Logo
image

৮০ বছৰীয়া খৰ্গে গান্ধী পৰিয়ালৰ প্ৰাৰ্থী, আশা ক্ষীণ জনপ্ৰিয় শশীৰ

আমাৰ অসম, ১৩ অক্টোবৰঃ কংগ্ৰেছত প্ৰবীন নেতাক শীৰ্ষ পদবীত ৰখা নহ’ব বুলি সিদ্ধান্ত লৈ বিগত ৮-১০ বছৰত আনকি ৰাজ্য সভাপতি তথা জিলা সভাপতিও ৫৫-৬০ বছৰৰ ভিতৰত নিৰ্বাচন কৰাৰ প্ৰথা আৰম্ভ হৈছিল৷ দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আৰু কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দ্বী বিজেপিয়ে একে সময়তে বৰ্ষীয়ান নেতাক মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালৰ আধাতে আঁতৰাই দৃষ্টান্ত দাঙি ধৰিছে৷ কিন্তু তেনে সময়তে কংগ্ৰেছ দলে দেশৰ শীৰ্ষ পদবীত অধিষ্ঠিত কৰিবলৈ আগবাঢ়িছে ৮০ বছৰীয়া মল্লিকাৰ্জুন খৰ্গেক৷ কৰ্ণাটকৰ এই অশীতিপৰ কংগ্ৰেছ নেতাৰ দেশৰ ৰাজনীতিত তেনে কোনো উল্লেখযোগ্য অৰিহণা নাই৷ ১৯৪২ চনৰ ২১ জুলাইত জন্ম হোৱা খৰ্গেই ইতিমধ্যে ৮০ অতিক্ৰম কৰিছে৷ তথাপি তেওঁতকৈ আপেক্ষিকভাৱে তৰুণ শশী থাৰুৰৰ প্ৰতিদ্বন্দ্বী হিচাপে মল্লিকাৰ্জুন খৰ্গেই কংগ্ৰেছ সভাপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পথ নিষ্কণ্টক৷ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ বাবে খৰ্গেৰ মূল যোগ্যতা হৈছে তেওঁ গান্ধী পৰিয়ালৰ প্ৰকৃত আস্থাভাজন৷ গান্ধী পৰিয়ালৰ প্ৰতি প্ৰবীণ এই নেতাজন নিষ্ঠাবান, অন্যাৰ্থত একপ্ৰকাৰ স্তাবক৷ সেই গুণেৰেই তেওঁ শতাব্দীপ্ৰাচীন কংগ্ৰেছ দলটোৰ শীৰ্ষপদবী দখলৰ দিশে আগবাঢ়িছে৷ সজোৰে প্ৰচাৰ হৈছে– খৰ্গেৰ শিৰৰ ওপৰত আছে ছোনিয়া গান্ধীৰ আশীৰ্বাদৰ হাত৷ তাকে সমল কৰিয়েই তেওঁ আগবাঢ়িছে৷ এই প্ৰচাৰ জোৰদাৰ হোৱাত ভাৱমূৰ্তি পৰিস্কাৰ কৰিবলৈ খৰ্গেই নিজকে ছোনিয়া গান্ধীৰ সমৰ্থিত প্ৰাৰ্থী নহয় বুলি মন্তব্য কৰিছে৷ তেওঁৰ মতে যি প্ৰচাৰ হৈছে সেয়া উৰাবাতৰি৷ দলীয় এই নিৰ্বাচনত গান্ধী পৰিয়াল নিৰপেক্ষ হৈ থাকিব বুলি ইতিপূৰ্বে তেওঁলোকে বিবৃতি দিয়াৰ কথাও উল্লেখ কৰিছে খৰ্গেই৷ মঙলবাৰে গুৱাহাটীত তেওঁ এই প্ৰচাৰৰ বিৰোধিতা কৰি কৈছিল– ‘এটা গুজব ওলাইছে যে, ছোনিয়া গান্ধীয়ে মোৰ নাম সভাপতি হিচাপে প্ৰস্তাৱ কৰিছে৷ মই কেতিয়াও তেনে দাবী কৰা নাই৷ আনকি ছোনিয়া গান্ধীয়েও স্পষ্টভাৱে জনাই দিছে, তেওঁলোকৰ পৰিয়াল এই নিৰ্বাচনত নিৰপেক্ষ হৈ থাকিব৷ কোনো প্ৰাৰ্থীক সমৰ্থন নকৰে৷ এয়া দলৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে চলোৱা অপপ্ৰচাৰ৷’ ইয়াৰ বিপৰীতে ৰাজ্যিক কংগ্ৰেছৰ এটা সূত্ৰৰ দাবী, কিছুদিন পূৰ্বে স্বয়ং খৰ্গেই কৈছিল যে, তেওঁ গান্ধী পৰিয়ালৰ সমৰ্থিত প্ৰাৰ্থী৷ স্বয়ং ছোনিয়া গান্ধীৰ ইচ্ছাতেই তেওঁ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ খৰ্গেই সভাপতিৰ প্ৰাৰ্থী হিচাপে ছোনিয়া গান্ধীক ২-৩জনৰ নাম কৈছিল যদিও ছোনিয়া গান্ধীয়ে তেওঁকেই প্ৰাৰ্থী হ’বলৈ নিৰ্দেশ দিয়া বুলি খৰ্গেই অসমৰ কংগ্ৰেছৰ নেতাক জনোৱা বুলি দলীয় সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ 

ইপিনে, মল্লিকাৰ্জুন খৰ্গেক পিতামহ ভীষ্ম বুলি মন্তব্য কৰি শশী থাৰুৰে খৰ্গেৰ বয়স আৰু দলত নিষ্ক্ৰিয়তাৰ কথা মুকলি কৰি দিছে৷ থাৰুৰৰ মতে খৰ্গে হ’ল স্থিতাৱস্থাৰ প্ৰতীক আৰু তেওঁ পৰিবৰ্তনৰ৷