাশতে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়৷ কিন্তু ৰাছিয়াৰ মতে তেওঁলোকে নিক্ষেপ কৰা প্ৰত্যেকটো ক্ষেপণাস্ত্ৰই নিৰ্দ্ধাৰিত স্থানত আঘাত কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে জনোৱা মতে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত তেওঁৰ দেশৰ অসংখ্য নাগৰিকৰ মৃত্যু হৈছে৷ তেওঁ কয় যে এয়া ৰাছিয়াৰ ইউক্ৰেইনক সম্পূৰ্ণৰূপে ধবংস কৰি দিয়াৰ প্ৰচেষ্টা৷ ২৬ জুনৰ পাছত এয়াই আছিল ৰাজধানী কিয়েভত ৰাছিয়াৰ প্ৰথমটো ক্ষেপণাস্ত্ৰ আক্ৰমণ৷ এই আক্ৰমণত ৰাষ্ট্ৰপতি জেলেনস্কিৰ এটা কাৰ্যালয় উৰি যায়৷ অৱশ্যে গোপন স্থানত থকা ৰাষ্ট্ৰপতি আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হয়৷ জেলেস্কিয়ে দেশৰ অসামৰিক লোকক এই আক্ৰমণৰ পৰা ৰক্ষা পৰিবৰ বাবে মুকলিলৈ ওলাই নাহিবলৈ অনুৰোধ জনাইছে৷ তেওঁ জনোৱা মতে দেওবাৰেও ৰাছিয়াৰ বাহিনীয়ে চলোৱা আক্ৰমণত শিশুসহ ১৩ জন লোক নিহত হৈছিল৷ দেওবাৰৰ আক্ৰমণত আহত হৈছিল ৭৯ জন অসামৰিক লোক৷ 

দেওবাৰে ইউক্ৰেইনৰ চোৰাংচোৱা বাহিনীয়ে কেৰ্ছ নামৰ দলংখন বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ঘটনাত তিনিজন লোক নিহত হৈছিল৷ পুটিনে দাবী কৰিছে ইউক্ৰেইনৰ গুপ্তচৰ সংস্থাই এই বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল আৰু বিস্ফোৰণ সংঘটিত কৰিছিল৷ এখন ট্ৰাকত বৃহৎ পৰিমাণত বিস্ফোৰক সামগ্ৰী কঢ়িয়াই নি দলংখনৰ ওপৰত বিস্ফোৰণ সংঘটিত কৰি ইউক্ৰেইনৰ গুপ্তচৰ সংস্থাই কেৰ্ছ নামৰ দলংখন নিশ্চিহ্ন কৰি দিছিল৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সেই কাৰ্যক ইউক্ৰেইনৰ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰি তাৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ সেনাবাহিনীক নিৰ্দেশ দিয়ে৷ ৰাছিয়াৰ এই আক্ৰমণত পুনৰ থৰহৰি কম্পমান হৈছে সমগ্ৰ বিশ্ব৷ ধাৰণা কৰা হৈছে ৰাছিয়াৰ প্ৰৱল শীত অহাৰ  পূৰ্বেই পুটিনে ইউক্ৰেইনৰ সৈতে প্ৰায় আঠমাহ ধৰি চলি থকা যুদ্ধখনৰ সফল সামৰণি পেলাবলৈ চেষ্টা কৰিছে৷ দলং উৰুওৱাৰ প্ৰতিশোধৰ লগতে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণৰ সিও আন এক উদ্দেশ্য হ’ব পাৰে  বুলি চৰ্চা হৈছে৷ প্ৰয়োজনবোধে ৰাছিয়াই যুদ্ধৰ সামৰণি পেলাবলৈ  পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ আশংকা পুনৰ উদ্ভৱ হৈছে৷ কিয়নো পশ্চিমীয়া সংবাদ মাধ্যমৰ দাবী, ৰাছিয়াৰ ৰাজধানী মস্কোৰ ওচৰত পাৰমাণৱিক অস্ত্ৰ  বোজাই কৰা এখন ৰে’লগাড়ী দেখা গৈছে৷ ব্ৰিটিছ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি এই ৰে’লখন ৰাছিয়াৰ ১২ নম্বৰ মুখ্য কাৰ্যালয়ৰ অন্তৰ্গত আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ গোপন ইউনিটৰ মালিকানাধীন৷ পুটিনে  প্ৰয়োজনবোধে ইউক্ৰেইনৰ সীমাৰ পৰা পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ বাবে এই ৰে’লগাড়ীখন সাজু কৰা বুলি চৰ্চা হৈছে৷ এনে কাৰণতে আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব৷