Logo
image

বিচিচিআইৰ নিৰ্বাচনত গভীৰ ৰাজনীতিৰ গোন্ধ

সৌৰভ গাংগুলী বাদ

আমাৰ অসম, ১৩ অক্টোবৰঃ কাৰ আঙুলিৰ ঠাৰত চলে ভাৰতীয় ক্ৰীড়াংগন? সহজতম সেই উত্তৰ সকলোৱেই জানে আৰু সেই শব্দটো উচ্ছাৰণ কৰাৰ বাবে সেয়ে কোনো ‘প্ৰাইজ’ নাথাকে৷ উত্তৰ কঠিন হ’লেই পুৰস্কাৰ, অন্যথা একো নাই৷ বিজেপিত যোগদান কৰি পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত থিয় নিদিয়াৰ বাবেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শীৰ্ষ পদবীৰ পৰা সৌৰভ গাংগুলী বাহিৰ হোৱাৰ লগে লগে দেশৰ ক্ৰীড়াংগনতো বিজেপিৰ ৰাজনীতিৰ বিজয়ৰথ বিম্বাশৱদে দৌৰি থকা বুলি দেশজুৰি তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে৷ মাথোঁ এমাহ পূৰ্বে হোৱা ভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি পদৰ দৌৰত বিজেপিৰ পৃষ্ঠপোষকতা নথকাৰ বাবে দেশৰ ফুটবল পথাৰৰ বহু যুঁজৰ নায়ক বাইচুং ভূটিয়াই মাথোঁ এটা ভোট লাভ কৰাৰ ঘটনা এতিয়া পুনৰ সজীৱ হৈ পৰিছে৷ বিজেপিশাসিত দেশৰ সকলো ৰাজ্যৰ সমৰ্থন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটে প্ৰস্তাৱ কৰা অখ্যাতপ্ৰায় ফুটবলাৰ কল্যাণ চৌবে ফুটবল ফেডাৰেচনৰ সভাপতি হওঁতেই মুকলি হৈ পৰিছিল দেশৰ ক্ৰীড়াংগনত বিজেপিৰ প্ৰভাৱ৷ কিয়নো এতিয়া পশ্চিমবংগ বিজেপিৰ গুৰুত্বপূৰ্ণ নেতা, বিধায়ক পদৰ প্ৰাৰ্থী কল্যাণ চৌবেই যেতিয়া ভাৰতীয় দলৰ ৰিজাৰ্ভ বেংকত বহি গলপোষ্টৰ সন্মুখত থিয় হ’বলৈ অন্তহীন অপেক্ষা কৰি আছিল, তেতিয়া বাইচুং ভূটিয়াই দেশৰ সন্মান ৰক্ষাৰ্থে ফুটবল ফিল্ডত প্ৰানটাকি যুঁজ দিছিল৷ সেয়া ফুটবলৰ ৰাজনীতি৷

ক্ৰিকেটৰ ৰাজনীতি ভাৰতত ফুটবলতকৈ যে বিশাল তাৰ দ্বিৰুক্তিৰ প্ৰয়োজন নাই৷ কিন্তু দেশৰ ক্ৰিকেটৰ এই সৰ্বোচ্ছ সংস্থাত পদবী ল’বলৈও যে বিজেপিৰ পূৰ্ণ সমৰ্থন প্ৰয়োজন, অথবা তাতকৈ পোনপটীয়াকৈ ক’বলৈ হ’লে বিজেপিৰ নিয়ন্ত্ৰণতে গঠন হয় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড সেয়া অস্বীকাৰ কৰাৰ উপায় নাই৷ বুধবাৰে বিচিচিআইৰ নতুন কৰ্মকৰ্তাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন উকলি যাওঁতেই সেয়া তেনেই স্পষ্ট ৰূপত মুকলি হৈ পৰিছে৷ পোনপটীয়া অভিযোগ উঠিছে, সৌৰভ গাংগুলীয়ে বিজেপিত যোগদান কৰি পশ্চিমবংগত দলৰ গুৰি নধৰাৰ বাবেই তেওঁক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত ক্ৰিকেট ব’ৰ্ডৰ পৰা বাহিৰ কৰা হ’ল৷ অথচ লোধা কমিটীৰ পৰামৰ্শ বাতিল কৰি উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি আৰু এটা কাৰ্যকালৰ বাবে সৌৰভ গাংগুলী ব’ৰ্ডৰ সভাপতি নিৰ্বাচিত হ’ব পাৰিলেহেঁতেন৷ সৌৰভ গাংগুলীয়েও পুনৰ সভাপতি হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ কিন্তু মঙলবাৰে নিশাই আৰব সাগৰৰ তীৰত সৌৰভ গাংগুলীৰ বিদায় নিশ্চিত হৈ পৰিছিল বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অদৃশ্য কিন্তু অমোঘ নিৰ্দেশত৷ সৌৰভ গাংগুলীৰ স্থানত আগমন ঘটিল ক্ৰিকেট প্ৰশাসক হিচাপে নিৰীহ ৰ’জাৰ বিন্নীৰ৷ ১৯৮৩ৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য ৰ’জাৰ বিন্নীয়ে সম্ভবতঃ এতিয়াৰ ভাৰতীয় একাদশটোৰ প্ৰতিগৰাকী ক্ৰিকেটাৰৰ বিষয়ে নাজানেই৷ একমাত্ৰ নিৰীহ হিচাপেই তেওঁৰ আগমন ঘটিল যাতে সচিব জয় শ্বাহৰ কাম-কাজত হস্তক্ষেপ কৰিব নোৱাৰে৷ জয় শ্বাহ কিয় দ্বিতীয়বাৰ সচিব পদত থাকিল সেই প্ৰশ্ন নিৰৰ্থক৷ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰই আৰু এটা কাৰ্যকাল সচিব হৈ থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছে– সেয়াই যথেষ্ট৷ জয় শ্বাহৰ বিৰুদ্ধে সচিব পদত মনোনয়ন দাখিল কৰাৰ সাধ্য কাৰ? কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ভাতৃ অৰুণ ধুমালে কোষাধ্যক্ষৰ পদ এৰি আই পি এলৰ অধ্যক্ষ হোৱাৰ ইচ্ছা কৰিলে আৰু তেওঁৰো ইচ্ছা পূৰণ কৰিলে বিজেপিয়ে৷ তেওঁৰ স্থানত আহিল আশিস ছেলাৰ, যি বিজেপিৰ শক্তিশালী বিধায়ক৷ যুটীয়া সম্পাদকৰ পদত অসম ক্ৰিকেট সংস্থাৰ দেবজিৎ শইকীয়া আহিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত৷ দেবজিৎ শইকীয়াৰ পদ নিশ্চিত কৰিবলৈ মুম্বাইত উপস্থিত আছিল হিমন্ত বিশ্ব শৰ্মা৷ অন্ততঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তেনে দাবীয়েই কৰিছে৷ বৰ্ডৰ মুঠ পাঁচটা পদৰ নিৰ্বাচনত একমাত্ৰ অ-বিজেপি সদস্য হৈছে ৰাজীৱ শুক্লা৷ কংগ্ৰেছৰ আগশাৰীৰ নেতা ৰাজীৱ শুক্লাৰ অন্তৰ্ভুক্তিৰে বৰ্ডত সামান্য নিৰপেক্ষতা ৰখাৰ ক্ষীন চেষ্টা চলোৱা হৈছে, আন একো নহয়৷

অহা ১৮ অক্টোবৰত বৰ্ডৰ বিষয়ববীয়াৰ নিৰ্বাচনৰ দিন৷ কিন্তু এটা পদৰো নিৰ্বাচন নহয় সেইদিনা৷ কিয়নো এই পাঁচটা পদত এজনকৈ প্ৰাৰ্থীয়েহে মনোনয়ন দাখিল কৰিছে আৰু তেওঁলোক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব৷ মনোনয়ন পত্ৰ দাখিল কেৱল এখন নাটকহে৷ কিয়নো বিজেপি চৰকাৰৰ আশীৰ্বাদ আৰু নিৰ্দেশত গঠিত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, য’ৰ পৰা বিজেপিৰ নিৰ্দেশ নমনাৰ বাবে বাহিৰ কৰা হ’ল সৌৰভ গাংগুলীক৷ তেওঁক মঙলবাৰে নিশা হোৱা বুজাবুজিৰ বৈঠকত আই পি এলৰ অধ্যক্ষ হোৱাৰ প্ৰস্তাৱ দিয়া হ’লেও সৌৰভে সেই প্ৰস্তাব বিনয়েৰে প্ৰত্যাখান কৰে৷ 

পশ্চিম বংগৰ ২০১৯ চনৰ বিধানসভাৰ নিৰ্বাচনত সৌৰভ গাংগুলীক বিজেপিত যোগদান কৰোৱাই মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজ দিবলৈ গেৰুৱা দলটোৱে পূৰ্ণ প্ৰচেষ্টা চলাইছিল৷ ২০১৯ৰ আৰম্ভণিতে সৌৰভো বিজেপিত যোগদানৰ বাবে উদ্যত হৈছিল৷ কিন্তু তেওঁ হঠাৎ হৃদৰোগত আক্ৰান্ত হ’ল আৰু এপষেকৰ ভিতৰত দুবাৰকৈ চিকিৎসাধীন হৈ এঞ্জিঅ’প্লাষ্টিৰ জৰিয়তে ধমনীত দুটা ‘ষ্টেন্স’ স্থাপন কৰিবলগীয়া হ’ল৷ ফলত বিজেপিৰ পৰিকল্পনা তল পৰিল৷ শেহতীয়াকৈ পুনৰ সৌৰভ গাংগুলীক বিজেপিৰ শীৰ্ষ নেতৃত্বই দললৈ যোগদানৰ বাবে হেঁচা প্ৰয়োগ কৰি আছিল৷ কিন্তু সৌৰভ গাংগুলীয়ে ইতিবাচক সঁহাৰি নজনালে আৰু তাৰ ফলতে তেওঁক বাহিৰ কৰা হ’ল ব’ৰ্ডৰ পৰা৷