Logo
image

কংগ্ৰেছ সভাপতি বৰাৰ ঘৰত চলিব বুলড’জাৰ!

বিজেপিৰ প্ৰাসাদ বিতৰ্কৰ মাজতে পৌৰ নিগমৰ জাননী

আমাৰ অসম, ১৩ অক্টোবৰঃ প্ৰাসাদ বিতৰ্কক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ বিজেপিয়ে গুৱাহাটীৰ তিনি ঠাইত প্ৰাসাদোপম ঘৰ নিৰ্মাণ কৰাৰ পাছতে শাসক-বিৰোধী ব্যস্ত হৈ পৰিছে ভবন ৰাজনীতিক লৈ৷ বিজেপিয়ে গুৱাহাটীৰ বশিষ্ঠত জলসম্পদ বিভাগৰ ভূমি দখল কৰি নিৰ্মাণ কৰা ছয়মহলীয়া অট্টালিকা কংগ্ৰেছ শাসকলৈ আহিলে ভাঙি পেলাম বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে গৃহ নিৰ্মাণত নিয়ম উলংঘা কৰাৰ অভিযোগত জাননী জাৰি কৰে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হয় যে গুৱাহাটীৰ ঘোৰামাৰা চাৰিআলি নিবিড় পথত তেওঁ ঘৰ নিৰ্মাণ কৰা সময়ত নিয়ম উলংঘা কৰিছে৷ ঘোৰামাৰাৰ ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্টৰ অভিযোগৰ ভিত্তিত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক তিনি দিনৰ ভিতৰত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপত্তিহীনতাৰ প্ৰমাণ-পত্ৰ আৰু অনুমোদিত প্লেন দাখিল কৰিবলৈ কোৱা হৈছে৷ এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়– ভূপেন বৰাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট ‘ডেভিয়েছন’ আছে বুলি অভিযোগ দিছে ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্টই৷ তদুপৰি তেখেতৰ এটা ৰূমো কৰ্তৃত্বহীনভাৱে বনাইছে৷ সেই অঞ্চলৰ স্থানীয় বাসিন্দাই তেওঁ চৰকাৰী ভূমি লোৱা বুলিও কৈছে৷ এই সন্দৰ্ভত যিহেতু আমি অভিযোগ পাইছো সেইবাবে তেখেতৰ গোটেই বিল্ডিং নিৰ্মাণৰ কাগজ-পত্ৰ বিচাৰি জাননী জাৰি কৰিছোঁ৷ সেই জাননীৰ ভিত্তিত কাগজ-পত্ৰ জমা দিলে তেওঁ কেনেধৰণে গৃহনিৰ্মাণৰ কাম কৰিছে সেইখিনি চোৱাচিতা কৰি পৰৱৰ্তী ব্যৱস্থা ল’ম৷ যিখিনি অনুমতি সাপেক্ষে নিৰ্মাণ কৰা হৈছে সেইখিনি ঠিকে থাকিব আৰু যিখিনি নিয়ম বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছে গুৱাহাটী পৌৰ নিগম আইন অনুসৰি সেইখিনিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ যদি কাগজ-পত্ৰ সঠিকভাৱে নাপাও তেনেহ’লে তেওঁৰ বিৰুদ্ধে ৩৭ [i] আৰু ৩৭ [ii] পত্ৰ প্ৰেৰণ কৰিম৷ তেওঁ তেতিয়া ৩৭ [i] আৰু ৩৭ [ii]ৰ বিপৰীতে উত্তৰ দিব লাগিব৷ উত্তৰত আমি যদি সন্তুষ্ট হ’ব নোৱাৰো তেতিয়া তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব৷ এই কথাত স্পষ্ট হৈ পৰিছে যে যদি ভূপেন বৰাই নীতি বৰ্হিভূতভাৱে গৃহ নিৰ্মাণ কৰিছে তেতিয়া হ’লে ভূপেন বৰাৰ ঘৰত চলিব বুলড’জাৰ৷ গুৱাহাটী পৌৰ নিগমৰ পৰা জাননী লাভ কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়– মোৰ নামত গুৱাহাটী পৌৰ নিগমৰ এখন জাননী আহিছে৷ কিন্তু তেওঁলোকে জাননীখন প্ৰেৰণ কৰাৰ পূৰ্বে চোৱা উচিত আছিল ভূপেন বৰাৰ নামত গুৱাহাটীত ক’ৰবাত মাটি আছে নে নাই৷ মোক কোৱা হৈছে যে আপোনাৰ ঘৰটোৰ ডকুমেণ্ট লাগে৷ মোৰ পৰা যদি বিহপুৰীয়া সমষ্টিত থকা ঘৰটোৰ তথ্য বিচাৰে তেতিয়া তথ্য দিব লাগিব৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুধিছোঁ– আপোনাৰ পত্নীৰ নামত যিবিলাক সম্পত্তি আছে সেই সম্পত্তিবিলাকৰ সম্পৰ্কত যদি জি এম চিয়ে জাননী দিয়ে জাননীখন আপোনাৰ নামত দিব লাগিব নে আপোনাৰ পত্নীৰ নামত পঠিয়াব লাগিব? এই প্ৰশ্ন মই মোৰ অধিবক্তাকো সুধিছো যে মোৰ পত্নীৰ নামত থকা সম্পত্তিৰ ক্ষেত্ৰত উত্তৰ মই দিব লাগিব নে মোৰ পত্নীয়ে দিব লাগিব? মই উত্তৰ দিবলৈ বাধ্য হয় নে নহয়? যদি মোৰ অধিবক্তাই মোক মোৰ নামত সম্পত্তি নাথাকিলেও উত্তৰ দিবলৈ কয়, উত্তৰ দিম৷ কিন্তু মই মুখ্যমন্ত্ৰীক শুধিব খুজিছোঁ– প্ৰতিশোধৰ অগনিত আপুনি ইমান জ্বলিছে, প্ৰতিশোধ ল’বলৈ ইমান ত’ত নাইকীয়া হৈছে যে গুৱাহাটীত মোৰ ঘৰ আছেনে নাই সেয়া অনুসন্ধান নকৰাকৈ মোলৈ জাননী প্ৰেৰণ কৰিলে৷ গুৱাহাটী মেডিকেল কলেজৰ এগৰাকী অধ্যাপিকাই গুৱাহাটীত ঘৰ এটা বনাবলৈ সামৰ্থ আছে নে নাই? সেই পৰ্যায়ৰ অন্যান্য অধ্যাপক-অধ্যাপিকাৰ কথাবিলাক চালেই হ’ল৷ যদি মোৰ পত্নীৰ ঘৰত এক ইঞ্চিও চৰকাৰী ভূমি সোমাই আছে চৰকাৰক মই ঘূৰাই দিম৷ মই যিটো ঘৰত থাকো সেইটো ২০-২২ বছৰ আগতে কিনা৷ এতিয়া অভিযোগ আহিছে৷ কিন্তু মোৰ নামত অভিযোগ অহাত আচৰিত হৈছোঁ৷ যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ হিচাপ ওলায় তেতিয়া মুখ্যমন্ত্ৰীয়ে কয় – মোৰ সেইটো নহয়৷ নিউজ লাইভো তেওঁৰ নহয়, পত্নীৰ বুলিহে কয়৷ চৰকাৰখন মাতাল হৈছে সেয়ে এনে আচৰণ কৰিছে৷ নটিছ অহাৰ পাছত মোৰ জীৱনলৈ ভাবুকি আহিছে৷ বহুতে কৈছে হয়তো মোক এনকাউণ্টাৰ কৰিব পাৰে৷ যুদ্ধ যদি হৈছে ভালদৰে হ’ব৷ আমাৰো ৩৩ লাখ সদস্য আছে৷ তাৰে ৩৩ হাজাৰে অন্ততঃ বিজেপি মন্ত্ৰী বিধায়কৰ সম্পত্তিৰ ওপৰত আৰ টি আই মাৰিব৷ কেনেদৰে ১৮ বছৰীয়া যুৱক এজন এৰাতিৰ ভিতৰত ১৭টা কোম্পানীৰ মালিক হয় তাৰো হিচাপ ল’ম৷ উল্লেখ্য, সুদীৰ্ঘ ১৫ বছৰ অসমত একেলেঠাৰিয়ে কংগ্ৰেছ দলে শাসন চলালে৷ কিন্তু ইয়াৰ পিছতো সকলো সা-সুবিধাযুক্ত অত্যাধুনিক দলীয় কাৰ্যালয় এটা নিৰ্মাণ নহ’ল এইকাল চোৱাত৷ অথচ মাত্ৰ ৬ বছৰীয়া কাৰ্যকালতে বিজেপি দলে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নিৰ্মাণ কৰিলে তিনিটাটোকৈ প্ৰাসাদোপম দলীয় কাৰ্যালয়৷ অৱশ্যে ইয়াৰ বশিষ্ঠ চাৰিআলিৰ অটল বিহাৰী বাজপেয়ী ভৱন আৰু উজানবজাৰৰ পদ্ম ভৱন বিজেপিৰ নিজস্ব দলীয় কাৰ্যালয় হোৱাৰ বিপৰীতে বৰবাৰীত নিৰ্মিত সুৰ্দশনালয় আৰ এছ এছৰ কাৰ্যালয়ত হিচাপে ব্যৱহূত হৈছে৷ বিজেপি দলৰ পঞ্চ তাৰকা হোটেল সদৃশ দুয়োটা কাৰ্যালয় গৃহ নিৰ্মাণ প্ৰত্যক্ষ কৰি এইবাৰ কংগ্ৰেছ দলেও গুৱাহাটীৰ মাজ মজিয়াত দুটাকৈ সুবিশাল কাৰ্যালয় গৃহ নিৰ্মাণৰ তৎপৰতা আৰম্ভ কৰিছে৷ কংগ্ৰেছ দলে এবিচিত থকা ৰাজীৱ ভৱন আৰু দিছপুৰত থকা মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত এইবাৰ নিৰ্মাণ কৰিব বাণিজ্যিক প্ৰতিষ্ঠান৷ এই কাৰ্যক আগবঢ়াই দিয়াৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটিও গঠন কৰা হৈছে৷ ১৮ ছেপ্টেম্বৰত এই বিষয়ে এখন বৈঠকতো অনুষ্ঠিত হয় দেৱব্ৰত শইকীয়াৰ অধ্যক্ষতাত  বৈঠকত উপস্থিত আছিল কমিটীৰ আহ্বায়ক তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ,  দুই সদস্য বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈ৷ দিছপুৰৰ বিধায়ক আৱাসত অনুষ্ঠিত বৈঠকত অৱশ্যে কমিটীৰ অন্য এজন সদস্য বিধায়ক বসন্ত দাস অনুপস্থিত আছিল৷ এই মাৰাথান বৈঠকত ৰাজীৱ ভৱন চৌহদ আৰু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সক বাণিজ্যিক কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ বাবে বিল্ডাৰক দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ দুয়োটা চৌহদত বাণিজ্যিক কেন্দ্ৰ নিৰ্মাণৰ বিপৰীতে দলীয় কাৰ্যালয়ৰ বাবেও ঠাই ৰখাৰ সিদ্ধান্ত  লোৱা হয়৷ উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিপূৰ্বে প্ৰকাশ কৰা অনুসৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে  বাণিজ্যিক কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব৷ তাতে দলীয় কাৰ্যালয় থাকিব৷ ইয়াৰ সমান্তৰালভাৱে ৰাজীৱ ভৱনটো নিৰ্মাণ হ’ব বাণিজ্যিক কেন্দ্ৰ৷ কেৱল গুৱাহাটীতে নহয়, প্ৰতিখন জিলাত থকা ৰাজীৱ ভৱনত নিৰ্মাণ হ’ব বাণিজ্যিক কেন্দ্ৰ৷ ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ 

প্ৰথমে কংগ্ৰেছ ভৱনবোৰ ভাঙক! ভূপেনক প্ৰত্যাহ্বান

গুৱাহাটীত নৱনিৰ্মিত ৰাজ্যিক বিজেপি কাৰ্যালয় ভাঙি পেলাব লাগে বুলি কোৱা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক তীব্ৰ প্ৰত্যাহ্বান জনাই গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত আজি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এক সংবাদ মেল অনুষ্ঠিত কৰি চৰকাৰী মাটি, কাৰ্যালয় দখলেৰে ৰাজ্যজুৰি নিৰ্মাণ কৰা কংগ্ৰেছ ভৱনসমূহ ভূপেন বৰাক প্ৰথমে ভাঙিবলৈ আহ্বান জনায়৷ তেওঁ কয়, প্ৰদেশ কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা ভৱন এখন বিদ্যালয়ৰ খেলপথাৰৰ ভূমি দখল কৰি নিৰ্মাণ কৰা৷ বিদ্যালয় কতৃৰ্পক্ষই কংগ্ৰেছৰ বিৰুদ্ধে এই সন্দৰ্ভত গোচৰো তৰিছিল৷ ইপিনে গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয় চৰকাৰী ধন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা বুলি মন্তব্য কৰি গোস্বামীয়ে কয় যে মুক্তিযুঁজাৰু ভৱন বেদখল কৰি গোলাঘাট জিলা কংগ্ৰেছে কাৰ্যালয় পাতি মাৰ্কেট বনালে৷ অস্তিত্ব নাইকিয়া কৰিলে মুক্তিযুঁজাৰু ভৱনৰ৷ আনকি মুক্তিযুঁজাৰু ভৱনৰ নেমপ্লেটো আঁতৰাই দিলে গোলাঘাট কংগ্ৰেছে৷ অন্যহাতে, দেৰগাঁৱৰ কংগ্ৰেছ ভৱনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিৰ ওপৰত নিৰ্মিত৷ বোকাখাতত চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ কৰা হৈছিল কংগ্ৰেছ কাৰ্যালয়৷ এই সমগ্ৰ বিষয়ত সৰৱ হৈ বিজেপি মুখপাত্ৰ জয়ন্ত গোস্বামীয়ে কংগ্ৰেছৰ ৰাজ্যিক আৰু গোলাঘাটৰ নেতৃত্বক তুলা-ধূনা দিয়ে৷ এই সকলো কাৰ্যালয় ভাঙি দেখুওৱাবলৈ তেওঁ প্ৰত্যাহ্বান জনালে ভূপেন বৰাক৷