Logo
image

ৰে’লৰ খুন্দাত নিহত পোৱালিসহ হাতী, চিৎকাৰ আহতৰ

গঁড়ক ট্ৰাকৰ খুন্দাৰ পাছত

আমাৰ অসম, ১১ অক্টোবৰঃ পুনৰ যন্ত্ৰ দানৱৰ নিষ্ঠুৰতাৰ বলি হ’ল অবোধ প্ৰাণী৷ দুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত দুৰ্বাৰ গতিৰে যোৱা এখন নিয়ন্ত্ৰণহীন ট্ৰাকে  অৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ক নিৰ্দয়ভাৱে খুন্দা মৰাৰ পাছত এইবাৰ ৰে’লৰ খুন্দাত নিকৰুণভাৱে মৃত্যুক সাৱটি ল’লে দুটাকৈ হাতীয়ে৷ এইবাৰ ঘটনাৰ স্থান গোলাঘাটৰে চুবুৰীয়া জিলা যোৰহাট৷ কাজিৰঙাৰ পৰা কেইকিলোমিটাৰমান নিলগৰ মৰিয়নি আৰু তিতাবৰৰ মাজৰ খৰিকটীয়া ৰে’ল ষ্টেচনৰ সমীপৰ এক অঞ্চল৷ যন্ত্ৰ দানৱৰ ভূমিকাত এইবাৰ অৱতীৰ্ণ হ’ল ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ী৷  এই ৰে’লৰ খুন্দাত মৃত্যু হোৱা আৰু মৃত্যুৰ পূৰ্বে জীয়াই থকাৰ বাবে মৰণকাতৰ চিঞৰ মৰা হাতীৰ কৰুণ বিননি আৰু সেই দুখত সমভাগী হোৱা পশুপ্ৰেমীৰ কান্দোন একেটা কৰুণ সুৰতে মিলি গ’ল৷ গুৰুতৰভাৱে আহত হৈ  প্ৰাণকাতৰে চিঞৰি থকা আন এটা হাতীৰ বিননি সহ্য কৰিব পৰা নাই সেই হাতীৰ অত্যাচাৰতে জৰ্জৰিত স্থানীয় ৰাইজে৷

বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিয়াগোম বনবিভাগৰ চূড়ান্ত গাফিলতি আৰু অৰ্কমণ্যতাৰ ফলত ৰাজধানী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত একেস্থানতে  দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যুৱে জোকাৰি গ’ল তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্য৷ অন্যহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অন্য হাতীৰ যন্ত্ৰণাদায়ক চিৎকাৰে এতিয়াও প্ৰতিজন হৃদয়বান লোকৰ অন্তৰ কপাঁই ৰাখিছে৷ উল্লেখ্য যে দেওবাৰে নিশা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখনে মৰিয়নি আৰু তিতাবৰৰ মাজৰ খৰিকটীয়া ৰে’ল ষ্টেচনৰ সমীপত নিশা ১১-৪৫ বজাত তিনিটাকৈ হাতীক খুন্দিয়াই আহত কৰাৰ ফলত এবছৰীয়া এটা হাতী পোৱালিৰ তৎক্ষণাৎ মৃত্যুমুখত পৰে৷ হাতী পোৱালিটোৰ মাক বুলি অনুমান কৰা অন্য এটা হাতীৱেও ঘটনা সংঘটিত হোৱা ৬ ঘণ্টাৰ পিছত আজি পুৱাৰ ভাগত অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়৷ ঘটনা সংঘটিত হোৱাৰ খবৰটো স্থানীয় লোকে তাৎক্ষণিকভাৱে বনবিভাগক অৱগত কৰিছিল যদিও দুৰ্ঘটনাগ্ৰস্ত হাতীটোৰ চিকিৎসাৰ ক্ষেত্ৰত বনবিভাগে প্ৰদৰ্শন কৰা চূড়ান্ত গাফিলতিৰ বাবেই ইতিমধ্যে মৃত্যুমুখত পৰা হাতী পোৱালিটোৰ মাকজনীৰো বিনাচিকিৎসাই মৃত্যু হয়৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অন্য এটা প্ৰকাণ্ড হাতীক পুৱাৰ ভাগত বাগানত কাম কৰিবলৈ যোৱা শ্ৰমিকসকলে খৰিকটীয়া বাগানৰ এটা খাৱৈৰ কাষত অতি নিদাৰুণভাৱে পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ ৰে’লৰ খুন্দাত প্ৰকাণ্ড মাইকী হাতীজনীৰ পিছ ঠেং দুটাৰ জখম গুৰুতৰ হোৱাৰ বাবে হাতীজনীয়ে বাৰে বাৰে পৰি থকা অৱস্থাৰ পৰা উঠিবলৈ চেষ্টা কৰিও সফল হ’ব পৰা নাই৷ অতি পৰিতাপৰ বিষয় হ’ল যে তিনিটাকৈ হাতীৰ কৰুণ দৃশ্য প্ৰত্যক্ষ কৰা প্ৰতিজন লোকেই হাতীকেইটাৰ দুৰ্দশা দেখি আৱেগিক হৈ পৰাৰ পিছতো মৃত্যুৰ সতে যুঁজি থকা হাতীজনীৰ তাৎক্ষণিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যোৰহাট জিলা বন বিভাগৰ উচ্ছপদস্থ বিষয়া সকলে কোনো তৎপৰতা প্ৰদৰ্শন কৰা চকুত নপৰিল৷ খৰিকটীয়া বাগানৰ সমীপৰ লোকসকলৰ হাতী আৰু মানুহৰ সংঘাতে চৰমসীমাত অৱস্থান কৰাৰ পিছতো বাগানৰ কেইবাগৰাকীও শ্ৰমিকে নিজৰ কাম খতি কৰি দুৰ্ঘটনাগ্ৰস্ত বনৰীয়া হাতীটোক ওচৰৰ পৰাই কলগছ, পানী আৰু কল আদি খাদ্যৰ যোগান ধৰি হাতীজনীৰ বিশেষ যতন লৈ আছে৷ স্থানীয় লোকসকলৰ এনে তৎপৰতাৰ বিপৰীতে দিনৰ প্ৰায় ১ বজালৈকে কিন্তু হাতীজনীৰ কাষত বনবিভাগৰ কোনো উচ্ছপদস্থ বিষয়া তথা চিকিৎসকৰ দল উপস্থিত হোৱা নাছিল৷ প্ৰচণ্ড বিষত চিৎকাৰ কৰি থকা হাতীজনীৰ অৱস্থা সহিব নোৱাৰি ক্ষোভত ফাটি পৰে স্থানীয় জনতা৷ হাতীজনীৰ চিকিৎসাৰ বাবে কাজিৰঙাৰপৰা বিশেষ চিকিৎসকৰ দল আহি আছে বুলি বনবিভাগৰ লোকে বুজনি দিবলৈ চেষ্টা কৰি পৰিস্থিতিটো কিছু শান্ত কৰাৰ প্ৰয়াস কৰাৰ পাছত দিনৰ প্ৰায় ১ বজাত যোৰহাট জিলাৰ জিলা বনবিষয়া গৰাকী এদল চিকিৎসকৰ সৈতে হাতীজনী পৰি থকা স্থানত উপস্থিত হয়৷ হাতীজনীৰ অৱস্থা ইমানেই শোচনীয় যে চিকিৎসকৰ দলটোৱে ট্ৰেংকুলাইজ কৰিবলৈ সাহস নকৰিলে৷ ইয়াৰ পৰিৱৰ্তে কলৰ ভিতৰত এণ্টিবায়’টিক আৰু ভিটামিন ঔষধ ভৰাই হাতীটোক খাবলৈ দিয়াৰ প্ৰয়াস কৰে৷ অৱশ্যে সেই চেষ্টা বন বিভাগৰ এক বৃথা চেষ্টা বুলিহে পৰিলক্ষিত হয়৷ যিসময়ত সাধাৰণ এগৰাকী শ্ৰমিকে যন্ত্ৰণাত ছটফটাই থকা হাতীটোক ওচৰৰপৰা খাদ্যৰ যোগান ধৰিছে সেইসময়ত কাজিৰঙাৰ পৰা অহা চিকিৎসকৰ দলটোৱে এবাৰো ওচৰৰপৰা হাতীটোক চাবলৈ যোৱাতো প্ৰত্যক্ষ কৰা নগ’ল৷ কেইজনমান শ্ৰমিকৰ হতুৱাই ঔষধ ভৰাই কল খাবলৈ দলিয়াই দিয়েই বন বিভাগৰ দলটোৰ লগতে সকলো সেইস্থানৰ পৰা অন্তৰ্ধান হয়৷ চিকিৎসকৰ দলটোৱে কল দলিয়াই খাবলৈ দিয়েই সেইস্থানৰ পৰা আঁতৰি যোৱাৰ পাছত যন্ত্ৰণাত ছটফটাই থকা হাতীজনী বাগৰি বাগৰি কাষৰে এটা জুৰিত পৰি ডিঙিলৈকে পানীত ডুব গৈ মৃত্যুৰ সৈতে যুঁজি আছে৷ আঘাতপ্ৰাপ্ত হাতীজনী এনেকুৱা দুৰ্গম অঞ্চলত অৱস্থান কৰিছে যে সেই ঠাইৰপৰা কৃত্ৰিম পদ্ধতিৰে উঠাই আনিবলৈও গাড়ী-মটৰ সোমোৱাব পৰা ব্যৱস্থা নাই৷ তেনেস্থলত হাতীজনী উদ্ধাৰৰ ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰি হাতীজনীক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰে সেইটোহে লক্ষণীয় হ’ব৷ অন্যথা এইজনী হাতীয়েও যদি বিনাচিকিৎসাই মৃত্যুক সাৱটিবলগীয়া হয় তেতিয়াহ’লে তিতাবৰত বনবিভাগে কঠোৰ জনপ্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলিও ক্ষুব্ধ লোকসকলে বিভাগটোক সকিয়নী দিছে৷ স্মৰ্তব্য যে যোৱা নিশা এক প্ৰকাৰ হস্তীৰ ক’ৰিডৰ স্বৰূপ স্থানত সংঘটিত হোৱা এই হৃদয়বিদাৰক দৃশ্যই বনবিভাগ আৰু ৰে’লবিভাগৰ চৰম গাফিলতি আৰু অৰ্কমণ্যতাকে পুনৰবাৰ উদঙাই দিছে৷ প্ৰতিবছৰে তিতাবৰত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হৈ অহাৰ পিছতো বনবিভাগে আজিলৈকে হাতীৰ দণ্ডীত কোনোধৰণৰ পহৰাৰ ব্যৱস্থা নকৰিলে৷ আনহাতে ৰে’ল বিভাগক স্থানীয় ৰাইজ, প্ৰকৃতিপ্ৰেমী সংগঠনে বাৰে বাৰে হাতীদণ্ডী সমূহত ৰে’লৰ গতি কমাই যাত্ৰা কৰিবৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো ৰে’লবিভাগে সেইদাবী সদায় নসাৎ আৰু অগ্ৰাহ্য কৰি আহিছে৷ যাৰ ফলশ্ৰতিত কালি নিশা এই মৰ্মান্তিক ঘটনাতো সংঘটিত হ’বলৈ পালে৷