Logo
image

শেষ দিনা স্বৰ্ণজয় লাভলীনা, অংকুশিতাৰ

আমাৰ অসম, ১৩ অক্টোবৰঃ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনা অসমৰ পদক তালিকাত যোগ হ’ল দুটা স্বৰ্ণ৷ দুয়োটা পদক আহে মহিলাৰ বক্সিঙত৷ এই দুটা স্বৰ্ণপদকেৰে ক্ৰীড়া সমাৰোহখনৰ বক্সিঙত অসমৰ পদকৰ সংখ্যা হয়গৈ পাঁচটা৷ ইতিমধ্যে অসমে বক্সিঙত লাভ কৰিছে তিনিটা ব্ৰঞ্জৰ পদক৷ বুধবাৰে অসমৰ হৈ স্বৰ্ণপদক জয় কৰে অংকুশিতা বড়ো আৰু টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদকজয়ী লাভলীনা বৰগোহাঁয়ে৷ মহাত্মা মন্দিৰৰ ৰিঙত মহিলাৰ ৬৬ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰাক্তন বিশ্ব জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতাৰ সন্মুখত সহজে আত্মসমৰ্পণ কৰিবলগীয়া হৈছিল মণিপুৰৰ এলেনা থাওনাওজামে৷ প্ৰতিদ্বন্দ্বিতাৰ দ্বিতীয় ৰাউণ্ডতে অংকুশিতাই মণিপুৰৰ প্ৰতিদ্বন্দ্বীগৰাকীক নক-আউট কৰি স্বৰ্ণপদক জয় কৰে৷ উল্লেখ্য, প্ৰথমবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাগ লোৱা অংকুশিতাই চাৰিখন খেলৰ তিনিখনতে প্ৰতিদ্বন্দ্বীক নক-আউট কৰিছে৷ অংকুশিতাৰ এই সফলতাৰ পাছত ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত লাভলীনাই দিছিল দ্বিতীয়টো সফলতা৷ এছিয়ান চেম্পিয়নশ্বিপৰ ট্ৰায়েলৰ সময়ত আঘাত পোৱাৰ বাবে প্ৰথমে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ পাছত আঘাতমুক্ত হৈ পুনৰ অসম দলত অন্তৰ্ভুক্ত হোৱা লাভলীনাই ৭৫ কিলোগ্ৰামৰ ফাইনেলত বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰাক্তন ৰানাৰ-আপ হাৰিয়ানাৰ ছুইটী বুৰাক সহজে পৰাস্ত কৰে ৫-০ ব্যৱধানত৷ উল্লেখ্য, ৭৫ কিলোগ্ৰাম শাখাত এয়া হৈছে লাভলীনাৰ কেৰিয়াৰৰ প্ৰথমটো স্বৰ্ণপদক৷ ইয়াৰ পূৰ্বে বক্সাৰগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৬৯ কিলোগ্ৰাম শাখাতহে৷

বুধবাৰৰ স্বৰ্ণপদক দুটাৰ সৈতে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মুঠ পদকৰ সংখ্যা হয়গৈ ২৮টা, য’ত  আছে ৯টা স্বৰ্ণ, দহটা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক৷ বংগৰ পাছতে পদক তালিকাৰ চতুৰ্দশ স্থানত থাকে অসম৷ অসমে সৰ্বাধিক আঠটা পদক লাভ কৰে ল’নবলত, য’ত আছে তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ তাৰ পাছত সাঁতোৰত আহে ছটা পদক, য’ত আছে দুটা স্বৰ্ণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক৷ উল্লেখ্য, অসমে এথলেটিকছত হিমা দাস আৰু বক্সিঙত শিৱ থাপাৰ পৰাও স্বৰ্ণপদক আশা কৰিছিল যদিও হিমাই ৰূপ আৰু শিৱই ব্ৰঞ্জৰ পদকত ক্ষান্ত থাকিবলগীয়া হয়৷