Logo
image

গুৱাহাটীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

আমাৰ অসম, ১৩ অক্টোবৰঃ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে দ্ৰৌপদী মুৰ্মু৷ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ বিশেষ বিমানযোগে ত্ৰিপুৰাৰ পৰা দুপৰীয়া গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মুৱে বিমান বন্দৰৰ পৰা পোনে পোনে আই আই টি গুৱাহাটীলৈ যায়৷ আই আই টি গুৱাহাটীৰ চৌহদত ৰাষ্ট্ৰপতিগৰাকীয়ে ছুপাৰ কম্পিউটাৰ সুবিধা থকা ‘পৰম কামৰূপা’ উদ্বোধন কৰে৷ লগতে এটা অত্যাধুনিক গৱেষণাগাৰো মুকলি কৰে৷ ইয়াৰ উপৰি তেওঁ ভাৰ্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটাব৷ আনহাতে ১৪ অক্টোবৰৰ পুৱা মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে তিনি হাজাৰ মডেল অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে মিছন সৌভাগ্য শুভ উদ্বোধন কৰিব৷ আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে চাহ বাগিচা এলেকাত স্থাপন কৰিবলগীয়া এশখন মডেল মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ বদৰপুৰ পথো মুকলি কৰিব৷ ইয়াৰ উপৰি ডিব্ৰুগড়-লিডু ৰোড [পেকেজ এক আৰু দুই]ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰৰ মইনাৰ বণ্ডত পেট্ৰ’ল ষ্ট্ৰ’ৰেজ ভাণ্ডাৰ মুকলি, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেদিনী পথাৰলৈকে চলিবলগীয়া এখন ৰে’লৰ শুভাৰম্ভণি কৰিব৷ আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ আগিয়াঠুৰিত স্থাপন কৰিবলগীয়া ৰে’লৰ এটা কাৰ্গো তথা ক’চিং টাৰ্মিনেলৰো আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পাছতেই দুপৰীয়া বিশেষ বিমানযোগে দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতি মুৰ্মু৷ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ বৃহস্পতি আৰু শুকুৰবাৰে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীয়ে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১০.৩০ বজালৈ গুৱাহাটীৰ কাষেৰে যোৱা ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকীয়া বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে৷ আনহাতে শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা নিশা ১২.৩০ বজালৈ গুৱাহাটীৰ ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, তৈয়বুল্লা ৰোড, জি এন বি ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী ৰোডত সকলো ধৰণৰ লঘু, মধ্যম আৰু গধুৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে৷