Logo
image

তেজস্বিতাৰ বাবে কোনো নাই

তদন্তৰ সাক্ষ্যগ্ৰহণৰ শেষদিনাও এজনো আগবাঢ়ি নাহিল

আমাৰ অসম, ১৩ অক্টোবৰঃ অসমীয়া মানুহৰ আৱেগৰ ঘঁৰিয়ালৰ চকুপানীৰ দৰেই চক্ৰান্তমূলক নেকি? ৰাতি সাতহাল বোৱা অসমীয়া মানুহে দিনত এহালো নাবায় নেকি? কেৱল আৱেগ আৰু আৱেগৰ ওপৰত ভিত্তি কৰিয়েই অসমীয়া মানুহে কামবোৰ কৰে নেকি? কিবা অঘটন ঘটিলে তাৎক্ষণিকভাৱে তাৰ প্ৰতিবাদ কৰাৰ লগে লগেই দায়িত্ব শেষ হৈ যোৱা বুলি ভাবে নেকি অসমীয়া মানুহে?– এনে বহু প্ৰশ্নৰ পুনৰ উদ্ৰেক ঘটিছে এটা বিশেষ পৰিস্থিতিত৷ মাজুলীৰ ১৪ বছৰীয়া শিল্পী তেজস্বিতা বৰুৱাৰ অকাল বিয়োগ আৰু পৰৱৰ্তী পৰিস্থিতিয়ে আকৌ প্ৰমাণ কৰিছে যে অসমীয়া মানুহে ‘ৰিস্ক’ ল’বলৈ টান পায়৷ ঢকুৱাখনাৰ কলেজীয়া ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত আৰু যোৰহাটৰ আছু নেতাগৰাকীৰ ক্ষেত্ৰত এই কথা ইতিমধ্যে প্ৰমাণ হৈছে৷ এইবাৰ প্ৰমাণ হ’ল মাজুলীৰ তেজস্বিতা বৰুৱাৰ ক্ষেত্ৰত৷ চিকিৎসাৰ গাফিলতিৰ বাবেই তেজস্বিতাৰ মৃত্যু হোৱা বুলি মাজুলীৰ বহুসংখ্যক লোকে অভিযোগ কৰিছিল– লগতে বহু দল-সংগঠনে৷ তেজস্বিতাৰ মৃত্যুৰ পাছত ক্ষোভ-উষ্মা আৰু প্ৰতিবাদেৰে ভাৰাক্ৰান্ত হৈ পৰিছিল সামাজিক মাধ্যম৷ সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰিছিল– এয়া স্বাভাৱিক৷ কিন্তু কেৱল সামাজিক মাধ্যমত ডাঙৰ ডাঙৰ কথা কৈয়েই বা সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিয়েই বহুজনে দায়িত্ব সামৰিব খোজে৷ সেইবাবেই তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰি দিয়া আয়োগৰ সন্মুখত সাক্ষ্য দিবলৈ আগবাঢ়ি নাহিল মাজুলীৰ এজনো লোক৷ উল্লেখ্য, মাজুলীৰ গড়মূৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত বিগত ৫ অক্টোবৰত সংঘটিত হোৱা তেজস্বিতা বৰুৱাৰ মৃত্যুৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দায়িত্ব অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনক অৰ্পণ কৰা হৈছিল৷ তেজস্বিতা বৰুৱাৰ মৃত্যু সংক্ৰান্তীয় ঘটনাৰ ধাৰণা থকা প্ৰত্যক্ষদৰ্শী, আগ্ৰহী ব্যক্তি, জিলাবাসী তথা দল-সংগঠন আদিক এক ৰাজহুৱা জাননীৰ জৰিয়তে বিষয়াজনে ১২অক্টোবৰৰ ভিতৰত কাৰ্যালয় খোলা থকা অৱস্থাত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জিলা দণ্ডাধীশ, মাজুলীৰ কাৰ্যালয়ত অৱস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনৰ কক্ষত নিজৰ ভাষ্য আগবঢ়াবলৈ অথবা লিপিবদ্ধ কৰাবলৈ আহ্বান জনাইছিল৷ পিছে আজিৰ তাৰিখলৈকে কোনো লোকে নিজৰ ভাষ্য আগবঢ়াবলৈ অথবা লিপিবদ্ধ কৰাবলৈ আগবাঢ়ি নহাত ১৯ অক্টোবৰলৈ তদন্তৰ ৰাজহুৱা শুনানিৰ সময়সীমা বৃদ্ধি ঘোষণা কৰিছে৷ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তকাৰী বিষয়া অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনে জানিবলৈ দিয়া মতে, ১২ অক্টোবৰপৰ্যন্ত তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ সংক্ৰান্তত কোনো প্ৰত্যক্ষদৰ্শী, আগ্ৰহী ব্যক্তি, জিলাবাসী, অথবা দল-সংগঠনে নিজৰ ভাষ্য লিপিবদ্ধ কৰিবলৈ উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ১৯ অক্টোবৰলৈ এই শুনানিৰ দিন বৃদ্ধি কৰা হৈছে৷ উক্ত সময়ছোৱাত কাৰ্যালয় খোলা থকা অৱস্থাত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জিলা দণ্ডাধীশ, মাজুলীৰ কাৰ্যালয়ত অৱস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনৰ কক্ষত নিজৰ ভাষ্য আগবঢ়াব অথবা লিপিবদ্ধ কৰিব পাৰিব৷ উল্লেখ্য, অভিযোগ অনুসৰি উন্নত চিকিৎসাৰ অভাৱৰ বাবেই অকাল মৃত্যুক সাবটিব লগা হ’ল মাজুলী-কমলাবাৰী দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশুশিল্পী তেজস্বিতা বৰুৱাই৷ ৫ অক্টোবৰত গাঁৱৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰিছিল গাঁওবাসীয়ে৷ জন্মোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ প্ৰস্তুত হোৱা তেজস্বিতা হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰে৷ ততাতৈয়াকৈ গাঁৱৰ যুৱক আৰু পৰিয়ালৰ লোকে গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ জিলা চিকিৎসালয়লত ভৰ্তি কৰাইছিল৷ সেই সময়ত চিকিৎসালয়ৰ দায়িত্বত আছিল চকু বিশেষজ্ঞ নিলাক্ষী ঠাকুৰীয়া৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ মাজতে অকণমান সময়ৰ বাবে অকণমান সুস্থ হোৱা যেন হৈছিল যদিও পিছ মুহূতৰ্তে সংজ্ঞাহীন হৈ পৰা তেজস্বিতাৰ সংজ্ঞা আৰু ঘূৰি নাহিল৷ তেজস্বিতাৰ অকাল মৃত্যুত উচুপি উঠিল মাজুলীবাসী৷ হাজাৰজনৰ প্ৰশ্ন উঠিল চৰকাৰৰ দায়িত্ব আৰু প্ৰতিশ্ৰুতিৰ ওপৰত, প্ৰশ্ন উঠিল মাজুলীৰ পয়ালগা স্বাস্থ্যখণ্ডৰ ওপৰত৷ ৰাইজৰ আৱেগ ৰাজপথৰ আন্দোলনলৈ ৰূপান্তৰিত হ’ল৷ মাজুলীৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লগতে মাজুলীত এখন পূৰ্ণ পৰ্যায়ৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী উত্থপিত হ’ল৷ তীক্ষ্ণ মেধাসম্পন্ন, মাজুলী আইলেণ্ড একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজস্বিতাৰ মৃত্যুৰ খবৰে বাকৰুদ্ধ কৰি তোলা মাজুলীবাসীয়ে তেজস্বিতাৰ অকাল মৃত্যুৰ উচিত তদন্তৰ দাবী তোলে৷ মাজুলীৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ সামূহিক দাবীক আগুৱাই নিবলৈ অথবা তেজস্বিতাৰ বৰুৱাৰ দৰে বহুজনে অকালতে মৃত্যুক সাবটি লোৱাৰ দৰে ঘটনাৰ উচিত তদন্ত, তথ্য লাভৰ প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ কোনো প্ৰত্যক্ষদৰ্শী, আগ্ৰহী ব্যক্তি, জিলাবাসী অথবা দল-সংগঠনে নিজৰ ভাষ্য লিপিবদ্ধ কৰিবলৈ উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ১৯ অক্টোবৰলৈ শুনানিৰ দিন বৃদ্ধি কৰিব লগা হ’ল৷ জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনে জনায়, ‘চিকিৎসালয়খনত সেই সময়ত যিসকল চিকিৎসক আৰু চিকিৎসাকৰ্মী নিয়োজিত হৈ আছিল তেওঁলোকৰ সাক্ষ্য আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ৷ সেই সময়ত ভাৰপ্ৰাপ্ত অধীক্ষক মাণিক মিলিৰো আমি স্বাক্ষৰ গ্ৰহণ কৰিছোঁ৷ লগতে যাৱতীয় নথি-পত্ৰ আমি সংগ্ৰহ কৰিছোঁ৷ ইয়াৰ পাছতে পৰিৱেশ কিছু অনুকূল হ’লে আমি পৰিয়াল আৰু আত্মীয়ৰ কাষ চাপিম যাতে এই তদন্তৰ যোগেদিয়েই প্ৰকৃত তথ্য পোহৰলৈ আহে৷’

গৌৰৱ গগৈৰ এনজিঅ’ৱে দান দিয়া অক্সিজেন চিলিণ্ডাৰ ওভতাই পঠিয়ালে মাজুলী প্ৰশাসনে

যিসময়ত মাজুলী জিলা চিকিৎসালয়ত অক্সিজেনৰ অভাৱত তেজস্বিতা বৰুৱাৰ দৰে উজ্জ্বল প্ৰতিভাক অসমে হেৰুওৱাবলগীয়া হৈছে তেনে সময়তে অসমৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই মাজুলী চিকিৎসা সেৱালৈ সহায়ৰ হাত আগবঢ়াবলৈ আহিও যেন থমকি ৰ’বলগীয়া হৈছে৷ মাজুলীৰ স্বাস্থ্যখণ্ডৰ দুৰৱস্থা আৰু বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ বিধায়ক তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰতিষ্ঠা কৰা ‘ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে আজি মাজুলীৰ স্বাস্থ্যখণ্ডৰ বাবে এটা অক্সিজেন চিলিণ্ডাৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰদান কৰিবলৈ আহিছিল৷ কিন্তু উপায়ুক্তজনে আজি বিশেষ কাৰণবশতঃ ১৫ অক্টোবৰতহে অক্সিজেন চিলিণ্ডাৰটো গ্ৰহণ কৰা হ’ব বুলি আজি ওভতাই পঠোৱাৰ বিষয়ত যোৰহাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি টিংকু গগৈয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে৷ এতিয়া তাৎপযৰ্পূৰ্ণ কথাটো হৈছে মানৱ সেৱাৰ বাবে মানৱীয়তাৰে আগবঢ়োৱা চিকিৎসা সেৱাৰ বাবে অত্যন্ত জৰুৰী অক্সিজেন চিলিণ্ডাৰ গ্ৰহণ কৰাত মাজুলীৰ জিলা উপায়ুক্তৰ অসুবিধা ক’ত তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে৷ চিলিণ্ডাৰটো আজি গ্ৰহণ নকৰি ১৫ তাৰিখৰ পাছতহে গ্ৰহণ কৰাৰ ক্ষেত্ৰতো ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উপায়ন্তৰ হৈ চিলিণ্ডাৰ সংস্থাটোৱে চিলিণ্ডাৰটো জিলা কংগ্ৰেছৰ গড়মূৰস্থিত কাৰ্যালয় ৰাজীৱ ভৱনতে ৰাখি যাবলৈ বাধ্য হৈছে৷